ইংৰাজী
১৯৩০ চনলৈকে পৃথিৱীৰ সৰহ সংখ্যক মানুহেই নাজানিছিল যে ওচেনিয়া মহাদেশৰ অন্তৰ্গত প্ৰশান্ত মহাসাগৰীয় দ্বীপ
নিউ গিনীৰ পূৰ্বাংশত অৱস্থিত পেপুৱা নিউ গিনীৰ উচ্চ মালভূমিত মানুহৰ বসতি আছিল। অৱশেষত সেই বছৰতে
অষ্ট্ৰেলিয়াৰ স্বৰ্ণ সন্ধানকাৰী কিছু লোকে আৱিষ্কাৰ কৰিলে যে সেই অঞ্চলত
প্ৰায় এক নিযুতমান মানুহে বাস কৰে। ১৯৫০ চনত যেতিয়া গৱেষকসকল সেই অঞ্চলৰ
গাওঁবিলাকত গৈ উপস্থিত হ’ল, তেওঁলোকে দেখিলে যে তাত বাস কৰা ‘ফ’ৰ’ নামৰ এক
জনগোষ্ঠীৰ মুঠ ১১,০০০ মান জনসংখ্যাৰ ভিতৰত প্ৰায় ২০০ জনমান লোক বছৰি এক
ৰহস্যজনক ৰোগৰ চিকাৰ হৈ মৃত্যু মুখত পৰে। স্থানীয় ভাষাত তেওঁলোকে এই ৰোগক
‘কুৰু’ বুলিছিল, যাৰ অৰ্থ হ’ল – ‘কঁপনি’।
এই
ৰোগৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ দেহত লক্ষণ দেখা দিয়াৰ পাচত শীঘ্ৰেই মৃত্যু
ঘটে। প্ৰথমতে ৰোগীয়ে খোজ কঢ়াত কষ্ট পায় আৰু নিজৰ ভৰি-হাত ভালকৈ নিয়ন্ত্ৰণ
কৰিব নোৱৰা হয়। ৰোগীয়ে লাহে-লাহে নিজৰ আৱেগ-অনুভূতিৰ ওপৰতো নিয়ন্ত্ৰণ
হেৰুৱাই পেলায় আৰু সেয়েহে তেওঁলোকে এই ৰোগক ‘হাস্যময় মৃত্যু’ (laughing
death) বুলিও অভিহিত কৰিছিল। প্ৰায় এবছৰ মানৰ ভিতৰতে ৰোগীয়ে ঠিয় হ’ব নোৱৰা
হয় আৰু নিজৰ খোৱা-বোৱা আনকি শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গবোৰো সঞ্চালন কৰিব নোৱৰা
অৱস্থা হয়।
স্থানীয়
বহুলোকে বিশ্বাস কৰিছিল যে তেওঁলোকৰ সমাজত প্ৰচলিত থকা এক প্ৰকাৰৰ
‘দেও-পূজা’ (Sorcery)ৰ সময়ত মানুহত গাত দেও লম্ভাৰ ফলতে এই ৰোগৰ সৃষ্টি
হৈছিল। বিশেষকৈ প্ৰাপ্তবয়স্ক মহিলা আৰু ৮ বছৰৰ তলৰ শিশুসকল এই ৰোগৰ দ্বাৰা
আক্ৰান্ত হৈছিল। এই ৰোগৰ প্ৰভাৱত কেতবোৰ গাৱঁত কম বয়সীয়া ছোৱালী প্ৰায়
নোহোৱাই হৈছিল। তেওঁলোক শংকিত হৈ পৰিছিল যে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব
নোৱাৰিলে অচিৰেই হয়তো তেওঁলোকৰ জনগোষ্ঠীটো পৃথিৱীৰ বুকুৰ পৰা নিশ্চিহ্ন হৈ
যাব।
কিন্তু
এই ৰোগ কিহৰ পৰা উৎপত্তি হৈছিল? বহু বছৰ ধৰি এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি
গৱেষকসকলে হাবাথুৰি খাইছিল। যিহেতু কোনো ধৰণৰ বীজাণুৰ দ্বাৰা এই ৰোগ হোৱা
কথাটো প্ৰমাণিত হোৱা নাছিল, গতিকে তেওঁলোকে ভাবিছিল যে হয়তো ই এক বংশগত বা
জন্মগত ব্যাধি। এই ধাৰণা প্ৰমাণ কৰাৰ উদ্দেশ্যে ১৯৬১ চনত লিণ্ডেনবাউম নামৰ
এগৰাকী মহিলা বিজ্ঞানীয়ে সেই অঞ্চলৰ গাৱেঁ-গাৱেঁ ঘূৰি বাসিন্দাসকলৰ
জন্মসূত্ৰ নিৰ্ণয় কৰাৰ কামত আত্মনিয়োগ কৰিছিল। কিন্তু এই গৱেষণাৰ পৰা তেওঁ
জানিব পাৰিলে যে এই ৰোগ বংশগত নহ’বও পাৰে, কাৰণ তেওঁ দেখা পাইছিল যে
ৰোগবিধে একোটা সামাজিক গোটৰ মহিলা আৰু শিশুক আক্ৰমণ কৰিছিল যদিও আক্ৰান্ত
ব্যক্তিসকলৰ মাজত কোনো বংশগত সম্বন্ধ নাছিল। তেওঁ এইটোও জানিছিল যে ৰোগবিধ
পূৰ্বৱৰ্ত্তী শতিকাৰ শেষৰফালে সেই অঞ্চলৰ উত্তৰ দিশে অৱস্থিত কেতবোৰ গাৱঁত
প্ৰথমে দেখা দিছিল আৰু পৰৱৰ্ত্তী কালত ই ক্ৰমান্বয়ে দক্ষিণাঞ্চললৈ প্ৰসাৰিত
হৈছিল।
তেওঁ
এটা ধাৰণা কৰিলে যে ৰোগটো বোধকৰো জনগোষ্ঠীটোৰ মাজত প্ৰচলিত মৃতকৰ সৎকাৰ
প্ৰক্ৰিয়াৰ সৈতে জড়িত। এই ধাৰণা পাচত সত্য বুলি প্ৰমাণিত হ’ল। প্ৰকৃততে,
জনগোষ্ঠীটোৰ পৰম্পৰা অনুসৰি সৎকাৰৰ সময়ত মৃতকৰ দেহৰ অংশ খাদ্য হিচাবে গ্ৰহণ
কৰা ৰীতিৰ সৈতে এই ৰোগ জড়িত। গাৱঁত যেতিয়া কোনো লোকৰ মৃত্যু হৈছিল, সৎকাৰৰ
সময়ত মৃতদেহৰ মাংস ৰান্ধি তাক ভোজন কৰা হৈছিল। এই পৰম্পৰাটোৰ জৰিয়তে
তেওঁলোকে মৃতকৰ প্ৰতি মৰম আৰু শোক প্ৰকাশ কৰিছিল। তেওঁলোকে বিশ্বাস কৰিছিল
যে “মৃতদেহ মাটিত পুতি থ’লে তাক কেঁচুৱে খায়; এনেয়ে মাটিত পেলাই থ’লে তাক
মাখিয়ে খায়; গতিকে কেঁচু বা পোক-পতঙ্গক খাবলৈ দিয়াতকৈ মৃতকৰ দেহটো তেওঁক
ভাল পোৱা লোকসকলে খাই পেলোৱাই উত্তম।”
পৰম্পৰা
অনুসৰি মহিলাবোৰে মৃতদেহৰ মস্তিষ্কটো বাহিৰ কৰি তাৰ সৈতে ঢেকীয়াৰ পাত
মিহলি কৰি বাঁহৰ চুঙাত সিজাইছিল আৰু পিত্তস্থলীৰ বাহিৰে দেহৰ বাকী সকলো অংশ
জুইত পুৰি খাই পেলাইছিল। বিশেষকৈ প্ৰাপ্তবয়স্ক মহিলাসকলে এই কাম কৰিছিল,
কিয়নো তেওঁলোকে বিশ্বাস কৰিছিল যে মহিলাসকলে মৃতদেহত বাস কৰা অপশক্তি বা
প্ৰেতাত্মাক বশ কৰি নিজৰ দেহত ধাৰণ কৰিব পাৰে। অৱশ্যে মাজে-সময়ে তেওঁলোকৰ
লগত থকা কণ-কণ শিশুসকলকো মহিলাসকলে এই অদ্ভূত ভোজনৰ ভাগ দিছিল।
অৱশেষত,
লিণ্ডেনবাউমৰ দৰে বিজ্ঞানীসকলৰ প্ৰচেষ্টাত জীৱবিজ্ঞানীসকলে এই কথা
প্ৰমাণ কৰিলে যে ‘কুৰু’ নামৰ ৰহস্যময় ব্যাধি মূলতঃ মৃতকৰ মাংস ভোজনৰ ৰীতিৰ
পৰাই সৃষ্টি হোৱা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ
বিজ্ঞানীৰ এটা দলে যেতিয়া ৰোগাক্ৰান্ত ব্যক্তিৰ মস্তিষ্ক চিম্পাঞ্জীৰ দেহত
বেজী দি সুমুৱাই দিলে, তেতিয়া দেখা গ’ল কেইমাহমানৰ পাচত চিম্পাঞ্জীবোৰে
কুৰু ৰোগত আক্ৰান্ত মানুহৰ দৰে লক্ষণ দেখুৱাইছে। এই আৱিষ্কাৰৰ বাবে
বিজ্ঞানীৰ দলটোৱে পাচত ‘নোবেল বঁটা’ও লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকে ৰোগৰ
কাৰক বিধক এবিধ ‘ধীৰ ভাইৰাছ’ (Slow virus) বুলি অভিহিত কৰে।
কিন্তু
প্ৰকৃততে ই কোনো ভাইৰাছ অথবা বেক্টেৰিয়া, ভেঁকুৰ বা পৰীজীৱি নহয়। বৰঞ্চ ই
সম্পূৰ্ণ নতুন এক ৰোগ সৃষ্টিকাৰী জীৱাণু, য’ত কোনো আনুবংশিক বা জেনেটিক
উপাদান নাই, যি উচ্চ উষ্ণতাত আনকি উতলাংকতো বাচি থাকিব পাৰে আৰু যাক ঠিক এক
জীৱিত সত্তা বুলি অভিহিতেই কৰিব নোৱাৰি। কিছু বছৰৰ পাছত এই কথা আৱিষ্কৃত
হ’ল যে ই কেৱল এক বিশেষ ধৰণৰ বক্ৰাকাৰ, পাকযুক্ত প্ৰ’টিন, যি স্নায়ুকোষৰ
সংস্পৰ্শলৈ আহিলে কোষবোৰৰ উপৰিভাগত থকা প্ৰ’টিনবোৰকো সিহঁতৰ দৰে পাক লগা
প্ৰ’টিনলৈ ৰূপান্তৰিত কৰি পেলাব পাৰে। এইদৰে এই প্ৰ’টিন জাতীয় সংক্ৰামক
পদাৰ্থবোৰে অৰ্থাৎ ‘প্ৰিয়’ন’বোৰে মগজুৰ স্নায়ুকোষৰ অপূৰণীয় ক্ষতি কৰে আৰু
ফলত মগজুৰ চেৰিবে’লাম অংশত কেতবোৰ সৰু সৰু ফুটা বা ছিদ্ৰৰ সৃষ্টি কৰি
স্পঞ্জৰ দৰে কোমল কৰি তোলে।
এই
কথা অনুমান কৰা হৈছে যে কুৰু মহামাৰী হয়তো আৰম্ভ হৈছিল প্ৰথমে কোনো এখন
ফ’ৰ জনগোষ্ঠী অধ্যুষিত গাৱঁত – য’ত কোনো এজন লোক কুৰুৰ দৰে আন এবিধ
স্নায়ুজনিত ক্ষয়ৰোগ ‘ক্ৰুজফেল্ট জেকব ৰোগ’ (Creutzfeldt-Jakob Disease)ৰ
দ্বাৰা আক্ৰান্ত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘ৰোগ নিয়ন্ত্ৰণ আৰু
প্ৰতিষেধন কেন্দ্ৰ’ (Centre for Disease Control and Prevention)ৰ মতে এক
নিযুতৰ ভিতৰত এজন আমেৰিকান এই ৰোগত আক্ৰান্ত হয়। সেয়েহে ৰোগীৰ সংস্পৰ্শলৈ
অহাৰ ফলত আন সুস্থ ব্যক্তিৰ দেহলৈ ৰোগ সংক্ৰমিত হোৱাৰ সম্ভাৱনা সাধাৰণতে
অতি কম।
ফ’ৰ
জনগোষ্ঠীৰ লোকে সৎকাৰৰ সময়ত কৰা মৃতদেহৰ ভোজনৰ পৰম্পৰা প্ৰায় ৫০ বছৰৰ
আগেয়ে পৰিহাৰ কৰিলে যদিও কুৰু ৰোগৰ দুই-এক উদাহৰণ মাজে-সময়ে চলিয়ে আছে,
কিয়নো প্ৰিয়’নৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ দেহত লক্ষণ দেখা দিয়ালৈকে কেইবা
দশকৰ প্ৰয়োজন হয়।
কুৰু
ৰোগৰ বিষয়ে কেইবা দশকো ধৰি গৱেষণা কৰা অষ্ট্ৰেলিয়াৰ কাৰ্টিন
বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানী মাইকেল এল্পাৰ্চৰ মতে কুৰু আক্ৰান্ত
শেষৰজন ৰোগীৰ মৃত্যু হয় ২০০৯ চনত। ২০১২ চনলৈকে গৱেষক দলটোৱে তেওঁলোকৰ জৰীপ
চলাই অৱশেষত এই ৰোগ নিৰ্মূল হোৱা বুলি ঘোষণা কৰে।
২০০৮
চনত চিৰ্লি লিণ্ডেনবাউমে ফ’ৰ জনগোষ্ঠী অধ্যুষিত পেপুৱা নিউগিনীৰ
দক্ষিণাঞ্চলৰ এখন গাওঁ পুনৰ ভ্ৰমণ কৰোঁতে তাৰ এজন বাসিন্দাই অতি উৎসাহেৰে
তেওঁক ক’লে, “চাওকচোন, আমাৰ এতিয়া কিমানবোৰ ল’ৰা-ছোৱালী বাচি আছে?”
[e-zine "BioNE"-ৰ ৪ৰ্থ সংখ্যাত প্ৰকাশিত]