Tuesday, September 26, 2017

মানুহ খোৱা মানুহ আৰু এক আশ্চৰ্য্যজনক ৰোগ

ইংৰাজী ১৯৩০ চনলৈকে পৃথিৱীৰ সৰহ সংখ্যক মানুহেই নাজানিছিল যে ওচেনিয়া মহাদেশৰ অন্তৰ্গত প্ৰশান্ত মহাসাগৰীয় দ্বীপ নিউ গিনীৰ পূৰ্বাংশত অৱস্থিত পেপুৱা নিউ গিনীৰ উচ্চ মালভূমিত মানুহৰ বসতি আছিল। অৱশেষত সেই বছৰতে অষ্ট্ৰেলিয়াৰ স্বৰ্ণ সন্ধানকাৰী কিছু লোকে আৱিষ্কাৰ কৰিলে যে সেই অঞ্চলত প্ৰায় এক নিযুতমান মানুহে বাস কৰে। ১৯৫০ চনত যেতিয়া গৱেষকসকল সেই অঞ্চলৰ গাওঁবিলাকত গৈ উপস্থিত হ’ল, তেওঁলোকে দেখিলে যে তাত বাস কৰা ‘ফ’ৰ’ নামৰ এক জনগোষ্ঠীৰ মুঠ ১১,০০০ মান জনসংখ্যাৰ ভিতৰত প্ৰায় ২০০ জনমান লোক বছৰি এক ৰহস্যজনক ৰোগৰ চিকাৰ হৈ মৃত্যু মুখত পৰে। স্থানীয় ভাষাত তেওঁলোকে এই ৰোগক ‘কুৰু’ বুলিছিল, যাৰ অৰ্থ হ’ল – ‘কঁপনি’।
এই ৰোগৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ দেহত লক্ষণ দেখা দিয়াৰ পাচত শীঘ্ৰেই মৃত্যু ঘটে। প্ৰথমতে ৰোগীয়ে খোজ কঢ়াত কষ্ট পায় আৰু নিজৰ ভৰি-হাত ভালকৈ নিয়ন্ত্ৰণ কৰিব নোৱৰা হয়। ৰোগীয়ে লাহে-লাহে নিজৰ আৱেগ-অনুভূতিৰ ওপৰতো নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু সেয়েহে তেওঁলোকে এই ৰোগক ‘হাস্যময় মৃত্যু’ (laughing death) বুলিও অভিহিত কৰিছিল। প্ৰায় এবছৰ মানৰ ভিতৰতে ৰোগীয়ে ঠিয় হ’ব নোৱৰা হয় আৰু নিজৰ খোৱা-বোৱা আনকি শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গবোৰো সঞ্চালন কৰিব নোৱৰা অৱস্থা হয়।
স্থানীয় বহুলোকে বিশ্বাস কৰিছিল যে তেওঁলোকৰ সমাজত প্ৰচলিত থকা এক প্ৰকাৰৰ ‘দেও-পূজা’ (Sorcery)ৰ সময়ত মানুহত গাত দেও লম্ভাৰ ফলতে এই ৰোগৰ সৃষ্টি হৈছিল। বিশেষকৈ প্ৰাপ্তবয়স্ক মহিলা আৰু ৮ বছৰৰ তলৰ শিশুসকল এই ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছিল। েই ৰোগৰ প্ৰভাৱত কেতবোৰ গাৱঁত কম বয়সীয়া ছোৱালী প্ৰায় নোহোৱাই হৈছিল। তেওঁলোক শংকিত হৈ পৰিছিল যে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব নোৱাৰিলে অচিৰেই হয়তো তেওঁলোকৰ জনগোষ্ঠীটো পৃথিৱীৰ বুকুৰ পৰা নিশ্চিহ্ন হৈ যাব।
কিন্তু এই ৰোগ কিহৰ পৰা উৎপত্তি হৈছিল? বহু বছৰ ধৰি এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি গৱেষকসকলে হাবাথুৰি খাইছিল। যিহেতু কোনো ধৰণৰ বীজাণুৰ দ্বাৰা এই ৰোগ হোৱা কথাটো প্ৰমাণিত হোৱা নাছিল, গতিকে তেওঁলোকে ভাবিছিল যে হয়তো ই এক বংশগত বা জন্মগত ব্যাধি। এই ধাৰণা প্ৰমাণ কৰাৰ উদ্দেশ্যে ১৯৬১ চনত লিণ্ডেনবাউম নামৰ এগৰাকী মহিলা বিজ্ঞানীয়ে সেই অঞ্চলৰ গাৱেঁ-গাৱেঁ ঘূৰি বাসিন্দাসকলৰ জন্মসূত্ৰ নিৰ্ণয় কৰাৰ কামত আত্মনিয়োগ কৰিছিল। কিন্তু এই গৱেষণাৰ পৰা তেওঁ জানিব পাৰিলে যে এই ৰোগ বংশগত নহ’বও পাৰে, কাৰণ তেওঁ দেখা পাইছিল যে ৰোগবিধে একোটা সামাজিক গোটৰ মহিলা আৰু শিশুক আক্ৰমণ কৰিছিল যদিও আক্ৰান্ত ব্যক্তিসকলৰ মাজত কোনো বংশগত সম্বন্ধ নাছিল। তেওঁ এইটোও জানিছিল যে ৰোগবিধ পূৰ্বৱৰ্ত্তী শতিকাৰ শেষৰফালে সেই অঞ্চলৰ উত্তৰ দিশে অৱস্থিত কেতবোৰ গাৱঁত প্ৰথমে দেখা দিছিল আৰু পৰৱৰ্ত্তী কালত ই ক্ৰমান্বয়ে দক্ষিণাঞ্চললৈ প্ৰসাৰিত হৈছিল।
তেওঁ এটা ধাৰণা কৰিলে যে ৰোগটো বোধকৰো জনগোষ্ঠীটোৰ মাজত প্ৰচলিত মৃতকৰ সৎকাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত। এই ধাৰণা পাচত সত্য বুলি প্ৰমাণিত হ’ল। প্ৰকৃততে, জনগোষ্ঠীটোৰ পৰম্পৰা অনুসৰি সৎকাৰৰ সময়ত মৃতকৰ দেহৰ অংশ খাদ্য হিচাবে গ্ৰহণ কৰা ৰীতিৰ সৈতে এই ৰোগ জড়িত। গাৱঁত যেতিয়া কোনো লোকৰ মৃত্যু হৈছিল, সৎকাৰৰ সময়ত মৃতদেহৰ মাংস ৰান্ধি তাক ভোজন কৰা হৈছিল। এই পৰম্পৰাটোৰ জৰিয়তে তেওঁলোকে মৃতকৰ প্ৰতি মৰম আৰু শোক প্ৰকাশ কৰিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে “মৃতদেহ মাটিত পুতি থ’লে তাক কেঁচুৱে খায়; এনেয়ে মাটিত পেলাই থ’লে তাক মাখিয়ে খায়; গতিকে কেঁচু বা পোক-পতঙ্গক খাবলৈ দিয়াতকৈ মৃতকৰ দেহটো তেওঁক ভাল পোৱা লোকসকলে খাই পেলোৱাই উত্তম।”
পৰম্পৰা অনুসৰি মহিলাবোৰে মৃতদেহৰ মস্তিষ্কটো বাহিৰ কৰি তাৰ সৈতে ঢেকীয়াৰ পাত মিহলি কৰি বাঁহৰ চুঙাত সিজাইছিল আৰু পিত্তস্থলীৰ বাহিৰে দেহৰ বাকী সকলো অংশ জুইত পুৰি খাই পেলাইছিল। বিশেষকৈ প্ৰাপ্তবয়স্ক মহিলাসকলে এই কাম কৰিছিল, কিয়নো তেওঁলোকে বিশ্বাস কৰিছিল যে মহিলাসকলে মৃতদেহত বাস কৰা অপশক্তি বা প্ৰেতাত্মাক বশ কৰি নিজৰ দেহত ধাৰণ কৰিব পাৰে। অৱশ্যে মাজে-সময়ে তেওঁলোকৰ লগত থকা কণ-কণ শিশুসকলকো মহিলাসকলে এই অদ্ভূত ভোজনৰ ভাগ দিছিল।
অৱশেষত, লিণ্ডেনবাউমৰ দৰে বিজ্ঞানীসকলৰ প্ৰচেষ্টাত জীৱবিজ্ঞানীসকলে এই কথা প্ৰমাণ কৰিলে যে ‘কুৰু’ নামৰ ৰহস্যময় ব্যাধি মূলতঃ মৃতকৰ মাংস ভোজনৰ ৰীতিৰ পৰাই সৃষ্টি হোৱা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ এটা দলে যেতিয়া ৰোগাক্ৰান্ত ব্যক্তিৰ মস্তিষ্ক চিম্পাঞ্জীৰ দেহত বেজী দি সুমুৱাই দিলে, তেতিয়া দেখা গ’ল কেইমাহমানৰ পাচত চিম্পাঞ্জীবোৰে কুৰু ৰোগত আক্ৰান্ত মানুহৰ দৰে লক্ষণ দেখুৱাইছে। এই আৱিষ্কাৰৰ বাবে বিজ্ঞানীৰ দলটোৱে পাচত ‘নোবেল বঁটা’ও লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকে ৰোগৰ কাৰক বিধক এবিধ ‘ধীৰ ভাইৰাছ’ (Slow virus) বুলি অভিহিত কৰে।
কিন্তু প্ৰকৃততে ই কোনো ভাইৰাছ অথবা বেক্টেৰিয়া, ভেঁকুৰ বা পৰীজীৱি নহয়। বৰঞ্চ ই সম্পূৰ্ণ নতুন এক ৰোগ সৃষ্টিকাৰী জীৱাণু, য’ত কোনো আনুবংশিক বা জেনেটিক উপাদান নাই, যি উচ্চ উষ্ণতাত আনকি উতলাংকতো বাচি থাকিব পাৰে আৰু যাক ঠিক এক জীৱিত সত্তা বুলি অভিহিতেই কৰিব নোৱাৰি। কিছু বছৰৰ পাছত এই কথা আৱিষ্কৃত হ’ল যে ই কেৱল এক বিশেষ ধৰণৰ বক্ৰাকাৰ, পাকযুক্ত প্ৰ’টিন, যি স্নায়ুকোষৰ সংস্পৰ্শলৈ আহিলে কোষবোৰৰ উপৰিভাগত থকা প্ৰ’টিনবোৰকো সিহঁতৰ দৰে পাক লগা প্ৰ’টিনলৈ ৰূপান্তৰিত কৰি পেলাব পাৰে। এইদৰে এই প্ৰ’টিন জাতীয় সংক্ৰামক পদাৰ্থবোৰে অৰ্থাৎ ‘প্ৰিয়’ন’বোৰে মগজুৰ স্নায়ুকোষৰ অপূৰণীয় ক্ষতি কৰে আৰু ফলত মগজুৰ চেৰিবে’লাম অংশত কেতবোৰ সৰু সৰু ফুটা বা ছিদ্ৰৰ সৃষ্টি কৰি স্পঞ্জৰ দৰে কোমল কৰি তোলে।
এই কথা অনুমান কৰা হৈছে যে কুৰু মহামাৰী হয়তো আৰম্ভ হৈছিল প্ৰথমে কোনো এখন ফ’ৰ জনগোষ্ঠী অধ্যুষিত গাৱঁত – য’ত কোনো এজন লোক কুৰুৰ দৰে আন এবিধ স্নায়ুজনিত ক্ষয়ৰোগ ‘ক্ৰুজফেল্ট জেকব ৰোগ’ (Creutzfeldt-Jakob Disease)ৰ দ্বাৰা আক্ৰান্ত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিষেধন কেন্দ্ৰ’ (Centre for Disease Control and Prevention)ৰ মতে এক নিযুতৰ ভিতৰত এজন আমেৰিকান এই ৰোগত আক্ৰান্ত হয়। সেয়েহে ৰোগীৰ সংস্পৰ্শলৈ অহাৰ ফলত আন সুস্থ ব্যক্তিৰ দেহলৈ ৰোগ সংক্ৰমিত হোৱাৰ সম্ভাৱনা সাধাৰণতে অতি কম।
ফ’ৰ জনগোষ্ঠীৰ লোকে সৎকাৰৰ সময়ত কৰা মৃতদেহৰ ভোজনৰ পৰম্পৰা প্ৰায় ৫০ বছৰৰ আগেয়ে পৰিহাৰ কৰিলে যদিও কুৰু ৰোগৰ দুই-এক উদাহৰণ মাজে-সময়ে চলিয়ে আছে, কিয়নো প্ৰিয়’নৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ দেহত লক্ষণ দেখা দিয়ালৈকে কেইবা দশকৰ প্ৰয়োজন হয়।
কুৰু ৰোগৰ বিষয়ে কেইবা দশকো ধৰি গৱেষণা কৰা অষ্ট্ৰেলিয়াৰ কাৰ্টিন বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানী মাইকেল এল্পাৰ্চৰ মতে কুৰু আক্ৰান্ত শেষৰজন ৰোগীৰ মৃত্যু হয় ২০০৯ চনত। ২০১২ চনলৈকে গৱেষক দলটোৱে তেওঁলোকৰ জৰীপ চলাই অৱশেষত এই ৰোগ নিৰ্মূল হোৱা বুলি ঘোষণা কৰে।
২০০৮ চনত চিৰ্লি লিণ্ডেনবাউমে ফ’ৰ জনগোষ্ঠী অধ্যুষিত পেপুৱা নিউগিনীৰ দক্ষিণাঞ্চলৰ এখন গাওঁ পুনৰ ভ্ৰমণ কৰোঁতে তাৰ এজন বাসিন্দাই অতি উৎসাহেৰে তেওঁক ক’লে, “চাওকচোন, আমাৰ এতিয়া কিমানবোৰ ল’ৰা-ছোৱালী বাচি আছে?”

[e-zine "BioNE"-ৰ ৪ৰ্থ সংখ্যাত প্ৰকাশিত]

Saturday, September 26, 2015

অণুজীৱ বিজ্ঞানৰ ইতিহাস (খণ্ড - ৭)



পল আৰ্লিচ (১৮৫৪ - ১৯১৫)

পল আৰ্লিচে ৰবাৰ্ট ককৰ গৱেষণাগাৰত কাম কৰিছিল আৰু তাতেই তেওঁ বেক্টেৰিয়া সম্পৰ্কীয় গৱেষণাৰ মৌলিক শিক্ষা লাভ কৰিছিল। তেওঁ পোনপ্ৰথমে অণুবীক্ষণ যন্ত্ৰৰ তলত বিভিন্ন বেক্টেৰিয়াৰ অধ্যয়ন আৰু সিহঁতক চিনাক্ত কৰাৰ বাবে ৰং কৰাৰ পদ্ধতি উদ্ভাৱন কৰে। লগতে তেওঁ জীৱকোষৰ ভিন-ভিন অংশ আচুতীয়াকৈ ৰং কৰি অণুবীক্ষণ যন্ত্ৰৰ তলত অধ্যয়ন কৰাৰো পদ্ধতি উদ্ভাৱন কৰে। তেওঁ ধাৰণা কৰিছিল যে ৰং কৰিবলৈ ব্যৱহাৰ কৰা একোটা ৰাসায়নিক দ্ৰব্যই যেনেকৈ একোবিধ নিৰ্দ্দিষ্ট বেক্টেৰিয়া অথবা কোষৰ একোটা নিৰ্দ্দিষ্ট অংশৰ সৈতে এক বিশেষ ধৰণে বিক্ৰিয়া কৰে, ঠিক তেনেকৈ বোধহয় এনে কোনো ৰাসায়নিক দ্ৰব্য পোৱা যাব, যি মানুহ বা জীৱ-জন্তুৰ শৰীৰত ৰোগ সৃষ্টিকাৰী বীজাণুবোৰ মাৰি পেলাব পাৰে কিন্তু চৌ-পাশৰ জীৱকোষবোৰৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। তেওঁ চিফিলিচ নামৰ এবিধ ৰোগৰ এক যাদুকৰী ঔষধ আৱিষ্কাৰ কৰাৰ বাবে প্ৰচেষ্টা হাতত ললে। সেই সময়ত অৰ্থাৎ ঊনবিংশ শতিকাৰ শেষৰফালে এই ৰোগে মানুহৰ মাজত বিভীষিকাৰ সৃষ্টি কৰিছিল। এই ৰোগ যৌন আচৰণৰ জৰিয়তে বিয়পে। শেষৰফালে আক্ৰান্ত ৰোগীৰ মস্তিষ্কলৈও ৰোগৰ বীজাণু সংক্ৰমিত হয় আৰু তেওঁৰ মগজুৰ বিকৃতি ঘটে, আৰু অৱশেষত মৃত্যুমুখত পৰে। 

আৰ্লিচে বহুবছৰ ধৰি কেইবাশও ৰাসায়নিক দ্ৰব্য পৰীক্ষা কৰি শেষত ১৯১০ চনত চিফিলিচ ৰোগৰ বীজাণু ধ্বংস কৰিব পৰা এবিধ ৰাসায়নিক দ্ৰব্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। তেওঁ ইয়াৰ নাম থলে চেল্ভাৰ্চান (Salvarsan) বা যৌগ ৬০৬ (Compound 606)। এই আৱিষ্কাৰে ভৱিষ্যতে আন আন অনুজীৱনাশক দ্ৰব্য আৰু প্ৰতিজৈৱিক পদাৰ্থ আৱিষ্কাৰৰ বাট উন্মোচন কৰে বুলিব পাৰি।
 
পৰৱৰ্ত্তী কালত ১৯২৮ চনত আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিয়াম নটেটাম নামৰ ভেঁকুৰ বিধৰ পৰা পেনিচিলিন নামৰ প্ৰতিজৈৱিক (Antibiotic) আৱিষ্কাৰ কৰাৰ কথা সকলোৰে জ্ঞাত। ঠিক তেনেকৈ ১৯৪০ চনত যক্ষ্মা ৰোগৰ বীজাণু বিনাশ কৰিব পৰা ষ্ট্ৰেপ্তমাইচিন নামৰ প্ৰতিজৈৱিকৰ আৱিষ্কাৰৰ কাহিনীও অণুজীৱবিজ্ঞানৰ ইতিহাসৰ আন এক গৌৰৱোজ্জ্বল অধ্যায়।

Thursday, September 24, 2015

অণুজীৱ বিজ্ঞানৰ ইতিহাস (খণ্ড - ৬)



এডৱাৰ্দ জেনাৰ (১৭৪৯ ১৮২৩) আৰু টীকাকৰণ পদ্ধতিৰ আৱিষ্কাৰ

বসন্ত বা বৰ আই মানৱ ইতিহাসৰ আটাইতকৈ ভয়াবহ সংক্ৰামক ৰোগবিলাকৰ ভিতৰত অন্যতম। ৰোগাক্ৰান্ত ব্যক্তিৰ ভিতৰত প্ৰায় ৪০ শতাংশৰ মৃত্যু ঘটোৱা আৰু বাকীসকলৰ ভিতৰত অধিক সংখ্যককে এক ভয়াবহ ভৱিষ্যতৰ গৰাহলৈ ঠেলি দিয়া এই ৰোগে হাজাৰ-হাজাৰ বছৰ ধৰি মানুহক জ্বলা-কলা খুৱাইছিল।

প্ৰাচীন কালতে চীনাসকলে লক্ষ্য কৰিছিল যে এবাৰ আই সদৃশ বেমাৰত ভোগাসকলে পৰৱৰ্ত্তী জীৱন কালত বৰ আইৰ আক্ৰমণৰ পৰা ৰেহাই পাইছিল অৰ্থাৎ তেনে লোকে এক ধৰণৰ প্ৰতিৰোধী ক্ষমতা লাভ কৰিছিল। খৃষ্টপূৰ্ব ৪৩০ মানতে চীনদেশত তেনে লোকক বৰ আই ৰোগাক্ৰান্ত ব্যক্তিক শুশ্ৰূষা কৰাৰ কামত নিয়োগ কৰাৰ প্ৰমাণ পোৱা গৈছে। চীনদেশৰ কোনো অজ্ঞাত ব্যক্তিয়ে বোধহয় এই কথা লক্ষ্য কৰিছিল যে আই সদৃশ ৰোগত কম-বেছি পৰিমাণে যি ধৰণেই নোভোগক, আনকি সাধাৰণভাৱে শৰীৰৰ কোনো অংশত কেইটামান মাত্ৰ জোলা ফুটা ব্যক্তি এজনেও পৰৱৰ্ত্তী সময়ত বৰ আইৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে। সেয়ে বোধহয় তেওঁ তেনে কোনো ৰোগীৰ গাৰ শুকাই যোৱা ঘাৰ পৰা চোকোৰাটো সংগ্ৰহ কৰি আন এজনৰ শৰীৰত ঘঁহি দি তেওঁক বৰ আই ৰোগ প্ৰতিৰোধী ক্ষমতা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল। যেতিয়া এই পদ্ধতিটোৱে কাম কৰিলে, আন আন ব্যক্তিৰ ক্ষেত্ৰটো মানুহে এই পদ্ধতি প্ৰয়োগ কৰিবলৈ ধৰিলে আৰু ক্ৰমশঃ এই পদ্ধতি খৃষ্টপূৰ্ব ২০০ মানতে ভাৰতবৰ্ষ আৰু তাৰ পাছত অষ্টদশ শতিকাত ইউৰোপ মহাদেশলৈও প্ৰসাৰিত হল। সেই সময়ত এই পদ্ধতিটোক ইনকুলেচন বা ভেৰিয়লেচন বোলা হৈছিল। এই পদ্ধতিৰ একমাত্ৰ সমস্যাটো আছিল এই যে যিহেতু ঘাৰ চোকোৰাটোত থকা ৰোগ সৃষ্টিকাৰী বীজাণু (ভাইৰাচ) অপৰিৱৰ্ত্তিত অৱস্থাত আছিল, গতিকে এই পদ্ধতি প্ৰয়োগ কৰিলে ব্যক্তি এজনে কম-বেছি পৰিমাণে বেমাৰত আক্ৰান্ত হৈছিল আৰু পৰৱৰ্ত্তী সময়ত তেওঁৰ পৰা আনৰ গালৈও ৰোগ বিয়পিছিল।

১৬৭০ খৃষ্টাব্দ মানত তাৰ্কিৰ টমান সাম্ৰাজ্যলৈ এই পদ্ধতি সদাগৰসকলে বিদেশৰ পৰা আমদানি কৰিলে। ১৭১৪ চনত ইমানুৱেল টিমনিয়ে লণ্ডনৰ ৰাজন্য সমাজ (ৰয়েল চচাইটি)লৈ এখন চিঠি লিখি তাৰ্কিৰ ইষ্টানবুলত এই সম্পৰ্কে হোৱা তেওঁৰ অভিজ্ঞতাৰ কথা বিস্তৃতভাৱে জনালে। ১৭১৬ চনত জিয়াক পিলাৰিন নামৰ ব্যক্তি এগৰাকীয়েও একে অভিজ্ঞতা সম্পৰ্কে আন এখন চিঠি লিখিলে।  

১৭১৭ খৃষ্টাব্দত এডৱাৰ্দ ৱৰ্টলি মণ্টাগক তাৰ্কিৰ চাবলাইম পৰ্টত ইংলেণ্ডৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়। তেওঁৰ পত্নী মেৰীয়ে ১৭১৫ চনত বৰ আই ৰোগত আক্ৰান্ত হৈছিল আৰু ফলস্বৰূপে তেওঁৰ সমগ্ৰ মুখমণ্ডল বেয়াকৈ বিকৃত হৈ বিভৎস ৰূপ লৈছিল। তদুপৰি প্ৰায় ১৮ মাহৰ পাছত মেৰীৰ ২০-বছৰীয়া ভায়েকো এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল। ১৭১৭ চনত তাৰ্কিত উপস্থিত হোৱাৰ কেইসপ্তাহমানৰ পাছতে মেৰীয়ে তেওঁৰ বন্ধুসকললৈ অটমান সাম্ৰাজ্যত প্ৰচলিত ভেৰিয়লেচন প্ৰক্ৰিয়া সম্পৰ্কে চিঠি লিখি জনাইছিল। বৰ আইৰ পৰা তেওঁৰ পৰিয়ালটোক ৰক্ষা কৰাৰ বাবে লেডী মেৰী ইমানেই আগ্ৰহী আছিল যে তেওঁ ৰাষ্ট্ৰদূত কাৰ্য্যালয়ৰ চিকিৎসক চাৰ্লচ মেইটলেণ্ডক তেওঁৰ ৫-বছৰীয়া পুত্ৰক ভেৰিয়লেচন কৰিবলৈ আদেশ দিলে আৰু ১৭১৮ চনৰ মাৰ্চ মাহত এই কাম সম্পন্ন কৰা হল। 

পাছত ১৭২১ চনৰ এপ্ৰিল মাহত লণ্ডনলৈ ঘূৰি অহাৰ পাছত লেডী মেৰী মণ্টাগে ৰাজ পৰিয়ালৰ চিকিৎসকসকলৰ উপস্থিতিত চাৰ্লচ মেইটলেণ্ডৰ হতুৱাই তেওঁৰ ৪-বছৰীয়া জীয়াৰীক ভেৰিয়লেচন কৰোৱালে। পৰৱৰ্ত্তী সময়ত ১৭২১ চনৰ ৯ আগষ্টত ৰজাৰ সন্মতি সাপেক্ষে নিউগেট নামৰ ঠাইত ছজন কাৰাবন্দীৰ শৰীৰত পৰীক্ষামূলকভাৱে ভেৰিয়লেচন কৰিবলৈ চাৰ্লচ মেইটলেণ্ডক অনুমতি দিয়া হল। এই প্ৰচেষ্টাত সহযোগ কৰাৰ বাবে বন্দীকেইজনে ৰজাৰ বিশেষ কৃপাও লাভ কৰিবলৈ সক্ষম হল। ৰাজ দৰবাৰৰ বহুতো চিকিৎসক আৰু ৰাজসভাৰ সদস্যসকলো এই পৰীক্ষাৰ সাক্ষী হৈ ৰল। ভেৰিয়লেচন কৰাৰ পাছত সকলো বন্দীয়েই নিৰোগী হৈ থাকিল আৰু পৰৱৰ্ত্তী কালত বৰ আইৰ কবলৰ পৰা তেওঁলোক ৰক্ষা পৰা দেখা গল। 

১৭২২ চনৰ ১৭ এপ্ৰিলত মেইটলেণ্ডে ৱেলচৰ ৰাজকুমাৰীৰ দুই কন্যাক ভেৰিয়লেচন কৰিলে। সেইখিনি সময়তে এই পদ্ধতি নতুন বিশ্ব অৰ্থাৎ আমেৰিকালৈও প্ৰসাৰিত হল। ১৭৬৬ চনত আমেৰিকান সেনাই জৰ্জ ৱাছিংটনৰ নেতৃত্বত যুদ্ধ কৰিও বৃটিছ সৈন্যবাহিনীৰ কবলৰ পৰা কুইবেকক মুক্ত কৰিবলৈ অপাৰগ হয়, কাৰণ সেই সময়ত দেখা দিয়া বসন্ত মহামাৰীয়ে তেওঁলোকৰ বহুতো সেনাৰ মৃত্যু ঘটায়। অন্যহাতে বৃটিছ সেনাসকলক ইতিমধ্যে যিহেতু ভেৰিয়লেচন কৰা হৈছিল, গতিকে তেওঁলোকে এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ সক্ষম হৈছিল। জৰ্জ ৱাছিংটনে তেওঁৰ পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰি এই শিক্ষা গ্ৰহণ কৰিলে আৰু ১৭৭৭ চন পৰ্য্যন্ত আমেৰিকান সেনাৰ যিকোনো নতুন যুদ্ধ অভিযানৰ আগেয়ে ভেৰিয়লেচন কৰাটো নিশ্চিত কৰিলে।

এনে এক পটভূমিতে ১৭৪৯ চনৰ ১৭ মেত গ্লচেষ্টাৰচায়াৰৰ বাৰ্কলে নামৰ ঠাইত এডৱাৰ্দ জেনাৰৰ জন্ম হয়। ১৭৫৭ চনত ৮-বছৰ বয়সতে জেনাৰক ইংলেণ্ডৰ আন হাজাৰজন শিশুৰ দৰেই ভেৰিয়লেচন কৰা হল।

১৩ বছৰ বয়সত তেওঁ ব্ৰিষ্টল চহৰৰ ওচৰৰ চডবাৰী নামৰ এখন ঠাইত এজন গ্ৰাম্য চিকিৎসকৰ সহকাৰীৰূপে নিযুক্ত হয়। এইখিনি সময়তে তাত লগ পোৱা এগৰাকী গোপালিকাই কোৱা শুনিলে, মই কেতিয়াও বৰ আইৰ দ্বাৰা আক্ৰান্ত নহওঁ, কাৰণ মই ইতিমধ্যে গৰুৰ বসন্তৰ দ্বাৰা আক্ৰান্ত হৈছোঁ। মুখমণ্ডলত ঘা হৈ কুশ্ৰী ৰূপ হোৱাৰ ভয় মোৰ নাই।

১৭৯৬ চনৰ মে মাহত জেনাৰে চাৰা নেল্মচ নামৰ এগৰাকী গোপালিকাক লগ পালে যাৰ হাত আৰু বাহুত অলপতে তেওঁৰ শৰীৰত হৈ যোৱা গৰুৰ বসন্ত ৰোগৰ দাগ স্পষ্ট হৈ আছিল। বহুবছৰৰ আগতেই শুনা আন এগৰাকী তেনে গোপালিকাৰ কাহিনীটো জেনাৰৰ মনত আছিল। ১৭৯৬ চনৰ ১৪ মে তাৰিখে জেনাৰে চাৰাৰ শৰীৰৰ পৰা সংগ্ৰহ কৰা ঘাৰ চোকোৰাৰ নমুনা জেমচ্ ফিফ্ নামৰ এজন ৮-বছৰীয়া লৰাৰ গাত সুমাই দিলে। কেইদিনমানৰ ভিতৰতে লৰাজনে সামান্য জ্বৰত আক্ৰান্ত হল আৰু কাষলতিৰ তলত অলপ বিষ অনুভৱ কৰিলে। ৯ দিনৰ পাছত তেওঁ ঠাণ্ডা অনুভৱ কৰিলে আৰু তেওঁৰ ভোক প্ৰায় নোহোৱা হল; কিন্তু পিছদিনাই তেওঁ নিজকে বহুত সুস্থ অনুভৱ কৰিলে।

একে বছৰৰে জুলাই মাহত জেনাৰে লৰাটোৰ গাত বৰ আই আক্ৰান্ত ৰোগীৰ গাৰ পৰা সংগ্ৰহ কৰা একে ধৰণৰ নমুনা সুমুৱাই দিলে; কিন্তু দেখা গল তৎস্বত্তেও লৰাজন সুস্থ হৈয়ে থাকিল। সেয়েহে জেনাৰে সিদ্ধান্ত কৰিলে যে লৰাজনে বসন্ত ৰোগৰ বিৰুদ্ধে সম্পূৰ্ণ প্ৰতিৰোধী ক্ষমতা অৰ্জন কৰিছে।

১৭৯৭ চনত জেনাৰে লণ্ডনৰ ৰাজন্য সমাজলৈ তেওঁৰ সমগ্ৰ পৰীক্ষা-নিৰীক্ষা সম্পৰ্কে বিশদ বিৱৰণ দি এক টোকা প্ৰেৰণ কৰিলে। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ এই টোকা গৃহীত নহল। অৱশেষত ১৭৯৮ চনত অন্যান্য গৱেষণালব্ধ অভিজ্ঞতা সংযোগ কৰি তেওঁ নিজে এখন পুস্তিকা প্ৰকাশ কৰিলে। লেটিন ভাষাত গাইগৰুক ভেক্কা বোলা হয় আৰু সেয়ে জেনাৰে তেওঁ আৱিষ্কাৰ কৰা পদ্ধতিটোক ভেক্সিনেচন বুলি নামকৰণ কৰিলে, যাক অসমীয়া ভাষাত আমি টীকাকৰণ বোলোহঁক।

পৰৱৰ্ত্তী সময়ত ভেক্সিনেচন পদ্ধতিয়ে সকলোৰে স্বীকৃতি আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হল। ১৮০২ চনত বৃটিছ সংসদে এডৱাৰ্দ জেনাৰক এই অৱদানৰ স্বীকৃতি স্বৰূপে ১০,০০ পাউণ্ড পুৰস্কাৰ প্ৰদান কৰিলে। পাঁচ বছৰৰ পাছত তেওঁক পুনৰ সংসদে ২০,০০০ পাউণ্ডৰ পুৰস্কাৰ প্ৰদান কৰিলে। তেতিয়াৰ পৰা লাহে-লাহে এই পদ্ধতি সমগ্ৰ বিশ্বতে এক প্ৰতিষ্ঠিত পদ্ধতিৰূপে পৰিগণিত হল।  

Wednesday, September 23, 2015

অণুজীৱ বিজ্ঞানৰ ইতিহাস (খণ্ড - ৫)



ৰবাৰ্ট কক্ (১৮৪৩-১৯১০)

১৮৭০ খৃষ্টাব্দৰ শেষৰফালে জাৰ্মানীৰ ৰবাৰ্ট কক্ নামৰ এজন গ্ৰাম্য চিকিৎসকে টেঁটুৱা (Anthrax) ৰোগ সম্পৰ্কে গৱেষণাৰ কামত হাত দিয়ে। এই ৰোগে গ্ৰামাঞ্চলৰ কৃষক আৰু তেওঁলোকৰ পোহনীয়া পশুধন উভয়কে আক্ৰমণ কৰিছিল। তেওঁৰ সীমিত উপাৰ্জনেৰে কোনোমতে ক্ৰয় কৰা এটা অণুবীক্ষণ যন্ত্ৰৰ তলত টেঁটুৱা ৰোগাক্ৰান্ত ব্যক্তি এজনৰ তেজ পৰীক্ষা কৰি তেওঁ ডাঙৰ আকাৰৰ এবিধ বেক্টেৰিয়া প্ৰত্যক্ষ কৰে। তেওঁ ঠাৱৰ কৰিলে যে এই বেক্টেৰিয়াই বোধহয় টেঁটুৱা ৰোগৰ কাৰক। 

তেঁওৰ নিজা ঘৰৰে এটা সৰু কোঠালী পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰি তেওঁ এই সম্পৰ্কে গৱেষণা আৰম্ভ কৰিলে আৰু বহু কষ্ট কৰি বেক্টেৰিয়াবিধ বিশুদ্ধ ৰূপত পৰীক্ষাগাৰত পৰিৱৰ্দ্ধন কৰিবলৈ সক্ষম হয়। এই প্ৰচেষ্টা সফল কৰিবলৈ তেওঁ হাতত লোৱা প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁ অণুজীৱ বিজ্ঞানৰ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰযোজ্য বিভিন্ন পদ্ধতিও আৱিষ্কাৰ কৰে। তাৰ পাছত তেওঁ সেই বিশুদ্ধ বেক্টেৰিয়া স্বাস্থ্যবান পশুৰ দেহত বেজী দি সুমুৱাই দি সিহঁতৰ শৰীৰত টেঁটুৱা ৰোগ সৃষ্টি কৰিবলৈ সক্ষম হল। ৰোগাক্ৰান্ত জন্তুবোৰৰ তেজ পৰীক্ষা কৰি তেওঁ তাৰ পৰা পুনৰ একেবিধ বেক্টেৰিয়া বিশুদ্ধ ৰূপত উদ্ধাৰ কৰিবলৈ সমৰ্থ হল। এইদৰে তেওঁ বাৰে-বাৰে এই প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি কৰি প্ৰতিবাৰতে একেই ফলাফল লাভ কৰিলে আৰু শেষত তেওঁ আৱিষ্কাৰ কৰা বেক্টেৰিয়াবিধযে টেঁটুৱা ৰোগৰ কাৰক সেই সম্পৰ্কে নিশ্চিত হল। 

টেঁটুৱা ৰোগৰ দৰে এক অতি গুৰুত্বপূৰ্ণ বেমাৰ সম্পৰ্কে কৰা তেওঁৰ গৱেষণাত্মক কৰ্মৰাজিৰ জৰিয়তে অতি কম দিনৰ ভিতৰতে ৰবাৰ্ট কক্ সমগ্ৰ বিশ্বত প্ৰখ্যাত হৈ পৰিল। শীঘ্ৰেই তেওঁ নিজাববীয়াকৈ এক গৱেষণা প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ সক্ষম হল আৰু আন আন গৱেষণা কৰ্মত আত্মনিয়োগ কৰি নতুন নতুন আৱিষ্কাৰৰ ধাৰা অব্যাহত ৰাখিলে। 

সেই সময়ৰ অন্য প্ৰখ্যাত গৱেষকসকল, বিশেষকৈ লুই পাষ্টুৰৰ নেতৃত্বাধীন গৱেষক দলৰ সৈতে লগ লাগি তেওঁ সাম্প্ৰতিক কালত অণুজীৱ বিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণাত সঘনাই প্ৰয়োগ কৰা নানান গৱেষণা কৌশল উদ্ভাৱন কৰিলে। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য কিছু কৌশল হ বেক্টেৰিয়াৰ বিশুদ্ধকৰণ পদ্ধতি, কাঁচৰ পিৰীচ (প্লেট্), গোটা মাধ্যম, আগৰ আৰু জিলেটিন আদিৰ ব্যৱহাৰ, বেক্টেৰিয়াবোৰক ৰং কৰি অণুবীক্ষণ যন্ত্ৰৰ তলত সহজে নিৰীক্ষণ কৰিব পৰা প্ৰক্ৰিয়া, ইত্যাদি। তদুপৰি, ককে হাইজা (কলেৰা) আৰু যক্ষ্মা (টিউবাৰকুলচিচ্) ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া কেইবিধো আৱিষ্কাৰ কৰে। 

পাষ্টুৰ আৰু তেওঁ কৰা গৱেষণাৰ ফলশ্ৰুতিতে অণুজীৱৰ দ্বাৰা ৰোগ সৃষ্টি হব পৰা তত্ত্বটো চিৰকালৰ বাবে গ্ৰহণযোগ্য হোৱাকৈ প্ৰতিষ্ঠিত হয়। ৰোগৰ কাৰক নিৰ্ণয় কৰিবলৈ তেওঁ উদ্ভাৱন কৰা প্ৰক্ৰিয়াটোত মূলতঃ নিম্নোক্ত চাৰিটা পৰ্য্যায় সন্নিৱিষ্ট হয়, যাক সম্প্ৰতি ককৰ সূত্ৰ হিচাপে জনা যায় -

·         প্ৰথম, ৰোগাক্ৰান্ত জীৱৰ পৰা কাৰকবিধ আহৰণ কৰি পৃথক কৰা
·        দ্বিতীয়, কাৰকবিধক পৰীক্ষাগাৰত বিশুদ্ধ ৰূপত পৰিৱৰ্দ্ধন কৰা
·        তৃতীয়, পৰীক্ষাগাৰত পৰিৱৰ্দ্ধিত কাৰকবিধ স্বাস্থ্যবান পোষক (জীৱ-জন্তু)ৰ শৰীৰত সুমুৱাই দি সাইলাখ একে ৰোগ সৃষ্টি কৰিবলৈ সক্ষম হোৱা
·        চতুৰ্থ, নতুনকৈ আক্ৰান্ত পোষকৰ পৰা একেবিধ কাৰক পুনৰুদ্ধাৰ কৰা