প্ৰস্তাৱনা

বিজ্ঞানৰ বিভিন্ন বিষয় সম্বলিত লিখনি অসমীয়া ভাষাত ছপা ৰূপতে সততে পোৱা বৰ কঠিন | তেনে ক্ষেত্ৰত ইণ্টাৰনেটত এনে লিখনি বিছৰাটো পৰ্বতত কাছ কণী বিছৰাৰ দৰে কথা | সুখৰ কথা, সম্প্ৰতি এচাম উদ্যোগী, সচেতন অসমীয়া ব্যক্তিয়ে ইণ্টাৰনেটত সন্ধান-যোগ্য অসমীয়া সমল অধিক উপলভ্য কৰাৰ বাবে এক অতি প্ৰশংসনীয় প্ৰচেষ্টা হাতত লৈছে | তেওঁলোকে অতীত আৰু বৰ্তমানৰ অসমীয়া সাহিত্যৰ কেতবোৰ আপুৰুগীয়া লিখনি ইউনিকোডত লিখি ইণ্টাৰনেটত যিকোনো চাৰ্চ ইঞ্জিনৰ জৰিয়তে সন্ধান কৰিব পৰাকৈ উপলব্ধ কৰাৰ প্ৰয়াস কৰিছে | অৱশ্যে এনে প্ৰচেষ্টাৰ সুফল সহজে অনুভূত হোৱালৈ এতিয়াও বহু সময় বাকী |

উপৰোক্ত প্ৰচেষ্টাৰ প্ৰতি সম্পূৰ্ণ সহমৰ্মীতা প্ৰকাশ কৰাৰ লগতে এই অভাজনৰ ফালৰ পৰাও ইয়াত সক্ৰিয় সহযোগ আগ বঢ়োৱাৰ মানসেৰে এই ব্লগৰ জৰিয়তে এটি ক্ষুদ্ৰ বৰঙণি যোগাবলৈ প্ৰয়াস কৰা হৈছে | সহৃদয় পাঠক, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে এই ব্লগৰ পৰা কিঞ্চিত্‍ ভাৱেও যদি উপকৃত হয়, তেন্তে আমাৰ এই পৰিশ্ৰম সাৰ্থক হ’ব | সদাশয় পাঠক-পাঠিকাৰ পৰা মন্তব্য তথা  গঠনমূলক দিহা-পৰামৰ্শ আশা কৰিলো |