Thursday, June 26, 2025

পশুপালন আৰু পশু চিকিৎসা বিজ্ঞানত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ

কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence বা AI) আধুনিক বিজ্ঞানৰ এক বৈপ্লৱিক আৱিষ্কাৰ। সম্প্ৰতি বিজ্ঞানৰ ব্যৱহাৰিক ক্ষেত্ৰখনৰ প্ৰায় সকলো শাখাতে ইয়াক বহুলভাৱে প্ৰয়োগ কৰা সম্ভৱ হৈছে। পশুপালন আৰু পশু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতো কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে বিভিন্ন দিশত উল্লেখযোগ্য পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। শেহতীয়া কেতবোৰ অধ্যয়নত এই কথা স্পষ্ট হৈ উঠিছে যে কৃত্ৰিম বুদ্ধিমত্তাই পশুৰ স্বাস্থ্যৰ নিয়মীয়া নিৰীক্ষণ, পশু-পক্ষীৰ ৰোগ নিৰ্ণয়, প্ৰজনন ব্যৱস্থাপনা, আৰু উৎপাদনশীলতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। এই প্ৰৱন্ধত পশুপালন আৰু পশু চিকিৎসা বিজ্ঞানত কৃত্ৰিম বুদ্ধিমত্তাৰ বিভিন্ন প্ৰয়োগ, ইয়াৰ উপযোগিতা, সম্ভাৱনা, আৰু এই দিশত থকা প্ৰত্যাহ্বানসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে।

পশুপালনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ

পশুপালনৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে উৎপাদনশীলতা বৃদ্ধি, বৈজ্ঞানিক পশুপালন ব্যৱস্থাৰ মান আৰু দক্ষতা বৃদ্ধি, আৰু ব্যয় হ্ৰাসৰ ক্ষেত্ৰত যথেষ্ট অৱদান যোগাব পাৰে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে কৃত্ৰিম বুদ্ধিমত্তা-চালিত সঁজুলিসমূহে পশুপালনৰ বিভিন্ন দিশত বিপ্লৱ আনিবলৈ সক্ষম হৈছে। তলত তেনে কেতবোৰ প্ৰধান প্ৰয়োগ উল্লেখ কৰা হ’ল।

পশু-স্বাস্থ্যৰ নিৰীক্ষণঃ

কৃত্ৰিম বুদ্ধিমত্তা-চালিত পৰিধানযোগ্য সঁজুলি (Wearable device) আৰু স্মাৰ্ট চেঞ্চৰ (Smart Sensor)ৰ সহায়ত পশুৰ স্বাস্থ্যৰ সৈতে জড়িত তথ্য সংগ্ৰহ কৰা সম্ভৱ হৈছে। উদাহৰণস্বৰূপে, গৰুৰ গলাত অথবা ঠেঙত পিন্ধা স্মাৰ্ট কলাৰৰ সহায়ত হৃদস্পন্দন, শৰীৰৰ তাপমাত্ৰা, সিহঁতৰ চালচলন বা গতিবিধি, আৰু খাদ্য গ্ৰহণ আদিৰ বিষয়ে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব পাৰি। এনেদৰে সংগ্ৰহ কৰা তথ্যসমূহ মেচিন লাৰ্নিং (ML) এলগ’ৰিদম (algorithm) বা কলনবিধিৰ সহায়ত বিশ্লেষণ কৰি পশুৰ স্বাস্থ্যৰ সামগ্ৰিক অৱস্থাৰ বিষয়ে জানিব পাৰি। ২০২৪ চনত কৰা এক বৈজ্ঞানিক অধ্যয়নত দেখা গৈছে যে এনে স্মাৰ্ট ডিভাইচে পশুৰ স্বাস্থ্যৰ অস্বাভাৱিকতা প্ৰাথমিক পৰ্য্যায়তে ধৰা পেলাব পাৰে, যাৰ ফলত সময়মতে ৰোগৰ চিকিৎসা আৰম্ভ কৰাটো সম্ভৱ হয়। এই প্ৰযুক্তিয়ে গৰুৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী ৰোগ, যেনেঃ ক্ৰনিক হাইপ’এড্ৰিন’কৰ্টিচিজম (Chronic Hypoadrenocorticism)ৰ ত্ৰুটিহীন নিৰ্ণয়ৰ ক্ষেত্ৰত ৯০ শতাংশৰো অধিক সফলতা দেখুৱাবলৈ সক্ষম হৈছে (Akinsulie et al., 2024)।

পশুৰ পৰিপুষ্টি আৰু পশুখাদ্যঃ 

   কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত পশুধনৰ পৰিপুষ্টিৰ প্ৰয়োজনীয়তা বিশ্লেষণ কৰি সিহঁতৰ বয়স, ওজন, জাত, আৰু উৎপাদনৰ উদ্দেশ্য অনুপাতে আৱশ্যকীয় খাদ্যৰ পৰিমাণ আৰু গুণাগুণ নিৰ্ধাৰণ কৰিব পাৰি। ২০২৩ চনত কৰা এটা অধ্যয়নে দেখুৱাইছে যে কৃত্ৰিম বুদ্ধিমত্তা-চালিত এক ব্যৱস্থাই খীৰতী গাইৰ খাদ্য ব্যৱস্থাপনাৰ ক্ষেত্ৰত ১৫-২০ শতাংশ অপচয় হ্ৰাস কৰিব পাৰে। ইয়াৰ ফলত দুগ্ধ পাম এখনৰ ব্যয় হ্ৰাস কৰাৰ লগতে দুগ্ধ উৎপাদনৰ পৰিমাণ ১০ শতাংশ পৰ্য্যন্ত বৃদ্ধি হোৱা দেখা গৈছে (Zhang et al., 2023)।

প্ৰজনন ব্যৱস্থাপনাঃ 

   কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিয়ে পশুৰ প্ৰজনন চক্ৰৰ নিয়মীয়া নিৰীক্ষণতো সহায় কৰে। স্মাৰ্ট চেঞ্চৰৰ সহায়ত গাই গৰু গৰম হোৱাৰ সময় (heat period) সঠিকভাৱে নিৰ্ণয় কৰা সম্ভৱ হৈছে, যাৰ ফলত কৃত্ৰিম প্ৰজননৰ সফলতাৰ হাৰ ২৫ শতাংশ বৃদ্ধি পাইছে। ২০২১ চনৰ এখন গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে যে কৃত্ৰিম বুদ্ধিমত্তা কলনবিধি (algorithm)ৰ সহায়ত পশুৰ জিনগত তথ্য বিশ্লেষণ কৰি প্ৰজনন ব্যৱস্থাপনাৰ বাবে উপযোগী অধিক উৎপাদনক্ষম পশুধন বাচনি কৰাৰ বাবে পৰামৰ্শ দিব পাৰি, যাৰ ফলত পশুধনৰ জিনগত গুণাগুণ আৰু উৎপাদনশীলতা বৃদ্ধি পায় (Ezanno et al., 2021)।

গাখীৰৰ উৎপাদন বৃদ্ধিঃ 

দুগ্ধ পামত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে উৎপাদনশীলতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। স্বয়ংক্ৰিয় দুগ্ধ প্ৰক্ৰিয়াকৰণ যন্ত্ৰৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তা সংযোজনৰ ফলত দুগ্ধৰ গুণাগুণ আৰু পৰিমাণৰ সঠিক তথ্য সংগ্ৰহ কৰা সম্ভৱ হৈছে। ২০২৪ চনত প্ৰকাশিত এক গৱেষণা-পত্ৰত উল্লেখ কৰা হৈছে যে কৃত্ৰিম বুদ্ধিমত্তা-চালিত এক ব্যৱস্থাই দুগ্ধ উৎপাদনৰ ধৰণ আৰু সেই সংক্ৰান্তীয় তথ্য বিশ্লেষণ কৰি পশুপালক সকলক উৎপাদন বৃদ্ধিৰ বাবে যথোচিত পৰামৰ্শ দিব পাৰে, যাৰ ফলত দুগ্ধ উৎপাদনত ১২ শতাংশ পৰ্য্যন্ত বৃদ্ধি কৰিব পৰা যায় (Anonymous, 2025)।

পশু চিকিৎসাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ

পশু চিকিৎসাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে ৰোগ নিৰ্ণয়, উপযুক্ত চিকিৎসা, নিৰাময় আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। শেহতীয়া গৱেষণাৰ পৰা পোৱা তথ্যৰ ভিত্তিত তলত কেতবোৰ প্ৰধান প্ৰয়োগৰ বিষয়ে চমুকৈ উল্লেখ কৰা হৈছে।

ত্ৰুটিহীন ৰোগ নিৰ্ণয়ঃ

কৃত্ৰিম বুদ্ধিমত্তা-চালিত ইমেজিং প্ৰযুক্তিৰ সহায়ত পশুৰ শৰীৰত দেখা দিয়া ৰোগসমূহ অধিক নিখুঁতকৈ অতি ক্ষীপ্ৰতাৰে নিৰ্ণয় কৰাটো সম্ভৱ হৈ উঠিছে। ২০২৪ চনৰ এটা অধ্যয়নত দেখা গৈছে যে কনভল্যুচনেল নিউৰেল নেটৱৰ্ক (Convolutional Neural Networks) প্ৰযুক্তি ব্যৱহাৰ কৰি জায়েণ্ট পাণ্ডাৰ মুখমণ্ডল চিনাক্তকৰণত ৯৫% সফলতা অৰ্জন কৰাৰ উপৰিও ১২০০ খন চিত্ৰৰ এটা তথ্যগোটৰ ওপৰত ভিত্তি কৰি ১৫ বিধ বেলেগ বেলেগ ৰোগৰ ত্ৰুটিহীন নিৰ্ণয়ত ৯৭.০৬% সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই প্ৰযুক্তিয়ে এক্স-ৰে, আলট্ৰাচাউণ্ড, আৰু CT স্কেনৰ ছবি বিশ্লেষণ কৰি হাঁড় ভগা, টিউমাৰ, বা প্ৰদাহজনিত ৰোগ সঠিকভাৱে আৰু ক্ষীপ্ৰতাৰে চিনাক্ত কৰাত সহায় কৰে (Zhang et al., 2023)।

ৰোগৰ প্ৰতিৰোধমূলক চিকিৎসাঃ 

কোনো লক্ষণ চকুত পৰাৰ আগতেই পশুৰ দেহত হ’ব পৰা ৰোগৰ সম্ভাৱনা কৃত্ৰিম বুদ্ধিমত্তাৰ পূৰ্বাভাসমূলক বিশ্লেষণ (predictive analytics)ৰ সহায়ত আগতীয়াকৈ নিৰ্ধাৰণ কৰা সম্ভৱ হৈছে। ২০২৩ চনৰ এটা গৱেষণাত ছোৱাইন ফ্লুৰ উদাহৰণ দি দেখুৱা হৈছে যে কৃত্ৰিম বুদ্ধিমত্তা-চালিত IoT-ভিত্তিক এক ব্যৱস্থাই ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। এই ব্যৱস্থাই পশুৰ স্বাস্থ্য-জড়িত তথ্য, পৰিৱেশৰ অৱস্থা, আৰু পূৰ্বৰ ৰোগৰ ইতিহাস বিশ্লেষণ কৰি প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে কাৰ্য্যকৰী পৰামৰ্শ দিব পাৰে (Zhang et al., 2023)।

ৰোগ নিৰাময়ৰ দূৰৱৰ্তী পৰামৰ্শ ব্যৱস্থাঃ 

কৃত্ৰিম বুদ্ধিমত্তা-চালিত টেলিমেডিচিন ব্যৱস্থাৰ সহায় লৈ পশুপালকসকলে দূৰৈৰ পৰাই পশুধনৰ স্বাস্থ্য আৰু চিকিৎসা সংক্ৰান্তীয় বিষয়ত চিকিৎসকৰ পৰামৰ্শ লাভ কৰিব পাৰে। ২০২৪ চনৰ এটা অধ্যয়নত দেখা গৈছে যে কৃত্ৰিম বুদ্ধিমত্তা-চালিত এক ব্যৱস্থাই পশুৰ লক্ষণৰ ভিডিঅ’ বা ফটো বিশ্লেষণ কৰি প্ৰাথমিকভাৱে ৰোগ নিৰ্ণয় কৰিব পাৰে, যাৰ প্ৰয়োগ কৰি গ্ৰাম্য অঞ্চলত পশু চিকিৎসা সেৱা অধিক উপলভ্য কৰি তুলিব পৰা যায় (Albadrani et al., 2024)।

চিকিৎসাৰ ব্যক্তিগতকৰণঃ 

কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত একোটা পশুৰ স্বাস্থ্যৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি চিকিৎসাৰ পৰিকল্পনা প্ৰস্তুত কৰিব পাৰি। ২০২৪ চনত প্ৰকাশিত এখন গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে যে একোটা পশুৰ চিকিৎসাৰ ইতিহাস, জিনগত তথ্য, আৰু ঔষধৰ প্ৰতি জনোৱা সঁহাৰিৰ ওপৰত ভিত্তি কৰি কৃত্ৰিম বুদ্ধিমত্তা-চালিত এক ব্যৱস্থাই পশুটোৰ বাবে প্ৰয়োজনীয় ঔষধৰ পৰিমাণ আৰু ফলপ্ৰসূ চিকিৎসা পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিব পাৰে, যাৰ ফলত চিকিৎসা ব্যৱস্থা ২০ শতাংশ অধিক ফলপ্ৰসূ হয় (Hossein-Zadeh, 2025)।

কৃত্ৰিম বুদ্ধিমত্তাৰ উপযোগিতাসমূহ

·       দক্ষতা বৃদ্ধি - কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত পশুপালন আৰু চিকিৎসাৰ প্ৰক্ৰিয়া দ্ৰুত আৰু নিখুঁত কৰাটো সম্ভৱ, যাৰ ফলত সময় আৰু শ্ৰম ৰাহি হয়।

·       ব্যয় হ্ৰাস - প্ৰাথমিক পৰ্য্যায়ত ক্ষীপ্ৰতাৰে ৰোগ নিৰ্ণয় কৰা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাৰ ফলত চিকিৎসাৰ খৰচ ১৫-২০% পৰ্য্যন্ত হ্ৰাস হয় (Anonymous, 2021)

·       উৎপাদনশীলতা বৃদ্ধি - দুগ্ধ আৰু মাংস উৎপাদনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ ফলত উৎপাদন ১০-১৫ শতাংশ বৃদ্ধি হোৱা পৰিলক্ষিত হয় (Anonymous, 2025)

·       গ্ৰাম্যাঞ্চলত পশু চিকিৎসা সেৱাৰ উন্নতি - কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত দূৰৱৰ্তী অঞ্চলতো উন্নত পশু চিকিৎসা সেৱা প্ৰদান কৰা সম্ভৱ হয় (Sobkowich, 2025)

প্ৰত্যাহ্বান আৰু সমাধান

পশু পালন আৰু চিকিৎসাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে বৈপ্লৱিক পৰিৱৰ্তন অনাৰ সম্ভাৱনা কঢ়িয়াই আনিলেও ইয়াৰ সৈতে কেতবোৰ অতি গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানো জড়িত হৈ আছে। ২০২৩ চনত প্ৰকাশিত এক গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে যে কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ উচ্চ প্ৰাৰম্ভিক ব্যয়, প্ৰশিক্ষণৰ অভাৱ, আৰু তথ্যৰ গোপনীয়তাৰ বিষয়ে থকা উদ্বেগেই হ’ল এই ক্ষেত্ৰত দেখা দিয়া মূল প্ৰত্যাহ্বান (Coghlan and Quinn, 2024)

·       অৰ্থনৈতিকভাৱে সবল নোহোৱা পশুপালকসকলৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা-চালিত সঁজুলি ক্ৰয় কৰা ব্যয়বহুল হ’ব পাৰে। চৰকাৰী সাহায্য আৰু কম ব্যয়বহুল সঁজুলি বা সমাধানৰ আৱিষ্কাৰৰ জৰিয়তে এই সমস্যাৰ সমাধান কৰাটো সম্ভৱ।

·       কৃত্ৰিম বুদ্ধিমত্তা-চালিত ব্যৱস্থাত তথ্যৰ সুৰক্ষাৰ বাবে কঠোৰ নীতি প্ৰণয়ন কৰা আৱশ্যক। ২০২৪ চনত প্ৰকাশিত এই বিষয়ৰ এক প্ৰৱন্ধত তথ্যৰ গোপনীয়তা সুনিশ্চিত কৰাৰ বাবে কেতবোৰ নৈতিক নিৰ্দেশনা জাৰি কৰাৰ পৰামৰ্শ দিয়া হৈছে (Coghlan and Quinn, 2024)

·       পশুপালক আৰু পশু চিকিৎসকসকলক কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ বিষয়ে প্ৰশিক্ষণ দি এই বিষয়ত তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰা প্ৰয়োজন। উপযুক্ত প্ৰশিক্ষণ কাৰ্যসূচীৰ ৰূপায়নৰ জৰিয়তে এই সমস্যা সমাধান কৰা সম্ভৱ (Ezanno et al., 2021)

অসমৰ পশুপালন ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগৰ সম্ভাৱনা

অসমৰ দৰে কৃষিপ্ৰধান ৰাজ্যত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে পশুপালনৰ ক্ষেত্ৰত উৎপাদনশীলতা বৃদ্ধিৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ উন্নতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। অসমৰ গ্ৰাম্যাঞ্চলত পশু চিকিৎসা সেৱাৰ সীমিত উপলব্ধতাৰ পৰিপ্ৰেক্ষিতত, কৃত্ৰিম বুদ্ধিমত্তা-চালিত টেলিমেডিচিন আৰু দূৰৱৰ্তী নিৰীক্ষণ ব্যৱস্থা পশুপালকসকলৰ বাবে অত্যন্ত উপযোগী হ’ব পাৰে। উদাহৰণস্বৰূপে, অসমৰ চৰকাৰী-বেচৰকাৰী খণ্ডত থকা সংগঠিত (organized) দুগ্ধ-পাম সমূহত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি দুগ্ধ উৎপাদন বৃদ্ধি আৰু পশু স্বাস্থ্য সুৰক্ষা ব্যৱস্থা উন্নত কৰা সম্ভৱ।

সামৰণি

পশুপালন আৰু পশু চিকিৎসা বিজ্ঞানত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে ক্ষেত্ৰখনৰ উন্নয়নৰ দিশত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত পশুৰ স্বাস্থ্য নিৰীক্ষণ, ৰোগ নিৰ্ণয়, প্ৰজনন ব্যৱস্থাপনা, আৰু উৎপাদনশীলতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতি নিশ্চিত কৰাটো সম্ভৱপৰ হৈছে। যদিও এই ক্ষেত্ৰত অধিক ব্যয় আৰু প্ৰশিক্ষণৰ অভাৱৰ দৰে কেতবোৰ প্ৰত্যাহ্বান জড়িত হৈ আছে, সঠিক পৰিকল্পনা আৰু সহযোগিতাৰ জৰিয়তে এই সমস্যাসমূহ সমাধান কৰা সম্ভৱ। মুঠৰ ওপৰত ক’বলৈ গ’লে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে কৃষক আৰু পশুপালকসকলৰ জীৱনৰ মান উন্নত কৰাৰ লগতে আমাৰ ৰাজ্যৰ অৰ্থনীতিতো অদূৰ ভৱিষ্যতে যে এক ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব – ই ধুৰূপ।

References:

Akinsulie, O.C.; Idris, I.; Aliyu, V.A.; Shahzad, S.; Banwo, O.G.; Ogunleye, S.C.; Olorunshola, M.; Okedoyin, D.O.; Ugwu, C.; Oladapo, I.P.; Gbadegoye, J.O.; Akande, Q.A.; Babawale, P.; Rostami, S. and Soetan, K.O. (2024). The potential application of artificial intelligence in veterinary clinical practice and biomedical research. Front. Vet. Sci. 11:1347550. doi: 10.3389/fvets.2024.1347550.

Albadrani, B.A.; Abdel-Raheem, M.A. and Al-Farwachi, M.I. (2024). Artificial Intelligence in Veterinary Care: A Review of Applications for Animal Health. Egypt. J. Vet. Sci. 55(6): 1725-1736.

Anonymous (2021). Application of artificial intelligence (AI) in animal health and veterinary sciences. Pashudhan Praharee (https://www.pashudhanpraharee.com/application-of-artificial-intelligence-AI-in-animal-health-and-veterinary-sciences).

Anonymous (2025). Artificial Intelligence in Veterinary Medicine, College of Veterinary Medicine, Cornell University (https://www.vet.cornell.edu/research/artificial-intelligence-veterinary-medicine).

Coghlan, S. and Quinn, T. (2024). Ethics of using artificial intelligence (AI) in veterinary medicine. AI & Soc. 39: 2337–2348. https://doi.org/10.1007/s00146-023-01686-1

Ezanno, P.; Picault, S.; Beaunée, G. et al. (2021). Research perspectives on animal health in the era of artificial intelligence. Vet. Res. 52: 40. https://doi.org/10.1186/s13567-021-00902-4

Ezanno, P.; Picault, S.; Beaunée, G. et al. (2021). Research perspectives on animal health in the era of artificial intelligence. Vet. Res. 52, 40. https://doi.org/10.1186/s13567-021-00902-4

Hossein-Zadeh, N.G. (2025). Artificial intelligence in veterinary and animal science: applications, challenges, and future prospects, Computers and Electronics in Agriculture. 235: 110395, https://doi.org/10.1016/j.compag.2025.110395.

Sobkowich, K.E. (2025). Demystifying artificial intelligence for veterinary professionals: practical applications and future potential. Am. J. Vet. Res. 86(S1). (doi.org/10.2460/ajvr.24.09.0275).

Zhang, L.; Guo, W.; Chenrui L., Guo, M; Yang, M.; Fu, Q. and Liu, X. (2023). Advancements in artificial intelligence technology for improving animal welfare: Current applications and research progress. Animal Research and One Health. 2(1): 93-109. https://doi.org/10.1002/aro2.44


*BioNE, 33rd issue-ত প্ৰকাশিত