এক স্বাস্থ্য হৈছে
এক সহযোগিতামূলক, বহুক্ষেত্ৰীয় পদ্ধতি, যিয়ে মানুহ, পশু আৰু পৰিৱেশৰ স্বাস্থ্যৰ আন্তঃসংযোগক
স্বীকাৰ কৰি উন্নত স্বাস্থ্যৰ লক্ষ্যেৰে কাম কৰে। এই পদ্ধতিয়ে এতিয়া বিশ্বব্যাপী সমৰ্থন
লাভ কৰিছে, যাৰ জৰিয়তে জুনোটিক (উভসংক্ৰামক) ৰোগ, প্ৰতিজৈৱিক প্ৰতিৰোধ আৰু জলবায়ু
পৰিৱৰ্তনৰ প্ৰভাৱৰ দৰে জটিল বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহৰ সমাধানৰ উপায় উদ্ভাৱনৰ সম্ভাৱনা
আছে। বিদ্যালয়ৰ শিক্ষাত এক স্বাস্থ্যৰ ধাৰণাটো প্ৰৱৰ্তন কৰিলে শিশুসকলে কোমল বয়সতে
এই পদ্ধতিৰ বিষয়ে সামগ্ৰিকভাৱে বুজি উঠিবলৈ সক্ষম হ’ব। মহামাৰী আৰু পৰিৱেশ সংকটৰ বৃদ্ধিৰ
প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যৎ প্ৰজন্মক এই প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’বলৈ অধিক কাৰ্যকৰীভাৱে
প্ৰস্তুত কৰাটো জৰুৰী হৈ পৰিছে।
এক স্বাস্থ্য ধাৰণাটোৱে
এই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে মানুহৰ স্বাস্থ্য পশু আৰু পৰিৱেশৰ স্বাস্থ্যৰ সৈতে
ওতপ্ৰোতভাৱে জড়িত। স্কুলীয়া অৱস্থাত শিক্ষাৰ্থীসকলক প্ৰাথমিক পৰ্যায়ত এই বিষয়ত শিক্ষা
প্ৰদান কৰি তেওঁলোকৰ মাজত পৰিৱেশ তন্ত্ৰ, বন্যপ্ৰাণী আৰু মানৱীয় কাৰ্যকলাপৰ পাৰস্পৰিক
ক্ৰিয়াৰ বিষয়ে সচেতনতা গঢ়ি তুলিব পাৰি। বিগত শতিকাৰ অভিজ্ঞতাৰ পৰা এতিয়া জনা গৈছে
যে মানুহৰ মাজত উদ্ভৱ হোৱা সংক্ৰামক ৰোগৰ ৭০% তকৈ অধিক সংখ্যক ৰোগ জুনোটিক উৎসৰ পৰা
উদ্ভুত। ভিন্ন প্ৰজাতিৰ প্ৰাণীৰ মাজত ৰোগ সংক্ৰমণৰ বিষয়ে শিক্ষাৰ্থীসকলক শিকালে তেওঁলোকে
এনে সংক্ৰমণৰ সম্ভাৱ্য পথৰ বিষয়ে বুজিবলৈ সক্ষম হ’ব আৰু ভৱিষ্যতে গৱেষণাৰ জৰিয়তে
প্ৰতিৰোধমূলক ব্যৱস্থাৰ কৌশল উদ্ভাৱন কৰিবলৈ সমৰ্থ কৰি তুলিব পাৰে। তদুপৰি, ই মহামাৰী,
খাদ্য নিৰাপত্তা আৰু প্ৰতিজৈৱিক (এণ্টিবায়টিক) প্ৰতিৰোধৰ দৰে বিশ্বব্যাপী বিষয়ৰ ওপৰত
সমালোচনাত্মক চিন্তাধাৰাৰে গৱেষণা ক্ষেত্ৰত অৰিহণা যোগাবলৈ সক্ষম কৰি তুলিব পাৰে। শিক্ষাৰ্থীসকলে
জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ আৰু জৈৱবৈচিত্ৰ্যৰ ক্ষতিয়ে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ
পেলায় তাৰ বিষয়েও শিকিব পাৰিব, যিয়ে তেওঁলোকক সেই ধৰণৰ পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত
কৰিব।
যিহেতু এক স্বাস্থ্যই
জীৱবিজ্ঞান, পৰিৱেশ বিজ্ঞান, সমাজবিজ্ঞান, জনস্বাস্থ্য আৰু নীতিশাস্ত্ৰ আদি বিভিন্ন
বিষয়ৰ সংমিশ্ৰণ ঘটায়, সেয়েহে বিদ্যালয় পৰ্যায়ত এই ধাৰণাটোৰ পাঠ্যক্ৰমত প্ৰৱৰ্তনৰ
ফলত ভৱিষ্যতে গৱেষণা আৰু সেৱাত বহুবিষয়ক পদ্ধতিৰ গুৰুত্বৰ উপলব্ধি বৃদ্ধি পাব বুলি
আশা কৰা যায়। ই নিশ্চিতভাৱে সমাজৰ সমস্যাৰ সমাধানৰ পদ্ধতিত তেওঁলোকৰ সহযোগিতা আৰু
অংশীদাৰিত্ব সবল কৰি তুলিব। এই ধাৰণাসমূহৰ প্ৰাথমিক পৰিচয়ে পশু চিকিৎসা, পৰিৱেশ বিজ্ঞান,
মহামাৰীবিজ্ঞান বা জনস্বাস্থ্যৰ ক্ষেত্ৰত কেৰিয়াৰৰ প্ৰতিও তেওঁলোকক প্ৰেৰণা যোগাব
পাৰে।
পৰিষ্কাৰ-পৰিচ্ছন্নতা, পশুৰ যত্ন, বৰ্জন ব্যৱস্থাপনা আৰু পুনঃচক্ৰণৰ দৰে মৌলিক ধাৰণাসমূহ প্ৰাথমিক শিক্ষাৰ পৰ্যায়তো প্ৰৱৰ্তন কৰিব পাৰি। আনহাতে মাধ্যমিক পৰ্যায়ত জুনোটিক ৰোগ, জলবায়ু পৰিৱৰ্তন, খাদ্য নিৰাপত্তা আৰু সুৰক্ষাৰ দৰে বিষয়সমূহ বিজ্ঞান, সমাজ অধ্যয়ন আৰু ভূগোলৰ দৰে বিষয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব পাৰি। কিন্তু একে সময়তে, শিক্ষকসকলক এক স্বাস্থ্যৰ নীতিসমূহ শিকোৱাৰ বাবে আৰু তাৰ বাবে প্ৰয়োজনীয় সম্পদৰে সজ্জিত কৰিবলৈ কৰ্মশালা বা প্ৰশিক্ষণ কাৰ্য্যক্ৰমৰ জৰিয়তে কৌশলগত উদ্যোগ গ্ৰহণ কৰা উচিত। শিক্ষাৰ্থীসকলক সচেতনতা অভিযান, পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান বা পশু কল্যাণ কাৰ্য্যকলাপৰ দৰে সামূহিক প্ৰকল্পত জড়িত কৰাৰো প্ৰয়োজন আছে, যাতে তেওঁলোকে এক স্বাস্থ্য ধাৰণাৰ ব্যৱহাৰিক প্ৰয়োগৰ সৈতে পৰিচিত হ’ব পাৰে। এই কাৰ্য্যকলাপত স্বাস্থ্যকৰ্মী, চিকিৎসা আৰু পশু চিকিৎসক আদিক জড়িত কৰাৰ পৰ্য্যাপ্ত সুযোগ থাকিব লাগে।
বৰ্তমান প্ৰচলিত
পাঠ্যক্ৰমত সীমিত স্থানৰ বাবে বিদ্যালয় শিক্ষাত এক স্বাস্থ্যৰ প্ৰৱৰ্তনত প্ৰত্যাহ্বানৰ
সৃষ্টি হ’ব পাৰে। তথাপিও, প্ৰাসংগিক বিষয়ৰ ওপৰত উপযুক্ত বিষয়বস্তু বিকশিত কৰাৰ বাবে
স্বতন্ত্ৰ পাঠ্যক্ৰম সৃষ্টি কৰাৰ পৰিৱৰ্তে, বিশেষজ্ঞসকলৰ সহায়ত এক স্বাস্থ্যক বিজ্ঞান
বা সমাজ অধ্যয়নৰ দৰে বিষয়ৰ সৈতে সংযুক্ত কৰাত গুৰুত্ব আৰোপ কৰা প্ৰয়োজন। এবাৰ ই প্ৰৱৰ্তিত
হ’লে, বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উপযুক্ত পদ্ধতিৰ ব্যৱহাৰে পাঠ্যক্ৰমৰ এক স্বাস্থ্য
সংক্ৰান্তীয় বিষয়বস্তুৰ প্ৰতি শিক্ষাৰ্থীসকলক আকৰ্ষণ কৰাৰ প্ৰাৰম্ভিক বাধাসমূহ ফলপ্ৰসূভাৱে
আঁতৰ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিব পাৰি।