Wednesday, January 19, 2011

পাস্কেল

১৬২৩ খৃষ্টাব্দৰ ১৯ জুন তাৰিখে ফৰাচী দেশৰ ক্লেৰমন্ট-ফেৰান্দ নামৰ ঠাইত ব্লেইজ পাস্কেলৰ জন্ম হয় | তেওঁৰ দেউতাক এজন কৰ সংগ্ৰহকাৰী বিষয়া আছিল | পাস্কেল সৰুৰে পৰাই অতি তীক্ষ বুদ্ধিৰ আৰু অত্যন্ত মেধাবী আছিল | অতি সৰু কালতে তেওঁ বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰেৰে সকলোকে চমক খুৱাইছিল | তেওঁ পোনপ্ৰথমে প্ৰাকৃতিক আৰু ব্যৱহাৰিক বিজ্ঞানৰ কেতবোৰ দিশত বৈজ্ঞানিক অধ্যয়ন চলাইছিল আৰু জলীয় পদাৰ্থৰ ধৰ্ম সংক্ৰান্তীয় বহু গুৰুত্বপূৰ্ণ তথ্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হয় | তেওঁ চাপ আৰু বায়ুশুন্য অৱস্থা সম্বন্ধে আগেয়ে টৰিচেল্লি নামৰ বিজ্ঞানী এজনে আগবঢ়োৱা মতবাদৰ সত্যতা প্ৰতিপন্ন কৰে আৰু বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰাৰ যুক্তিযুক্ততা ডাঙি ধৰে |

১৬৪২ চনত কৈশোৰ অৱস্থাতে তেওঁ গাণনিক যন্ত্ৰ সম্পৰ্কে কেতবোৰ প্ৰাথমিক কাম-কাজ আৰম্ভ কৰে আৰু তিনি বছৰ গভীৰ অধ্যয়ন চলাই অৱশেষত গাণনিক যন্ত্ৰৰ সৈতে জড়িত ৫০ টা সম্ভাৱ্য ধাৰণা আৱিষ্কাৰ কৰে | পিচৰ ১০ বছৰত তেওঁ ২০ টা গাণনিক যন্ত্ৰ তৈয়াৰ কৰি উলিয়ায় | পাস্কেল এজন প্ৰথম শ্ৰেণীৰ গণিতজ্ঞ আছিল | মাত্ৰ ১৬ বছৰ বয়সত তেওঁ প্ৰক্ষেপণ জ্যামিতি বিষয়ক এখন গুৰুত্বপূৰ্ণ গৱেষণা-পত্ৰ প্ৰকাশ কৰে  আৰু পাচত সম্ভাব্যতা সম্পৰ্কে পীয়েৰি দে ফাৰ্মেটৰ সৈতে যোগাযোগ কৰি আধুনিক অৰ্থনীতি আৰু সমাজ বিজ্ঞানৰ অগ্ৰগতিৰ বাবে অমূল্য বৰঙনি আগবঢ়ায় |

১৬৪৬ চনত তেওঁ আৰু তেওঁৰ ভনীয়েক জেকুলীনে কেথ’লিক ধৰ্মৰ সংস্কাৰী মতবাদ জেন্সেনীজ্‌মৰ সমৰ্থনত থিয় দিয়ে | ১৬৫১ চনত তেওঁৰ দেউতাকৰ মৃত্যু হয় | ১৬৫৪ চনৰ তেওঁ পুণৰ ধৰ্মান্তৰিত হয় আৰু বৈজ্ঞানিক কাম-কাজ বাদ দি দৰ্শন আৰু ধৰ্ম-তত্ত্বত মনোনিৱেশ কৰে | সেই সময়তে তেওঁ ‘লেটাৰেচ প্ৰোভিন্সিয়েলিচ’ আৰু ‘পেন্সিচ’ নামৰ দুখন বিখ্যাত পুথি ৰচনা কৰে | সেই সময় চোৱাতে তেওঁ গাণিতিক ত্ৰিভূজৰ বিষয়েও এখন মূল্যবান গৱেষণা-পত্ৰ লিখি উলিয়ায় | ১৬৫৮ ৰ পঅ ১৬৫৯ চনৰ ভিতৰত তেওঁ অধিবৃত্ত আৰু কঠিন পদাৰ্থৰ আয়তন নিৰ্ণয়ত ইয়াৰ ব্যৱহাৰ সংক্ৰান্তত লিখি উলিয়ায় |

১৮ বছৰ বয়সৰ পিচত পাস্কেলৰ স্বাস্থ্যৰ অৱনতি হয় আৰু ৩৯ তম জন্মদিৱসৰ দুমাহৰ পিচতে তেওঁৰ মৃত্যু হয় |

মাত্ৰ তিনি বছৰ বয়সতে পাস্কেলে তেওঁৰ মাতৃ এন্টনিটে বেগনক হেৰুৱায় | তেওঁৰ দেউতাক এটিন্নে পাস্কেলো বিজ্ঞান আৰু গণিতৰ অনুৰাগী আছিল | পাস্কেলৰ দুজনী ভনীয়েক আছিল, জেকুলীন আৰু গিল্‌বাৰ্টে | 

১৬৩১ চনত, তেওঁৰ পৰিবাৰৰ মৃত্যুৰ পাঁচ বছৰৰ পাচত এটিন্নে পাস্কেল ল’ৰা-ছোৱালী কেইটাৰে সৈতে পেৰিচলৈ যায়গৈ | সেইসময়ত তেওঁলোকৰ ঘৰত বন-কৰা মহিলা হিচাবে থকা লুই ডেল্‌ফ্ল্ট তেওঁলোকৰ পৰিয়ালৰ এগৰাকী অন্যতম সদস্যৰ দৰে আছিল আৰু ল’ৰা-ছোৱালী কেইটাৰ যত্ন লৈছিল | কিন্তু পাস্কেলৰ দেউতাকে দ্বিতীয় বিবাহ নকৰাই নিজৰ সন্তান কেইটাক ঘৰতে শিক্ষা দান কৰিছিল | মাত্ৰ ১১ বছৰ বয়সতে ব্লেইজ পাস্কেলে কম্পিত বস্তুৰ শব্দ সম্পৰ্কে এখন চুটি ৰচনা লিখি উলিয়াইছিল ; কিন্তু দেউতাকে তেওঁ ১৫ বছৰ নোহোৱালৈকে গণিতৰ অধ্যয়নত বাধা প্ৰদান কৰিছিল, যাতে তেওঁৰ লেটিন আৰু গ্ৰীক ভাষাৰ অধ্যয়নত কোনো বিৰূপ প্ৰভাৱ নপৰে |  অৱশ্যে তেওঁৰ ১২ বছৰ বয়সত এদিন তেওঁৰ দেউতাকে  দেখিলে যে পাস্কেলে এটুকুৰা কয়লা হাতত লৈ বেৰত ছবি আঁকি স্বতন্তৰীয়াকৈ প্ৰমাণ কৰিছে যে যিকোনো ত্ৰিভূজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণৰ সমান | তেতিয়াৰে পৰা দেউতাকে তেওঁক ইউক্লীডীয় জ্যামিতি অধ্যয়ন কৰাৰ অনুমতি দিলে আৰু সেই সময়ৰ ইউৰোপত বিভিন্ন জনসভাত গোট খোৱা বিখ্যাত গণিতজ্ঞ সকলৰ কথা-বতৰা মৌনভাৱে শুনাৰ ব্যৱস্থা কৰি দিলে | ইয়াৰ পিচতে মাত্ৰ ১৬ বছৰ বয়সত পাস্কেলে তেওঁৰ বিখ্যাত "পাস্কেলৰ সূত্ৰ" আৱিষ্কাৰ কৰিলে | এই সূত্ৰৰ মতে যদি এটা ষড়ভূজ এটা বৃত্ত বা ত্ৰিশঙ্কুৰ ওপৰত স্থাপন কৰা হয়, তেন্তে বিপৰীত বাহু বিলাকে কটাকটি কৰা বিন্দু কেইটা এডাম সৰলৰেখাত থাকিব | এই ৰেখা ডালক আমি পাস্কেল ৰেখা বোলো |

পাস্কেলৰ এই আৱিষ্কাৰ ইমানেই সাংঘাতিক আছিল যে যেতিয়া এই সূত্ৰ ডেচ্‌কাৰ্টেছ নামৰ বিজ্ঞানী জনক দেখুওৱা হ’ল, তেওঁ বিশ্বাস কৰিবলৈ মান্তি নহ’ল যে এই আৱিষ্কাৰ পাস্কেলৰ দেউতাকে নহয়, কণমানি পাস্কেলেহে কৰিছে |

পেৰিচত বহুতো আৰ্থিক উত্থান পতনৰ সন্মুখীন হোৱাৰ অন্তত ১৬৩৯ চনত পাস্কেলৰ দেউতাক ৰোৱেন নগৰীৰ কৰ আয়ুক্ত নিযুক্ত হয় | ১৬৪২ চনত দেউতাকৰ কৰ সংক্ৰান্তীয় আমনিদায়ক আৰু জটিল গণনা কাৰ্য সহজ কৰাৰ অভিপ্ৰায়েৰে পাস্কেলে এটা গাণনিক যন্ত্ৰ সাজি উলিয়ায়, যিটোৰ সহায়ত যোগ আৰু বিয়োগ অতি সহজতে কৰিব পৰা গৈছিল | ইয়াক "পাস্কেলৰ কেল্কুলেটৰ" বা "পাস্কেলাইন" বোলা হয় |  পেৰিচ আৰু জাৰ্মানী দ্ৰেছদেন যাদুঘৰত পাস্কেলে বনোৱা দুটা এনে ধৰণৰ যন্ত্ৰ আজিও সংৰক্ষিত হৈ আছে | পিচৰটো দশকত পাস্কেলে তেওঁৰ এই আৱিষ্কাৰৰ অধিক উন্নতি ঘটাই মুঠ ২০ টা গাণনিক যন্ত্ৰ সাজি উলিয়ায় |

গোটেই জীৱন জুৰি গণিতৰ বিভিন্ন আৱিষ্কাৰেৰে পাস্কেলে আধুনিক গণিতৰ বিকাশলৈ যুগান্তকাৰী অৱদান যোগাই থৈ গৈছে | ১৬৫৪ চনত তেওঁৰ এজন বন্ধু ছেভালিয়াৰ দে মেৰেৰ অনুৰোধ মৰ্মে জুৱাখেলত বন্ধুজনে পোৱা অসুবিধা এটাৰ সমাধান কৰিবলৈ চেষ্টা কৰোঁতে পাস্কেলে ফাৰ্মেট নামৰ আন এজন গণিতজ্ঞৰ সহযোগত সম্ভাব্যতাৰ তত্ত্ব আৱিষ্কাৰ কৰে | পিচলৈ পাস্কেলে এই সম্ভাব্যতাৰ সূত্ৰ প্ৰয়োগ কৰি ভগবানৰ অস্তিত্ব আৰু সত্‍ জীৱন যাপনৰ যুক্তিযুক্ততা প্ৰমাণ কৰিবলৈ বিচাৰিছিল |

১৬৫৪ চনত এটা ধৰ্মীয় অভিজ্ঞতাৰ পৰিণতিত পাস্কেলে বৈজ্ঞানিক অধ্যয়ন প্ৰায় বিসৰ্জন দিয়ে | অৱশ্যে ১৬৫৮ চনত এনিশা উজাগৰে কটোৱাৰ পাচত চাইক্লয়ড বা অধিবৃত্তৰ ওপৰত আৰু এক সুত্ৰ উদ্ভাৱন কৰে |

বিভিন্ন বৈজ্ঞানিক আৱিষ্কাৰৰ উপৰিও পাস্কেলে গাণিতিক দৰ্শনৰ দিশতো অতুলনীয় অৱদান আগবঢ়ায় |  এই দিশত তেওঁৰ বিশিষ্ট অৱদানৰ ভিতৰত আছিল "অৱ দা জ্যামিত্ৰিকেল স্পিৰিট" নামৰ কিতাপখন | গণিতৰ উপৰিও তেওঁ পদাৰ্থ বিজ্ঞানৰ প্ৰতিও অমূল্য অৱদান আগবঢ়ায় | তাৰ ভিতৰত তেওঁ হাইদ্ৰ’ডাইনেমিক্সৰ ওপৰত কৰা গৱেষণা, বেৰোমিটাৰ আৰু বায়ুশূন্যতা সম্পৰ্কে কৰা আৱিষ্কাৰ উল্লেখযোগ্য |

১৬৫৪ চনৰ অক্তোবৰ মাহত পাস্কেলে এটা গুৰুতৰ দুৰ্ঘটনাৰ সন্মুখীন হয় আৰু তাৰ পিচৰ পৰাই তেওঁৰ স্বাস্থ্য ক্ৰমান্বয়ে ভাগি পৰে | ১৬৬২ চনত তেওঁঅ শাৰীৰিক অৱস্থা অধিক শোচনীয় হৈ পৰে আৰু তাৰ আগৰ বছৰত হোৱা ভগ্নীৰ মৃত্যুৰ বাবে তেওঁ মানসিকভাৱেও ভাগি পৰে | ১৬৬২ চনৰ ১৮ আগষ্টত পেৰিচত থাকোঁতে তেওঁ হঠাতে চেতনা হেৰুৱায় আৰু পিচদিনা শেষ নিশ্বাস ত্যাগ কৰে | মৃত্যুৰ আগে আগে তেওঁ কৈছিল, " ভগবানে যেন মোক কাহানিও পৰিত্যাগ নকৰে !"

No comments:

Post a Comment