বৰ্তমান যুগত বিজ্ঞানৰ প্ৰগতি আৰু বৈজ্ঞানিক উদ্ভাৱনসমূহে আমাৰ সকলোৰে ব্যক্তিগত আৰু সামূহিক জীৱনৰ প্ৰায়বিলাক ক্ষেত্ৰতে অপৰিহাৰ্য্য প্ৰভাৱ বিস্তাৰ কৰিছে। কেৱল বৈজ্ঞানিক আৱিষ্কাৰৰ বাবেই নহয়, সাম্প্ৰতিক কালত আমাৰ দৈনন্দিন জীৱনৰ সকলো ক্ষেত্ৰতে বৈজ্ঞানিক মানসিকতাৰ অতীব প্ৰয়োজন। বৈজ্ঞানিক মানসিকতাৰ মূল দিশ চাৰিটা – কৌতূহল, মুকলি মন, বিচাৰাত্মক মনোবৃত্তি আৰু বিনয়।
কৌতূহল
ই হ’ল বিজ্ঞানৰ মূল আত্মা। যিকোনো নতুন বস্তু বা তথ্যৰ
সন্মুখীন হ’লেই সেই বিষয়ে জনাৰ বাবে কৰিবলগীয়া প্ৰশ্নকেইটা হ’ল –
কি, কিয় আৰু কেনেকৈ? নতুনকৈ কথা ক’বলৈ শিকা এটি শিশুৱে সঘনাই সোধা প্ৰশ্নটোৱেই হ’ল “এইটো কি”? এই ঔৎসুক্য শিশুটিৰ মানসিক বিকাশৰ বাবে অতি
প্ৰয়োজনীয়। এই শিশুসুলভ গুণটো জীৱনৰ সকলো
সময়তে বৰ্তাই ৰাখিব পাৰিলে শিশুটিয়ে পৰৱৰ্ত্তী কালত যিকোনো নতুন বিষয় একোটা আহৰণ
কৰি তাৰ সুফল ভোগ কৰিবলৈ সমৰ্থ হয়। ছাত্ৰাৱস্থাত আটাইতকৈ প্ৰয়োজনীয় গুণটোৱেই হ’ল
কৌতূহল।
মুকলি মন
বৈজ্ঞানিক চিন্তাৰ বাবে প্ৰয়োজনীয় অতি প্ৰয়োজনীয় আন এটা দিশ হ’ল
এটা মুকলি মন। যিকোনো বিষয়ত থকা বদ্ধমূল ধাৰণাই আমাক বিষয়টো সম্পৰ্কে নতুনকৈ
বিশ্লেষণ কৰাত বাধা দিয়ে। উপযুক্ত পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত বা প্ৰতিষ্ঠিত নোহোৱা
পৰ্য্যন্ত বিজ্ঞানে কোনো কথা মানি নলয়। উদাহৰণ স্বৰূপে, সৰুতে আমি পাঠ্যপুথিত
পঢ়িছিলো যে গৰুৰ দাঁত এপাৰি; ওপৰৰ পাৰি দাঁত নাই। কিন্তু গৰু এটাৰ মুখখন পৰীক্ষা
কৰিলে দেখা যায় - প্ৰকৃততে ওপৰৰ পাৰি দাঁতৰ কেৱল অগ্ৰদন্ত কেইটাহে নাই; বাকী
দাঁতবোৰ আছে। যিকোনো তথ্য মুকলি মনেৰে চালি-জাৰি চোৱাৰ মানসিকতাই শিশু এটাৰ
বৌদ্ধিক বিকাশত অশেষ সহায় কৰে।
বিচাৰাত্মক মনোবৃত্তি
আমাৰ মাজৰ বহুতেই যিকোনো তথ্য তাৰ উৎস বা শুদ্ধতাৰ বিচাৰ নকৰাকৈ
সহজতে মানি লয়। ই বৈজ্ঞানিক মানসিকতাৰ পৰিচায়ক নহয়। নতুন তথ্য এটা প্ৰথমবাৰৰ বাবে
লাভ কৰোঁতে প্ৰথমে তাৰ উৎস সম্পৰ্কে বিচাৰ কৰা উচিত। গঠনমূলক সন্দেহ, সংশয় আৰু
সমালোচনা কেতিয়াও বেয়া হ’ব নোৱাৰে। বৰঞ্চ ই আমাক যিকোনো বিষয় সম্পৰ্কে নিৰ্মোহ
বিশ্লেষণ কৰাৰ বাবে অনুপ্ৰাণিত কৰে আৰু বহু সময়ত আমাক নিশ্চিত বিপদৰ পৰা ৰক্ষা
কৰে। বৈজ্ঞানিক গৱেষণাৰ মূল আধাৰটোৱেই হ’ল নিৰ্মোহ বিশ্লেষণ। যিকোনো সামাজিক বিষয়ৰ ক্ষেত্ৰটো
এই কথা খাটে। বিশ্লেষণাত্মক মনোবৃত্তিয়ে আমাক যিকোনো বিষয় সম্পৰ্কে অধিক জনাৰ বাবে
আগ্ৰহী কৰি তোলে। ফলত প্ৰকৃত সত্য উদ্ঘাটন কৰাৰ বাবে ই সহায়ক হয়।
বিনয়
বৈজ্ঞানিক মানসিকতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আন এটা দিশ হ’ল
বিনয়। সত্যৰ সন্ধান কৰোঁতা ব্যক্তি এজনে নিজৰ ভুল স্বীকাৰ কৰিবলৈও সকলো সময়তে
প্ৰস্তুত থকা উচিত। নিজৰ মনত পুহি ৰখা অথবা পুথিগত বিদ্যাৰে আয়ত্ব কৰা যিকোনো
ধাৰণা পৰৱৰ্ত্তী সময়ত অশুদ্ধ প্ৰমাণিত হ’লে বিনয়েৰে স্বীকাৰ কৰি ল’ব পৰাটো
বৈজ্ঞানিক মানসিকতাৰ পৰিচায়ক। বিজ্ঞানৰ ইতিহাসত এনে বহুবোৰ উদাহৰণ আছে য’ত
একোজন বিজ্ঞানীৰ আকোৰগোঁজ মনোবৃত্তিৰ বাবে বিজ্ঞানৰ কেতবোৰ গুৰুত্বপূৰ্ণ তত্ত্ব
বহু বছৰলৈকে ভুল ধাৰণাৰ ওপৰত বৰ্ত্তি আছিল। উদাহৰণ স্বৰূপে, অষ্টদশ শতিকাত জীৱাণুৰ
‘স্বতঃস্ফূৰ্ত সৃষ্টিতত্ত্ব’ (Spontaneous
Generation Theory) সম্পৰ্কে থকা জন নিধাম আৰু তেওঁৰ অনুগামীসকলৰ আকোৰগোঁজ মনোভাৱ আৰু
ইয়াক ভুল প্ৰমাণ কৰিবলৈ সেই সময়ৰ আন আন বিজ্ঞানীয়ে কৰা পৰীক্ষা-নীৰিক্ষাৰ
ফলাফলসমূহ মানি ল’বলৈ কৰা অস্বীকাৰৰ ফলস্বৰূপে আধুনিক অনুজীৱ বিজ্ঞানৰ
অগ্ৰগতি বহুকাল পিছ পৰি যোৱাৰ কথা বিজ্ঞানৰ ইতিহাসত স্বীকৃত হৈছে।
মুঠৰ ওপৰত, নিজৰ ভুল ধাৰণা বা বিচাৰৰ অশুদ্ধতা অথবা জ্ঞানৰ সীমাৱদ্ধতা স্বীকাৰ কৰি ল’বলৈ মানসিকভাৱে প্ৰস্তুত থাকিব নোৱাৰিলে বৈজ্ঞানিক মানসিকতা কেতিয়াও গঢ় লৈ উঠিব নোৱাৰে। নজনা কথা জনাৰ নিৰন্তৰ আগ্ৰহ আৰু অফুৰন্ত কৌতূহল, এটা মুকলি মন, বিশ্লেষণাত্মক মনোবৃত্তি আৰু বিনয়ী স্বভাৱেই হ’ল মানৱৰ বৌদ্ধিক বিকাশ আৰু প্ৰগতিৰ মূল চাবিকাঠি।
This comment has been removed by a blog administrator.
ReplyDelete