Sunday, April 23, 2023

পৰিভ্ৰমী সাগৰীয় কাছ


জাৰকালি আমাৰ চৌকাষৰ বিল, জলাহ আদিত ভৰি পৰা পৰিভ্ৰমী চৰাইৰ কথা সকলোৱে জানে। কিন্তু সাগৰীয় কাছৰ এনে পৰিভ্ৰমণৰ কথা তোমালোকে জানানে? যদিওবা সাধাৰণতে কাছক অতি এলেহুৱা আৰু লেধা প্ৰাণীৰূপে অভিহিত কৰা হয়, সিহঁতৰ পৰিভ্ৰমণৰ তথ্যই কিন্তু তাৰ বিপৰীত প্ৰমাণহে ডাঙি ধৰে।

প্ৰায়বিলাক সাগৰীয় কাছই খোৱা ঠাই আৰু পোৱালি জগোৱা স্থানৰ মাজত বছৰৰ বিভিন্ন সময়ত পৰিভ্ৰমণ কৰে আৰু ঋতু অনুসৰি উপযুক্ত উষ্ণতাৰ পানীৰ সন্ধানতো এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰে। কিন্তু কেতিয়াবা কেতিয়াবা এনেধৰণে পৰিভ্ৰমণ কৰোঁতে সিহঁত শ-শ বা আনকি কেইবা হাজাৰ মাইল পৰ্য্যন্ত আঁতৰলৈ যায়। বিজ্ঞানীসকলে উপগ্ৰহৰ সহায়ত কাছবোৰৰ এনে ভ্ৰমণ বৃত্তান্ত এতিয়া সহজেই অনুসৰণ কৰিব পাৰে।

সাগৰীয় কাছই পৃথিৱীৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলসমূহত সাধাৰণতে কণী পৰাৰ সময়ত বাহ লয়। মতা আৰু মাইকী উভয়ে প্ৰজননৰ সময়ত বাহ সজাৰ বাবে উপযুক্ত স্থানলৈ ভ্ৰমণ কৰে। বিশেষকৈ ইয়াৰ বাবে সিহঁতে নিৰ্বাচন কৰে নিজৰ জন্মস্থানটো। প্ৰাপ্তবয়স্ক কাছবোৰে কেনেকৈনো নিজৰ জন্মস্থানলৈ উভটি যোৱা গতিপথ চিনি পায় সেই বিষয়ে অৱশ্যে এতিয়ালৈকে ভালদৰে জানিব পৰা হোৱা নাই। কিন্তু বিজ্ঞানীসকলে ভাৱে যে সিহঁতে ইয়াৰ বাবে বিভিন্ন সূত্ৰৰ ব্যৱহাৰ কৰে, যেনেঃ সাগৰীয় সোঁত, পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ, জল-ৰসায়ন আদি।

লেডাৰবেক্‌ প্ৰজাতিৰ সাগৰীয় কাছ বোধকৰো সবাতোকৈ অধিক দূৰত্ব পৰিভ্ৰমণ কৰা এবিধ কাছ। ইহঁতে প্ৰতিবছৰে ১০,০০০ মাইল বা ততোধিক দূৰত্ব অতিক্ৰমি নিজৰ ইপ্সিত খাদ্য যেনেঃ জেলিমাছ আহৰণ কৰে। আটলাণ্টিক মহাসাগৰত ইহঁতে কেৰিবিয়ান উপকূলৰ পৰা আমেৰিকাৰ পূব উপকূল হৈ কানাডা পৰ্য্যন্ত পৰিভ্ৰমণ কৰে। ঠিক সেইদৰে, প্ৰশান্ত মহাসাগৰত ইহঁতে দক্ষিণ-পূব এছিয়াৰ ইণ্ডোনেচিয়া আৰু মালয়েছিয়াৰ পৰা কেলিফ’ৰ্ণিয়া হৈ আলাস্কালৈকে ভ্ৰমি ফূৰে। এই প্ৰজাতিৰ কাছবোৰৰ মূৰৰ ওপৰত ঠিক সিহঁতৰ মস্তিষ্কৰ ওপৰতে এটা পাতল গুলপীয়া বৰণৰ দাগ থাকে। বিশ্বাস কৰা হয় যে ই মূৰৰ ভিতৰত অৱস্থিত পিনীয়েল গ্ৰন্থিলৈ পোহৰৰ ৰশ্মি প্ৰসাৰিত হোৱাত সহায় কৰে, যাৰ সহায়ত সিহঁতে পৰিভ্ৰমণৰ গতিপথ নিৰ্ধাৰণ কৰে। পিনীয়েল গ্ৰন্থি হ’ল মেৰুদণ্ডী প্ৰাণীৰ এবিধ গ্ৰন্থি, যি দিনৰ পোহৰৰ সংকেত নিৰূপন কৰি শোৱা আৰু সাৰ-পোৱাৰ বাবে প্ৰাণীক যাৱতীয় সংকেত প্ৰদান কৰে। কাছই এই সংকেতৰ লগতে পাৰিপাৰ্শ্বিক উষ্ণতাৰ অনুভূতিৰ সহায়তে সিহঁতৰ পৰিভ্ৰমণৰ গতিপথ ঠাৱৰ কৰে বুলি ভৱা হয়।

জাপানত জন্ম হোৱা লগাৰহে’ড জাতীয় কাছই খাদ্য আহৰণ আৰু উপযুক্ত শাৰিৰীক বৃদ্ধিৰ বাবে ৮০০০ মাইল পৰ্য্যন্ত পৰিভ্ৰমণ কৰি কেলিফ’ৰ্ণিয়া আৰু মেক্সিকোলৈ গতি কৰে। যেতিয়া সিহঁত প্ৰাপ্তবয়স্ক অৱস্থাপ্ৰাপ্ত হয়, তেতিয়া পুনৰ প্ৰজননৰ বাবে জাপানলৈ ঘূৰি আহে।

২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ‘য়চি’ নামৰ এক পৰিভ্ৰমী কাছৰ গতিপথ অনুসৰণ কৰি ঠাৱৰ কৰা হৈছিল যে সি অষ্ট্ৰেলিয়াৰ পৰা এঙ্গলা হৈ আফ্ৰিকা মহাদেশৰ পূৱ উপকূল পৰ্য্যন্ত ভ্ৰমণ কৰি পুনৰ নিজৰ পূৰ্বৰ বাসস্থানলৈ ঘূৰি আহিছিল আৰু এই যাত্ৰাকালত সি ২০,০০০ মাইলতকৈও অধিক পথ অতিক্ৰম কৰিছিল।

[E-zine of biological sciences, 'BioNE'-ৰ ২৪তম সংখ্যাত ইতিপূৰ্বে প্ৰকাশিত]

No comments:

Post a Comment