হাত দুখন
ধুই পৰিষ্কাৰকৈ ৰাখিলে বহুতো বেমাৰৰ পৰা নিজকে ৰক্ষা কৰিব পৰাৰ লগতে আনৰ গালৈ ৰোগৰ
বীজাণু সংক্ৰমিত হোৱাতো বাধা দিব পাৰি। অপৰিষ্কাৰ হাতৰ দ্বাৰাই বহুতো ৰোগ সোঁচৰিত
হয়।
হাতলৈ বীজাণু ক’ৰ পৰা আহে আৰু কেনেকৈ মানুহৰ গালৈ ৰোগ
সোঁচৰিত কৰে?
মানুহ
তথা জীৱ-জন্তুৰ বিষ্ঠা হ’ল - চাল্ম’নেলা, ই কলাই, ন’ৰ’ ভাইৰাছ আদি
হাগনি বা ডায়েৰিয়া ৰোগ সৃষ্টি কৰিব পৰা বিভিন্ন প্ৰকাৰৰ বীজাণুৰ এক প্ৰধান উৎস। আনকি
বিষ্ঠাৰ জৰিয়তে শ্বাস-প্ৰশ্বাসজনিত কেতবোৰ ৰোগো সোঁচৰিব পাৰে। বিষ্ঠা ত্যাগ কৰাৰ
সময়ত অথবা কেঁচুৱাৰ শৌচ-কৰা কাপোৰ সলনি কৰাৰ সময়ত এনেধৰণৰ বীজাণু মানুহৰ হাতলৈ
সংক্ৰমিত হয়। অৱশ্যে আন আন উৎস, যেনে কেঁচা মাংস আদিৰ পৰাও এনে বীজাণু হাতলৈ সংক্ৰমিত
হ’ব পাৰে। মানুহৰ মাত্ৰ এক গ্ৰাম বিষ্ঠাত
১০০০ কোটি পৰ্য্যন্ত এনে বীজাণু থাকিব পাৰে। বীজাণু লাগি থকা যিকোনো বস্তু, যেনে:
কাহ বা হাঁচি মৰাৰ সময়ত নাক-মুখৰ পৰা ওলোৱা থুৰ কণা লাগি বীজাণুযুক্ত হোৱা বস্তু,
হাতেৰে চোৱাৰ ফলতো হাত বীজাণুযুক্ত হ’ব পাৰে। যেতিয়া এনে বীজাণু হাতত লাগি থাকে আৰু হাত ভালকৈ ধুই পৰিষ্কাৰ কৰা
নহয়, তেতিয়াই এজনৰ পৰা আন জনলৈ বীজাণু সোঁচৰিব পাৰে।
হাত ধুই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি
চাবোনেৰে
হাত ধুই হাতৰ পৰা বীজাণু নিৰ্মূল কৰিব পৰা যায়। ই ৰোগ বিয়পাত বাধা দিয়ে, কাৰণ -
·
মানুহে সঘনাই, আনকি ক’ব নোৱৰাকৈয়ে, নিজৰ চকু, নাক আৰু মুখ হাতেৰে চুই থাকে। ফলত
হাতত থকা বীজাণু অতি সহজে চকু, নাক আৰু মুখৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰিব পাৰে।
·
অপৰিষ্কাৰ হাতৰ পৰা ৰোগৰ বীজাণু খাদ্যবস্তু বা খোৱাপানীলৈ
সংক্ৰমিত হ’ব পাৰে। আনকি কেতবোৰ খাদ্যত এনে
বীজাণুবোৰৰ বংশবৃদ্ধিও হ’ব পাৰে।
·
অপৰিষ্কাৰ হাতৰ পৰা ৰোগৰ বীজাণু আন সামগ্ৰী, যেনে: টেবুল-চকীৰ
পৃষ্ঠ, বাছ বা ৰেলত থিয় হৈ যোৱা যাত্ৰীয়ে ধৰিবলৈ থকা লোৰ দণ্ড, শিশুৱে খেলা পুতলা
আদিলৈ বিস্তাৰিত হ’ব পাৰে আৰু এনেবোৰ বস্তুৰ পৰা পুনৰ আন
এজন ব্যক্তিৰ হাতলৈ সংক্ৰমিত হ’ব পাৰে।
·
সেয়েহে হাত ভালকৈ ধুই পৰিষ্কাৰ কৰি ৰাখিলে ডায়েৰিয়া, চকুৰ
ৰোগ, শ্বাসজনিত ৰোগ, চালৰ ৰোগ আদি বহুবিধ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।
হাত ধোৱাৰ শিক্ষা
প্ৰদান কৰি ব্যক্তি আৰু সমাজৰ স্বাস্থ্য সুৰক্ষিত কৰিব পাৰি।
বিভিন্ন
গৱেষণাৰ দ্বাৰা এইটো প্ৰমাণিত হৈছে যে হাত ধোৱাৰ নিয়মিত অভ্যাসৰ দ্বাৰা -
·
ডায়েৰিয়া ৰোগাক্ৰান্ত ব্যক্তিৰ সংখ্যা ২৩-৪০ শতাংশ হ্ৰাস
কৰিব পাৰি।
·
ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস পোৱা ব্যক্তিৰ ক্ষেত্ৰত
ডায়েৰিয়া হোৱাৰ আশংকা ৫৮ শতাংশ হ্ৰাস কৰিব পাৰি।
·
মানুহৰ মাজত পানী লগাৰ দৰে সাধাৰণ শ্বাসজনিত ৰোগৰ
প্ৰাদুৰ্ভাৱ ১৬-২১ শতাংশ হ্ৰাস কৰিব পাৰি।
·
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্কুলত অনুপস্থিত থকাৰ হাৰ ২৯-৫৭
শতাংশ হ্ৰাস কৰিব পাৰি।
হাত নুধুলে বিশ্বৰ
সকলো ঠাইৰে শিশুৰ অপকাৰ হয়
ডায়েৰিয়া
জনিত আৰু হাঁওফাঁওৰ নিউমোনিয়া ৰোগৰ ফলত বছৰি সমগ্ৰ বিশ্বত ৫ বছৰ বয়সৰ তলৰ প্ৰায়
১.৮ নিযুত শিশু মৃত্যু মুখত পৰে। শিশুৰ এই দুই ব্যাধিয়েই হ’ল সমগ্ৰ বিশ্বত দেখা দিয়া আটাইতকৈ মাৰাত্মক ব্যাধি।
·
ডায়েৰিয়া হোৱা প্ৰতি ৩ টিৰ এটি শিশুক কেৱল নিয়মিত হাত-ধোৱাৰ
অভ্যাসৰ দ্বাৰা ৰক্ষা কৰিব পাৰি। ঠিক সেইদৰে, নিউমোনিয়াৰ পৰা প্ৰতি ৫ টি শিশুৰ
এটিক হাত-ধোৱাৰ অভ্যাসৰ জৰিয়তে বচাব পৰা যায়।
·
যদিও পৃথিৱীৰ প্ৰায় সকলো ঠাইতে মানুহে সাধাৰণতে পানীৰে ধুই
হাত পৰিষ্কাৰ কৰে, বহু কম সংখ্যকেহে হাত ধুবলৈ চাবোন ব্যৱহাৰ কৰে। চাবোনেৰে হাত
ধুলে বেমাৰৰ বীজাণু সহজে নিৰ্মূল কৰিব পাৰি।
·
হাত-ধোৱাৰ শিক্ষা আৰু চাবোন উপলব্ধ কৰি বিদ্যালয়ত
ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ বৃদ্ধি কৰিব পাৰি।
·
বাংলাদেশত চলোৱা এটি সমীক্ষাত পোৱা গৈছে যে চাবোন অবিহনে
কেৱল পানীৰে হাত ধুই খাদ্য প্ৰস্তুত কৰাৰ অভ্যাসে শিশুৰ ডায়েৰিয়া ৰোগ বহুলাংশে
হ্ৰাস কৰিব পাৰে।
·
অতি পৰিতাপৰ কথা যে সম্প্ৰতি বিশ্বত শৌচ কৰাৰ পাছত হাত
ধোৱাৰ অভ্যাস মানি চলা লোকৰ হাৰ কেৱল ১৯ শতাংশ।
হাত-ধোৱাৰ অভ্যাসে বীজাণুৰ ঔষধ প্ৰতিৰোধী
গুণ বৃদ্ধিতো বাধা প্ৰদান কৰে
ৰোগ
প্ৰতিষেধনৰ দ্বাৰা ৰোগ নিৰাময়কাৰী প্ৰতিজৈৱিক ঔষধৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি আৰু
তাৰ দ্বাৰা বীজাণুৰ ঔষধ প্ৰতিৰোধী গুণ প্ৰতিহত কৰিব পাৰি। আগেয়ে উল্লেখ কৰা হৈছে
যে হাত-ধোৱাৰ অভ্যাসে ৩০% ডায়েৰিয়া আৰু ২০% শ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ কমাব পাৰে।
এনে ৰোগৰ চিকিৎসাৰ বাবে সঘনাই প্ৰতিজৈৱিক ঔষধ ব্যৱহাৰ কৰা হয়। হাত-ধোৱা অভ্যাসৰ
ফলত এনে ৰোগৰ হাৰ কমি যোৱাৰ বাবে প্ৰতিজৈৱিক ঔষধৰ ব্যৱহাৰো কমি যায় আৰু তাৰ ফলত
বীজাণুৰ ঔষধ প্ৰতিৰোধী গুণ বৃদ্ধিতো বাধা পৰে। হাত-ধোৱা অভ্যাসে মানুহক ঔষধ
প্ৰতিৰোধী বীজাণুৰ আক্ৰমণৰ পৰাও ৰক্ষা কৰে, যিবিলাক বীজাণুৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ
চিকিৎসা সাধাৰণতে অতি কষ্টসাধ্য আৰু খৰচী হয়।
হাত-ধোৱাৰ উপকাৰিতা
·
চাবোন-পানীৰে
ধুই হাত পৰিষ্কাৰকৈ ৰাখিলে বহুতো বেমাৰৰ পৰা নিজকে ৰক্ষা কৰিব পৰাৰ লগতে আনৰ গালৈ
ৰোগৰ বীজাণু সংক্ৰমিত হোৱাতো বাধা দিব পাৰি।
·
নিয়মিত
ভালদৰে হাত ধুই পানী লগা, মেনিন্জাইটিচ্, ব্ৰংকাইটিচ্, ইন্ফ্লুৱেঞ্জা,
হেপাটাইটিচ্ এ আৰু প্ৰায়বোৰ বীজাণুজনিত হাগনি ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।
হাত
কেতিয়া ধুব লাগে?
·
খাদ্য প্ৰস্তুত কৰাৰ আগতে, কৰি
থাকোঁতে আৰু পাছত
·
আহাৰ খোৱাৰ আগতে
·
ৰোগীৰ শুশ্ৰূষা কৰাৰ আগতে আৰু
পাছত
·
কাৰোবাৰ দেহত হোৱা কটা ঘা বা
অন্য ঘাৰ চিকিৎসা কৰাৰ আগেয়ে আৰু পাছত
·
শৌচ-প্ৰস্ৰাৱ কৰাৰ পাছত
·
শিশুৰ পিন্ধা-কাপোৰ সলনি কৰাৰ
পাছত আৰু শৌচ-প্ৰস্ৰাৱ কৰা কেঁচুৱাক পৰিষ্কাৰ কৰাৰ পাছত
·
নাক পৰিষ্কাৰ কৰা, কাহ অথবা
হাঁচি মৰাৰ পাছত
·
পশু, পশুখাদ্য অথবা পশুৰ
শৌচ-প্ৰস্ৰাৱৰ সংস্পৰ্শলৈ অহাৰ পাছত
·
পোহনীয়া জন্তুক খুউৱা বা আপদাল
কৰাৰ পাছত
·
পেলনীয়া বস্তু হাতেৰে চোৱাৰ
পাছত
হাত ধোৱাৰ শুদ্ধ পদ্ধতিনো কি?
·
হাত দুখন নিয়মীয়া বা সহ্য কৰিব
পৰাকৈ গৰম কৰা পানীৰে তিয়াই লওক আৰু ভালকৈ চাবোন সানক।
·
চাবোন টুকুৰা হাত দুখনত ভালকৈ
ঘঁহি ফেনাবলৈ দিয়ক। এইটো নিশ্চিত কৰক যাতে হাত দুখনৰ পিঠি ফাল, আঙুলিবোৰৰ মাজ আৰু
নখৰ গুৰিত চাবোন ভালদৰে ঘঁহা হয়।
·
প্ৰায় ২০ ছেকেণ্ড ধৰি এনেদৰে
হাত দুখন ঘঁহি থাকক।
·
এতিয়া পৰিষ্কাৰ পানীৰে হাত দুখন
ভালকৈ পুনৰ ধোৱক।
·
হাত দুখন পৰিষ্কাৰ গামোছা বা
কাপোৰ এখনেৰে মছি শুকাওক।
টেপৰ পানী আৰু চাবোন নাথাকিলে কি কৰিব?
যদি টেপৰ পানী আৰু চাবোন
উপলব্ধ নহয়, তেন্তে ন্যূনতম ৬০ শতাংশ এলকহল থকা বজাৰত কিনিবলৈ পোৱা হাত পৰিষ্কাৰ
কৰা পনীয়া দ্ৰৱ্য (Hand
sanitizer)ব্যৱহাৰ কৰিব পাৰি। এনে ধৰণৰ দ্ৰৱ্যসমূহে হাতত থকা
বীজাণুবোৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব নোৱাৰে যদিও সিহঁতৰ সংখ্যা যথেষ্ট পৰিমাণে
হ্ৰাস কৰিব পাৰে।
যদিহে হাত কেইখন বৰ লেতেৰা হৈছে বা
তেলজাতীয় দ্ৰৱ্য লাগি আছে, তেন্তে এলকহল-যুক্ত হাত পৰিষ্কাৰ কৰা দ্ৰৱ্যবোৰে কাম
নকৰিব; চাবোনেৰে ধুইহে তেনেদৰে লেতেৰা হোৱা হাত পৰিষ্কাৰ কৰিব লাগিব।
এলকহল-যুক্ত হাত পৰিষ্কাৰ কৰা দ্ৰৱ্য (Hand sanitizer) ব্যৱহাৰ কৰাৰ নিয়ম:
·
পোনতে
এখন হাতত দ্ৰৱ্যবিধ প্ৰয়োগ কৰক।
·
এতিয়া
দুয়োখন হাত ভালকৈ ঘঁহক।
·
যেতিয়ালৈকে
হাত দুখন সম্পূৰ্ণৰূপে নুশুকায়, হাত দুখনৰ দুয়ো পিঠিত আৰু আঙুলিৰ মাজত দ্ৰৱ্যবিধ
ভালদৰে ঘঁহি থাকক।
আপোনাৰ স্বাস্থ্য আপোনাৰ হাতত!
Reference:
Center for Disease Control and Prevention. (2011).
Keeping hands clean. Retrieved from:
http://www.cdc.gov/healthywater/hygiene/hand/handwashing.html