Thursday, June 26, 2025

পশুপালন আৰু পশু চিকিৎসা বিজ্ঞানত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ

কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence বা AI) আধুনিক বিজ্ঞানৰ এক বৈপ্লৱিক আৱিষ্কাৰ। সম্প্ৰতি বিজ্ঞানৰ ব্যৱহাৰিক ক্ষেত্ৰখনৰ প্ৰায় সকলো শাখাতে ইয়াক বহুলভাৱে প্ৰয়োগ কৰা সম্ভৱ হৈছে। পশুপালন আৰু পশু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতো কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে বিভিন্ন দিশত উল্লেখযোগ্য পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। শেহতীয়া কেতবোৰ অধ্যয়নত এই কথা স্পষ্ট হৈ উঠিছে যে কৃত্ৰিম বুদ্ধিমত্তাই পশুৰ স্বাস্থ্যৰ নিয়মীয়া নিৰীক্ষণ, পশু-পক্ষীৰ ৰোগ নিৰ্ণয়, প্ৰজনন ব্যৱস্থাপনা, আৰু উৎপাদনশীলতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। এই প্ৰৱন্ধত পশুপালন আৰু পশু চিকিৎসা বিজ্ঞানত কৃত্ৰিম বুদ্ধিমত্তাৰ বিভিন্ন প্ৰয়োগ, ইয়াৰ উপযোগিতা, সম্ভাৱনা, আৰু এই দিশত থকা প্ৰত্যাহ্বানসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে।

পশুপালনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ

পশুপালনৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে উৎপাদনশীলতা বৃদ্ধি, বৈজ্ঞানিক পশুপালন ব্যৱস্থাৰ মান আৰু দক্ষতা বৃদ্ধি, আৰু ব্যয় হ্ৰাসৰ ক্ষেত্ৰত যথেষ্ট অৱদান যোগাব পাৰে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে কৃত্ৰিম বুদ্ধিমত্তা-চালিত সঁজুলিসমূহে পশুপালনৰ বিভিন্ন দিশত বিপ্লৱ আনিবলৈ সক্ষম হৈছে। তলত তেনে কেতবোৰ প্ৰধান প্ৰয়োগ উল্লেখ কৰা হ’ল।

পশু-স্বাস্থ্যৰ নিৰীক্ষণঃ

কৃত্ৰিম বুদ্ধিমত্তা-চালিত পৰিধানযোগ্য সঁজুলি (Wearable device) আৰু স্মাৰ্ট চেঞ্চৰ (Smart Sensor)ৰ সহায়ত পশুৰ স্বাস্থ্যৰ সৈতে জড়িত তথ্য সংগ্ৰহ কৰা সম্ভৱ হৈছে। উদাহৰণস্বৰূপে, গৰুৰ গলাত অথবা ঠেঙত পিন্ধা স্মাৰ্ট কলাৰৰ সহায়ত হৃদস্পন্দন, শৰীৰৰ তাপমাত্ৰা, সিহঁতৰ চালচলন বা গতিবিধি, আৰু খাদ্য গ্ৰহণ আদিৰ বিষয়ে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব পাৰি। এনেদৰে সংগ্ৰহ কৰা তথ্যসমূহ মেচিন লাৰ্নিং (ML) এলগ’ৰিদম (algorithm) বা কলনবিধিৰ সহায়ত বিশ্লেষণ কৰি পশুৰ স্বাস্থ্যৰ সামগ্ৰিক অৱস্থাৰ বিষয়ে জানিব পাৰি। ২০২৪ চনত কৰা এক বৈজ্ঞানিক অধ্যয়নত দেখা গৈছে যে এনে স্মাৰ্ট ডিভাইচে পশুৰ স্বাস্থ্যৰ অস্বাভাৱিকতা প্ৰাথমিক পৰ্য্যায়তে ধৰা পেলাব পাৰে, যাৰ ফলত সময়মতে ৰোগৰ চিকিৎসা আৰম্ভ কৰাটো সম্ভৱ হয়। এই প্ৰযুক্তিয়ে গৰুৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী ৰোগ, যেনেঃ ক্ৰনিক হাইপ’এড্ৰিন’কৰ্টিচিজম (Chronic Hypoadrenocorticism)ৰ ত্ৰুটিহীন নিৰ্ণয়ৰ ক্ষেত্ৰত ৯০ শতাংশৰো অধিক সফলতা দেখুৱাবলৈ সক্ষম হৈছে (Akinsulie et al., 2024)।

পশুৰ পৰিপুষ্টি আৰু পশুখাদ্যঃ 

   কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত পশুধনৰ পৰিপুষ্টিৰ প্ৰয়োজনীয়তা বিশ্লেষণ কৰি সিহঁতৰ বয়স, ওজন, জাত, আৰু উৎপাদনৰ উদ্দেশ্য অনুপাতে আৱশ্যকীয় খাদ্যৰ পৰিমাণ আৰু গুণাগুণ নিৰ্ধাৰণ কৰিব পাৰি। ২০২৩ চনত কৰা এটা অধ্যয়নে দেখুৱাইছে যে কৃত্ৰিম বুদ্ধিমত্তা-চালিত এক ব্যৱস্থাই খীৰতী গাইৰ খাদ্য ব্যৱস্থাপনাৰ ক্ষেত্ৰত ১৫-২০ শতাংশ অপচয় হ্ৰাস কৰিব পাৰে। ইয়াৰ ফলত দুগ্ধ পাম এখনৰ ব্যয় হ্ৰাস কৰাৰ লগতে দুগ্ধ উৎপাদনৰ পৰিমাণ ১০ শতাংশ পৰ্য্যন্ত বৃদ্ধি হোৱা দেখা গৈছে (Zhang et al., 2023)।

প্ৰজনন ব্যৱস্থাপনাঃ 

   কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিয়ে পশুৰ প্ৰজনন চক্ৰৰ নিয়মীয়া নিৰীক্ষণতো সহায় কৰে। স্মাৰ্ট চেঞ্চৰৰ সহায়ত গাই গৰু গৰম হোৱাৰ সময় (heat period) সঠিকভাৱে নিৰ্ণয় কৰা সম্ভৱ হৈছে, যাৰ ফলত কৃত্ৰিম প্ৰজননৰ সফলতাৰ হাৰ ২৫ শতাংশ বৃদ্ধি পাইছে। ২০২১ চনৰ এখন গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে যে কৃত্ৰিম বুদ্ধিমত্তা কলনবিধি (algorithm)ৰ সহায়ত পশুৰ জিনগত তথ্য বিশ্লেষণ কৰি প্ৰজনন ব্যৱস্থাপনাৰ বাবে উপযোগী অধিক উৎপাদনক্ষম পশুধন বাচনি কৰাৰ বাবে পৰামৰ্শ দিব পাৰি, যাৰ ফলত পশুধনৰ জিনগত গুণাগুণ আৰু উৎপাদনশীলতা বৃদ্ধি পায় (Ezanno et al., 2021)।

গাখীৰৰ উৎপাদন বৃদ্ধিঃ 

দুগ্ধ পামত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে উৎপাদনশীলতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। স্বয়ংক্ৰিয় দুগ্ধ প্ৰক্ৰিয়াকৰণ যন্ত্ৰৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তা সংযোজনৰ ফলত দুগ্ধৰ গুণাগুণ আৰু পৰিমাণৰ সঠিক তথ্য সংগ্ৰহ কৰা সম্ভৱ হৈছে। ২০২৪ চনত প্ৰকাশিত এক গৱেষণা-পত্ৰত উল্লেখ কৰা হৈছে যে কৃত্ৰিম বুদ্ধিমত্তা-চালিত এক ব্যৱস্থাই দুগ্ধ উৎপাদনৰ ধৰণ আৰু সেই সংক্ৰান্তীয় তথ্য বিশ্লেষণ কৰি পশুপালক সকলক উৎপাদন বৃদ্ধিৰ বাবে যথোচিত পৰামৰ্শ দিব পাৰে, যাৰ ফলত দুগ্ধ উৎপাদনত ১২ শতাংশ পৰ্য্যন্ত বৃদ্ধি কৰিব পৰা যায় (Anonymous, 2025)।

পশু চিকিৎসাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ

পশু চিকিৎসাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে ৰোগ নিৰ্ণয়, উপযুক্ত চিকিৎসা, নিৰাময় আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। শেহতীয়া গৱেষণাৰ পৰা পোৱা তথ্যৰ ভিত্তিত তলত কেতবোৰ প্ৰধান প্ৰয়োগৰ বিষয়ে চমুকৈ উল্লেখ কৰা হৈছে।

ত্ৰুটিহীন ৰোগ নিৰ্ণয়ঃ

কৃত্ৰিম বুদ্ধিমত্তা-চালিত ইমেজিং প্ৰযুক্তিৰ সহায়ত পশুৰ শৰীৰত দেখা দিয়া ৰোগসমূহ অধিক নিখুঁতকৈ অতি ক্ষীপ্ৰতাৰে নিৰ্ণয় কৰাটো সম্ভৱ হৈ উঠিছে। ২০২৪ চনৰ এটা অধ্যয়নত দেখা গৈছে যে কনভল্যুচনেল নিউৰেল নেটৱৰ্ক (Convolutional Neural Networks) প্ৰযুক্তি ব্যৱহাৰ কৰি জায়েণ্ট পাণ্ডাৰ মুখমণ্ডল চিনাক্তকৰণত ৯৫% সফলতা অৰ্জন কৰাৰ উপৰিও ১২০০ খন চিত্ৰৰ এটা তথ্যগোটৰ ওপৰত ভিত্তি কৰি ১৫ বিধ বেলেগ বেলেগ ৰোগৰ ত্ৰুটিহীন নিৰ্ণয়ত ৯৭.০৬% সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই প্ৰযুক্তিয়ে এক্স-ৰে, আলট্ৰাচাউণ্ড, আৰু CT স্কেনৰ ছবি বিশ্লেষণ কৰি হাঁড় ভগা, টিউমাৰ, বা প্ৰদাহজনিত ৰোগ সঠিকভাৱে আৰু ক্ষীপ্ৰতাৰে চিনাক্ত কৰাত সহায় কৰে (Zhang et al., 2023)।

ৰোগৰ প্ৰতিৰোধমূলক চিকিৎসাঃ 

কোনো লক্ষণ চকুত পৰাৰ আগতেই পশুৰ দেহত হ’ব পৰা ৰোগৰ সম্ভাৱনা কৃত্ৰিম বুদ্ধিমত্তাৰ পূৰ্বাভাসমূলক বিশ্লেষণ (predictive analytics)ৰ সহায়ত আগতীয়াকৈ নিৰ্ধাৰণ কৰা সম্ভৱ হৈছে। ২০২৩ চনৰ এটা গৱেষণাত ছোৱাইন ফ্লুৰ উদাহৰণ দি দেখুৱা হৈছে যে কৃত্ৰিম বুদ্ধিমত্তা-চালিত IoT-ভিত্তিক এক ব্যৱস্থাই ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। এই ব্যৱস্থাই পশুৰ স্বাস্থ্য-জড়িত তথ্য, পৰিৱেশৰ অৱস্থা, আৰু পূৰ্বৰ ৰোগৰ ইতিহাস বিশ্লেষণ কৰি প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে কাৰ্য্যকৰী পৰামৰ্শ দিব পাৰে (Zhang et al., 2023)।

ৰোগ নিৰাময়ৰ দূৰৱৰ্তী পৰামৰ্শ ব্যৱস্থাঃ 

কৃত্ৰিম বুদ্ধিমত্তা-চালিত টেলিমেডিচিন ব্যৱস্থাৰ সহায় লৈ পশুপালকসকলে দূৰৈৰ পৰাই পশুধনৰ স্বাস্থ্য আৰু চিকিৎসা সংক্ৰান্তীয় বিষয়ত চিকিৎসকৰ পৰামৰ্শ লাভ কৰিব পাৰে। ২০২৪ চনৰ এটা অধ্যয়নত দেখা গৈছে যে কৃত্ৰিম বুদ্ধিমত্তা-চালিত এক ব্যৱস্থাই পশুৰ লক্ষণৰ ভিডিঅ’ বা ফটো বিশ্লেষণ কৰি প্ৰাথমিকভাৱে ৰোগ নিৰ্ণয় কৰিব পাৰে, যাৰ প্ৰয়োগ কৰি গ্ৰাম্য অঞ্চলত পশু চিকিৎসা সেৱা অধিক উপলভ্য কৰি তুলিব পৰা যায় (Albadrani et al., 2024)।

চিকিৎসাৰ ব্যক্তিগতকৰণঃ 

কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত একোটা পশুৰ স্বাস্থ্যৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি চিকিৎসাৰ পৰিকল্পনা প্ৰস্তুত কৰিব পাৰি। ২০২৪ চনত প্ৰকাশিত এখন গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে যে একোটা পশুৰ চিকিৎসাৰ ইতিহাস, জিনগত তথ্য, আৰু ঔষধৰ প্ৰতি জনোৱা সঁহাৰিৰ ওপৰত ভিত্তি কৰি কৃত্ৰিম বুদ্ধিমত্তা-চালিত এক ব্যৱস্থাই পশুটোৰ বাবে প্ৰয়োজনীয় ঔষধৰ পৰিমাণ আৰু ফলপ্ৰসূ চিকিৎসা পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিব পাৰে, যাৰ ফলত চিকিৎসা ব্যৱস্থা ২০ শতাংশ অধিক ফলপ্ৰসূ হয় (Hossein-Zadeh, 2025)।

কৃত্ৰিম বুদ্ধিমত্তাৰ উপযোগিতাসমূহ

·       দক্ষতা বৃদ্ধি - কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত পশুপালন আৰু চিকিৎসাৰ প্ৰক্ৰিয়া দ্ৰুত আৰু নিখুঁত কৰাটো সম্ভৱ, যাৰ ফলত সময় আৰু শ্ৰম ৰাহি হয়।

·       ব্যয় হ্ৰাস - প্ৰাথমিক পৰ্য্যায়ত ক্ষীপ্ৰতাৰে ৰোগ নিৰ্ণয় কৰা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাৰ ফলত চিকিৎসাৰ খৰচ ১৫-২০% পৰ্য্যন্ত হ্ৰাস হয় (Anonymous, 2021)

·       উৎপাদনশীলতা বৃদ্ধি - দুগ্ধ আৰু মাংস উৎপাদনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ ফলত উৎপাদন ১০-১৫ শতাংশ বৃদ্ধি হোৱা পৰিলক্ষিত হয় (Anonymous, 2025)

·       গ্ৰাম্যাঞ্চলত পশু চিকিৎসা সেৱাৰ উন্নতি - কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত দূৰৱৰ্তী অঞ্চলতো উন্নত পশু চিকিৎসা সেৱা প্ৰদান কৰা সম্ভৱ হয় (Sobkowich, 2025)

প্ৰত্যাহ্বান আৰু সমাধান

পশু পালন আৰু চিকিৎসাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে বৈপ্লৱিক পৰিৱৰ্তন অনাৰ সম্ভাৱনা কঢ়িয়াই আনিলেও ইয়াৰ সৈতে কেতবোৰ অতি গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানো জড়িত হৈ আছে। ২০২৩ চনত প্ৰকাশিত এক গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে যে কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ উচ্চ প্ৰাৰম্ভিক ব্যয়, প্ৰশিক্ষণৰ অভাৱ, আৰু তথ্যৰ গোপনীয়তাৰ বিষয়ে থকা উদ্বেগেই হ’ল এই ক্ষেত্ৰত দেখা দিয়া মূল প্ৰত্যাহ্বান (Coghlan and Quinn, 2024)

·       অৰ্থনৈতিকভাৱে সবল নোহোৱা পশুপালকসকলৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা-চালিত সঁজুলি ক্ৰয় কৰা ব্যয়বহুল হ’ব পাৰে। চৰকাৰী সাহায্য আৰু কম ব্যয়বহুল সঁজুলি বা সমাধানৰ আৱিষ্কাৰৰ জৰিয়তে এই সমস্যাৰ সমাধান কৰাটো সম্ভৱ।

·       কৃত্ৰিম বুদ্ধিমত্তা-চালিত ব্যৱস্থাত তথ্যৰ সুৰক্ষাৰ বাবে কঠোৰ নীতি প্ৰণয়ন কৰা আৱশ্যক। ২০২৪ চনত প্ৰকাশিত এই বিষয়ৰ এক প্ৰৱন্ধত তথ্যৰ গোপনীয়তা সুনিশ্চিত কৰাৰ বাবে কেতবোৰ নৈতিক নিৰ্দেশনা জাৰি কৰাৰ পৰামৰ্শ দিয়া হৈছে (Coghlan and Quinn, 2024)

·       পশুপালক আৰু পশু চিকিৎসকসকলক কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ বিষয়ে প্ৰশিক্ষণ দি এই বিষয়ত তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰা প্ৰয়োজন। উপযুক্ত প্ৰশিক্ষণ কাৰ্যসূচীৰ ৰূপায়নৰ জৰিয়তে এই সমস্যা সমাধান কৰা সম্ভৱ (Ezanno et al., 2021)

অসমৰ পশুপালন ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগৰ সম্ভাৱনা

অসমৰ দৰে কৃষিপ্ৰধান ৰাজ্যত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে পশুপালনৰ ক্ষেত্ৰত উৎপাদনশীলতা বৃদ্ধিৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ উন্নতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। অসমৰ গ্ৰাম্যাঞ্চলত পশু চিকিৎসা সেৱাৰ সীমিত উপলব্ধতাৰ পৰিপ্ৰেক্ষিতত, কৃত্ৰিম বুদ্ধিমত্তা-চালিত টেলিমেডিচিন আৰু দূৰৱৰ্তী নিৰীক্ষণ ব্যৱস্থা পশুপালকসকলৰ বাবে অত্যন্ত উপযোগী হ’ব পাৰে। উদাহৰণস্বৰূপে, অসমৰ চৰকাৰী-বেচৰকাৰী খণ্ডত থকা সংগঠিত (organized) দুগ্ধ-পাম সমূহত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি দুগ্ধ উৎপাদন বৃদ্ধি আৰু পশু স্বাস্থ্য সুৰক্ষা ব্যৱস্থা উন্নত কৰা সম্ভৱ।

সামৰণি

পশুপালন আৰু পশু চিকিৎসা বিজ্ঞানত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে ক্ষেত্ৰখনৰ উন্নয়নৰ দিশত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত পশুৰ স্বাস্থ্য নিৰীক্ষণ, ৰোগ নিৰ্ণয়, প্ৰজনন ব্যৱস্থাপনা, আৰু উৎপাদনশীলতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতি নিশ্চিত কৰাটো সম্ভৱপৰ হৈছে। যদিও এই ক্ষেত্ৰত অধিক ব্যয় আৰু প্ৰশিক্ষণৰ অভাৱৰ দৰে কেতবোৰ প্ৰত্যাহ্বান জড়িত হৈ আছে, সঠিক পৰিকল্পনা আৰু সহযোগিতাৰ জৰিয়তে এই সমস্যাসমূহ সমাধান কৰা সম্ভৱ। মুঠৰ ওপৰত ক’বলৈ গ’লে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে কৃষক আৰু পশুপালকসকলৰ জীৱনৰ মান উন্নত কৰাৰ লগতে আমাৰ ৰাজ্যৰ অৰ্থনীতিতো অদূৰ ভৱিষ্যতে যে এক ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব – ই ধুৰূপ।

References:

Akinsulie, O.C.; Idris, I.; Aliyu, V.A.; Shahzad, S.; Banwo, O.G.; Ogunleye, S.C.; Olorunshola, M.; Okedoyin, D.O.; Ugwu, C.; Oladapo, I.P.; Gbadegoye, J.O.; Akande, Q.A.; Babawale, P.; Rostami, S. and Soetan, K.O. (2024). The potential application of artificial intelligence in veterinary clinical practice and biomedical research. Front. Vet. Sci. 11:1347550. doi: 10.3389/fvets.2024.1347550.

Albadrani, B.A.; Abdel-Raheem, M.A. and Al-Farwachi, M.I. (2024). Artificial Intelligence in Veterinary Care: A Review of Applications for Animal Health. Egypt. J. Vet. Sci. 55(6): 1725-1736.

Anonymous (2021). Application of artificial intelligence (AI) in animal health and veterinary sciences. Pashudhan Praharee (https://www.pashudhanpraharee.com/application-of-artificial-intelligence-AI-in-animal-health-and-veterinary-sciences).

Anonymous (2025). Artificial Intelligence in Veterinary Medicine, College of Veterinary Medicine, Cornell University (https://www.vet.cornell.edu/research/artificial-intelligence-veterinary-medicine).

Coghlan, S. and Quinn, T. (2024). Ethics of using artificial intelligence (AI) in veterinary medicine. AI & Soc. 39: 2337–2348. https://doi.org/10.1007/s00146-023-01686-1

Ezanno, P.; Picault, S.; Beaunée, G. et al. (2021). Research perspectives on animal health in the era of artificial intelligence. Vet. Res. 52: 40. https://doi.org/10.1186/s13567-021-00902-4

Ezanno, P.; Picault, S.; Beaunée, G. et al. (2021). Research perspectives on animal health in the era of artificial intelligence. Vet. Res. 52, 40. https://doi.org/10.1186/s13567-021-00902-4

Hossein-Zadeh, N.G. (2025). Artificial intelligence in veterinary and animal science: applications, challenges, and future prospects, Computers and Electronics in Agriculture. 235: 110395, https://doi.org/10.1016/j.compag.2025.110395.

Sobkowich, K.E. (2025). Demystifying artificial intelligence for veterinary professionals: practical applications and future potential. Am. J. Vet. Res. 86(S1). (doi.org/10.2460/ajvr.24.09.0275).

Zhang, L.; Guo, W.; Chenrui L., Guo, M; Yang, M.; Fu, Q. and Liu, X. (2023). Advancements in artificial intelligence technology for improving animal welfare: Current applications and research progress. Animal Research and One Health. 2(1): 93-109. https://doi.org/10.1002/aro2.44


*BioNE, 33rd issue-ত প্ৰকাশিত

Sunday, April 23, 2023

পৰিভ্ৰমী সাগৰীয় কাছ


জাৰকালি আমাৰ চৌকাষৰ বিল, জলাহ আদিত ভৰি পৰা পৰিভ্ৰমী চৰাইৰ কথা সকলোৱে জানে। কিন্তু সাগৰীয় কাছৰ এনে পৰিভ্ৰমণৰ কথা তোমালোকে জানানে? যদিওবা সাধাৰণতে কাছক অতি এলেহুৱা আৰু লেধা প্ৰাণীৰূপে অভিহিত কৰা হয়, সিহঁতৰ পৰিভ্ৰমণৰ তথ্যই কিন্তু তাৰ বিপৰীত প্ৰমাণহে ডাঙি ধৰে।

প্ৰায়বিলাক সাগৰীয় কাছই খোৱা ঠাই আৰু পোৱালি জগোৱা স্থানৰ মাজত বছৰৰ বিভিন্ন সময়ত পৰিভ্ৰমণ কৰে আৰু ঋতু অনুসৰি উপযুক্ত উষ্ণতাৰ পানীৰ সন্ধানতো এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰে। কিন্তু কেতিয়াবা কেতিয়াবা এনেধৰণে পৰিভ্ৰমণ কৰোঁতে সিহঁত শ-শ বা আনকি কেইবা হাজাৰ মাইল পৰ্য্যন্ত আঁতৰলৈ যায়। বিজ্ঞানীসকলে উপগ্ৰহৰ সহায়ত কাছবোৰৰ এনে ভ্ৰমণ বৃত্তান্ত এতিয়া সহজেই অনুসৰণ কৰিব পাৰে।

সাগৰীয় কাছই পৃথিৱীৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলসমূহত সাধাৰণতে কণী পৰাৰ সময়ত বাহ লয়। মতা আৰু মাইকী উভয়ে প্ৰজননৰ সময়ত বাহ সজাৰ বাবে উপযুক্ত স্থানলৈ ভ্ৰমণ কৰে। বিশেষকৈ ইয়াৰ বাবে সিহঁতে নিৰ্বাচন কৰে নিজৰ জন্মস্থানটো। প্ৰাপ্তবয়স্ক কাছবোৰে কেনেকৈনো নিজৰ জন্মস্থানলৈ উভটি যোৱা গতিপথ চিনি পায় সেই বিষয়ে অৱশ্যে এতিয়ালৈকে ভালদৰে জানিব পৰা হোৱা নাই। কিন্তু বিজ্ঞানীসকলে ভাৱে যে সিহঁতে ইয়াৰ বাবে বিভিন্ন সূত্ৰৰ ব্যৱহাৰ কৰে, যেনেঃ সাগৰীয় সোঁত, পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ, জল-ৰসায়ন আদি।

লেডাৰবেক্‌ প্ৰজাতিৰ সাগৰীয় কাছ বোধকৰো সবাতোকৈ অধিক দূৰত্ব পৰিভ্ৰমণ কৰা এবিধ কাছ। ইহঁতে প্ৰতিবছৰে ১০,০০০ মাইল বা ততোধিক দূৰত্ব অতিক্ৰমি নিজৰ ইপ্সিত খাদ্য যেনেঃ জেলিমাছ আহৰণ কৰে। আটলাণ্টিক মহাসাগৰত ইহঁতে কেৰিবিয়ান উপকূলৰ পৰা আমেৰিকাৰ পূব উপকূল হৈ কানাডা পৰ্য্যন্ত পৰিভ্ৰমণ কৰে। ঠিক সেইদৰে, প্ৰশান্ত মহাসাগৰত ইহঁতে দক্ষিণ-পূব এছিয়াৰ ইণ্ডোনেচিয়া আৰু মালয়েছিয়াৰ পৰা কেলিফ’ৰ্ণিয়া হৈ আলাস্কালৈকে ভ্ৰমি ফূৰে। এই প্ৰজাতিৰ কাছবোৰৰ মূৰৰ ওপৰত ঠিক সিহঁতৰ মস্তিষ্কৰ ওপৰতে এটা পাতল গুলপীয়া বৰণৰ দাগ থাকে। বিশ্বাস কৰা হয় যে ই মূৰৰ ভিতৰত অৱস্থিত পিনীয়েল গ্ৰন্থিলৈ পোহৰৰ ৰশ্মি প্ৰসাৰিত হোৱাত সহায় কৰে, যাৰ সহায়ত সিহঁতে পৰিভ্ৰমণৰ গতিপথ নিৰ্ধাৰণ কৰে। পিনীয়েল গ্ৰন্থি হ’ল মেৰুদণ্ডী প্ৰাণীৰ এবিধ গ্ৰন্থি, যি দিনৰ পোহৰৰ সংকেত নিৰূপন কৰি শোৱা আৰু সাৰ-পোৱাৰ বাবে প্ৰাণীক যাৱতীয় সংকেত প্ৰদান কৰে। কাছই এই সংকেতৰ লগতে পাৰিপাৰ্শ্বিক উষ্ণতাৰ অনুভূতিৰ সহায়তে সিহঁতৰ পৰিভ্ৰমণৰ গতিপথ ঠাৱৰ কৰে বুলি ভৱা হয়।

জাপানত জন্ম হোৱা লগাৰহে’ড জাতীয় কাছই খাদ্য আহৰণ আৰু উপযুক্ত শাৰিৰীক বৃদ্ধিৰ বাবে ৮০০০ মাইল পৰ্য্যন্ত পৰিভ্ৰমণ কৰি কেলিফ’ৰ্ণিয়া আৰু মেক্সিকোলৈ গতি কৰে। যেতিয়া সিহঁত প্ৰাপ্তবয়স্ক অৱস্থাপ্ৰাপ্ত হয়, তেতিয়া পুনৰ প্ৰজননৰ বাবে জাপানলৈ ঘূৰি আহে।

২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ‘য়চি’ নামৰ এক পৰিভ্ৰমী কাছৰ গতিপথ অনুসৰণ কৰি ঠাৱৰ কৰা হৈছিল যে সি অষ্ট্ৰেলিয়াৰ পৰা এঙ্গলা হৈ আফ্ৰিকা মহাদেশৰ পূৱ উপকূল পৰ্য্যন্ত ভ্ৰমণ কৰি পুনৰ নিজৰ পূৰ্বৰ বাসস্থানলৈ ঘূৰি আহিছিল আৰু এই যাত্ৰাকালত সি ২০,০০০ মাইলতকৈও অধিক পথ অতিক্ৰম কৰিছিল।

[E-zine of biological sciences, 'BioNE'-ৰ ২৪তম সংখ্যাত ইতিপূৰ্বে প্ৰকাশিত]

Thursday, February 17, 2022

 অমৰ জীৱ: জেলিফিচ্‌ ‘টুৰিটপ্‌চিচ্‌ ড’ৰ্নি’ (Turritopsis dohrnii)

জীৱৰ বাবে অমৰত্ব লাভ সম্ভৱনে? অথবা প্ৰাণীয়ে বৃদ্ধ কালত চিৰন্তনৰূপে ভূগি অহা জৰাৱস্থাৰ পৰা মুক্তি পোৱাৰ কিবা উপায় আছেনে? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি বিশ্বৰ বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে, কিন্তু কোনো সদুত্তৰ এতিয়ালৈকে লাভ কৰিব পৰা নাই। অৱশ্যে যোৱা শতিকাৰ আশীৰ দশকত আকস্মিকভাৱে ঘটনাক্ৰমে আৱিষ্কৃত এবিধ জেলিফিচৰ জীৱন চক্ৰত দেখা পোৱা কেতবোৰ শাৰীৰিক বৈশিষ্ট্যই সম্প্ৰতি বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষিত কৰিছে আৰু এই দিশত নতুন গৱেষণাৰ সমল দিছে।

জেলিফিচ্‌ হ’ল লোপথুপীয়া শৰীৰযুক্ত এক প্ৰকাৰৰ অদ্ভূত সাগৰীয় প্ৰাণী। ইহঁতৰ শাৰীৰিক বৈশিষ্ট অতি আশ্চৰ্য্যকৰ – এক মনোমোহা ৰঙীন ছাতিৰ দৰে, য’ৰ পৰা দীঘল-দীঘল সূতাৰ দৰে কেতবোৰ কৰ্ষিকা (tentacle) ওলমি থাকে। এই কৰ্ষিকাবোৰৰ আগত থকা শুংযুক্ত কোষবোৰৰ সহায়ত জেলিফিচে চিকাৰ কৰিব পাৰে আৰু নিজকে শত্ৰুৰ পৰা ৰক্ষা কৰিব পাৰে। কিছুমান জেলিফিচে আকৌ কৰ্ষিকাবোৰৰ সহায়ত সাগৰৰ তলিত খোপনি পুতি লৰচৰ নকৰাকৈ নিজক ধৰি ৰাখে। প্ৰকৃত জেলিফিচ্‌ (true jellyfish) বিলাক ছাইফ’জ’ৱা (Scyphozoa) শ্ৰেণীৰ অন্তৰ্গত আৰু ইহঁত সাগৰীয় প্ৰাণী। কিন্তু ইহঁততকৈ সৰু আকৃতিৰ আন এক প্ৰকাৰৰ জেলিফিচ্‌ নিৰ্মল পানীত বাস কৰে; সিহঁত হাইদ্ৰ’জ’ৱা (Hydrozoa) শ্ৰেণীৰ অন্তৰ্গত। জেলিফিচৰ জীৱনচক্ৰত ইহঁত মূলতঃ দুই ভিন্ন ৰূপত থাকে – মেদুচা আৰু প’লিপ। প’লিপবোৰে অযৌন পদ্ধতিৰে বংশবৃদ্ধি কৰাৰ বিপৰীতে মেদুচাবোৰে কণী আৰু শুক্ৰ সৃষ্টি কৰি যৌনপদ্ধতিৰে বংশবৃদ্ধি কৰে।

মেদুচা হ’ল জেলিফিচৰ পূৰ্ণাঙ্গ প্ৰাপ্তবয়স্ক অৱস্থা, যিটোক প্ৰকৃততে তাৰ পৰিচিত ছাতিৰ আকৃতিত দেখা পোৱা যায়। প্ৰাপ্তবয়স্ক মতা আৰু মাইকী মেদুচাবিলাকে জাক পাতি সাগৰৰ পানীত সিহঁতৰ মুখৰ পৰা একেসময়তে একেলগে থোপাথোপে শুক্ৰ আৰু কণী উৎপাদন কৰে। প্ৰজনন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পাছতে স্বাভাৱিকভাৱে মেদুচাবোৰৰ মৃত্যু হয়।

সৰহভাগ প্ৰজাতিৰ ক্ষেত্ৰতে নিষেচন প্ৰক্ৰিয়া সাগৰৰ পানীতে সংঘটিত হয়, কিন্তু কেতবোৰ প্ৰজাতিৰ ক্ষেত্ৰত শুক্ৰবোৰে সাঁতুৰি মাইকী মেদুচাৰ মুখৰ ভিতৰলৈ সোমাই তাতেই কণীবোৰ নিষেচিত কৰে। নিষেচিত কণীবোৰ পৰৱৰ্তী সময়ত ‘প্লেনুলা’ পৰ্য্যায়লৈ বিকশিত হয়, যি হ’ল চেপেটা ক্ষুদ্ৰ নাচপতি একোটাৰ আকৃতিৰ পলুসদৃশ ৰূপ। এইদৰে ভালেমান দিন ধৰি ক্ৰমশঃ বিকশিত হোৱাৰ পাছত প্লেনুলাবিলাক কঠিন পৃষ্ঠত লাগি ধৰে আৰু ক্ৰমান্বয়ে পুষ্পসদৃশ প’লিপলৈ ৰূপান্তৰিত হয়। প’লিপৰো মেদুচাৰ দৰে শুং আৰু মুখ থাকে, আৰু ইহঁতে সাগৰীয় আন ক্ষুদ্ৰ প্ৰাণী খাই জীয়াই থাকে। প’লিপবোৰে অযৌন অঙ্কুৰণ পদ্ধতিৰে বংশবৃদ্ধি কৰি নতুন প’লিপৰ জন্ম দিব পাৰে নতুবা ৰূপান্তৰিত হৈ মেদুচা ৰূপ ল’ব পাৰে। নিৰ্মল পানীৰ হাইদ্ৰ’জ’ৱাবিলাকৰ প’লিপবোৰৰ পৰা অঙ্কুৰিত হৈও মেদুচাৰ জন্ম দিব পাৰে।

 



টুৰিটপ্‌চিচ্‌ ডৰ্নিৰ জীৱন চক্ৰ

উৎসঃ Ferdinando Boero (2022). Everlasting life: the ‘immortal’ jellyfish. The Biologist 63(3): 16-19. https://thebiologist.rsb.org.uk/biologist-features/everlasting-life-the-immortal-jellyfish
(Accessed on 08.02.2022)

আনহাতে, ‘টুৰিটপ্‌চিচ্‌ ড’ৰ্নি’ প্ৰজাতিৰ হাইদ্ৰ’জ’ৱাবিলাকৰ মেদুচাবোৰ সাধাৰণ অৱস্থাত পূৰ্ণ বিকশিত হৈ কণী আৰু শুক্ৰ উৎপন্ন কৰাৰ বিপৰীতে কেতিয়াবা পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱত চাপৰ সন্মুখীন হ’লে পুনৰ প’লিপ অৱস্থালৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে আৰু পুনৰাই এক নতুন জীৱন-চক্ৰ আৰম্ভ কৰিব পাৰে, যেন পতঙ্গ এটা পখিলা অৱস্থাৰ পৰা পলু অৱস্থালৈহে প্ৰত্যাৱৰ্তিত হৈছে। আন কোনো প্ৰাণীৰ ক্ষেত্ৰত আজিলৈকে এনেধৰণৰ জৈৱিক প্ৰত্যাৱৰ্তন আৱিষ্কৃত হোৱা নাই। এই প্ৰক্ৰিয়াৰ জৰিয়তে এই বিশেষ প্ৰজাতিৰ জেলিফিচৰ মেদুচাবিলাকে স্বাভাৱিক মৃত্যুক নেওচা দি পুনৰ প’লিপ অৱস্থালৈ ঘূৰি যাবলৈ সক্ষম হয়, অৰ্থাৎ ক’বলৈ গ’লে এইদৰে সিহঁতে অমৰত্ব লাভ কৰে। অৱশ্যে, আন জলীয় প্ৰাণীৰ আক্ৰমণতো প’লিপ অৱস্থাতো সিহঁতৰ মৃত্যু হোৱা সম্ভৱ।

‘টুৰিটপ্‌চিচ্‌ ড’ৰ্নি’ প্ৰজাতিৰ হাইদ্ৰ’জ’ৱাবিলাকৰ স্বাভাৱিক ক্ৰমবিকাশৰ এই ওলোটা গতিৰ সৱিশেষ এতিয়াও জানিবলৈ বাকী আছে। এই ৰহস্য ভেদ কৰিব পাৰিলে হয়তো ভৱিষ্যতে জীৱৰ অমৰত্ব লাভৰ সম্ভাৱনীয়তা সম্পৰ্কে বহুতো নতুন নতুন তথ্য উপলব্ধ হ’ব।

Sunday, December 13, 2020

বিজ্ঞান-মনস্কতা বা বৈজ্ঞানিক মানসিকতা: কি আৰু কেনেকৈ?

বৰ্তমান যুগত বিজ্ঞানৰ প্ৰগতি আৰু বৈজ্ঞানিক উদ্ভাৱনসমূহে আমাৰ সকলোৰে ব্যক্তিগত আৰু সামূহিক জীৱনৰ প্ৰায়বিলাক ক্ষেত্ৰতে অপৰিহাৰ্য্য প্ৰভাৱ বিস্তাৰ কৰিছে। কেৱল বৈজ্ঞানিক আৱিষ্কাৰৰ বাবেই নহয়, সাম্প্ৰতিক কালত আমাৰ দৈনন্দিন জীৱনৰ সকলো ক্ষেত্ৰতে বৈজ্ঞানিক মানসিকতাৰ অতীব প্ৰয়োজন। বৈজ্ঞানিক মানসিকতাৰ মূল দিশ চাৰিটা কৌতূহল, মুকলি মন, বিচাৰাত্মক মনোবৃত্তি আৰু বিনয়।

কৌতূহল

ই হল বিজ্ঞানৰ মূল আত্মা। যিকোনো নতুন বস্তু বা তথ্যৰ সন্মুখীন হলেই সেই বিষয়ে জনাৰ বাবে কৰিবলগীয়া প্ৰশ্নকেইটা হ কি, কিয় আৰু কেনেকৈ? নতুনকৈ কথা কবলৈ শিকা এটি শিশুৱে সঘনাই সোধা প্ৰশ্নটোৱেই হএইটো কি? এই ঔৎসুক্য শিশুটিৰ মানসিক বিকাশৰ বাবে অতি প্ৰয়োজনীয়।  এই শিশুসুলভ গুণটো জীৱনৰ সকলো সময়তে বৰ্তাই ৰাখিব পাৰিলে শিশুটিয়ে পৰৱৰ্ত্তী কালত যিকোনো নতুন বিষয় একোটা আহৰণ কৰি তাৰ সুফল ভোগ কৰিবলৈ সমৰ্থ হয়। ছাত্ৰাৱস্থাত আটাইতকৈ প্ৰয়োজনীয় গুণটোৱেই হল কৌতূহল।

মুকলি মন

বৈজ্ঞানিক চিন্তাৰ বাবে প্ৰয়োজনীয় অতি প্ৰয়োজনীয় আন এটা দিশ হল এটা মুকলি মন। যিকোনো বিষয়ত থকা বদ্ধমূল ধাৰণাই আমাক বিষয়টো সম্পৰ্কে নতুনকৈ বিশ্লেষণ কৰাত বাধা দিয়ে। উপযুক্ত পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত বা প্ৰতিষ্ঠিত নোহোৱা পৰ্য্যন্ত বিজ্ঞানে কোনো কথা মানি নলয়। উদাহৰণ স্বৰূপে, সৰুতে আমি পাঠ্যপুথিত পঢ়িছিলো যে গৰুৰ দাঁত এপাৰি; ওপৰৰ পাৰি দাঁত নাই। কিন্তু গৰু এটাৰ মুখখন পৰীক্ষা কৰিলে দেখা যায় - প্ৰকৃততে ওপৰৰ পাৰি দাঁতৰ কেৱল অগ্ৰদন্ত কেইটাহে নাই; বাকী দাঁতবোৰ আছে। যিকোনো তথ্য মুকলি মনেৰে চালি-জাৰি চোৱাৰ মানসিকতাই শিশু এটাৰ বৌদ্ধিক বিকাশত অশেষ সহায় কৰে।

বিচাৰাত্মক মনোবৃত্তি

আমাৰ মাজৰ বহুতেই যিকোনো তথ্য তাৰ উৎস বা শুদ্ধতাৰ বিচাৰ নকৰাকৈ সহজতে মানি লয়। ই বৈজ্ঞানিক মানসিকতাৰ পৰিচায়ক নহয়। নতুন তথ্য এটা প্ৰথমবাৰৰ বাবে লাভ কৰোঁতে প্ৰথমে তাৰ উৎস সম্পৰ্কে বিচাৰ কৰা উচিত। গঠনমূলক সন্দেহ, সংশয় আৰু সমালোচনা কেতিয়াও বেয়া হব নোৱাৰে। বৰঞ্চ ই আমাক যিকোনো বিষয় সম্পৰ্কে নিৰ্মোহ বিশ্লেষণ কৰাৰ বাবে অনুপ্ৰাণিত কৰে আৰু বহু সময়ত আমাক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰে। বৈজ্ঞানিক গৱেষণাৰ মূল আধাৰটোৱেই হল নিৰ্মোহ বিশ্লেষণ। যিকোনো সামাজিক বিষয়ৰ ক্ষেত্ৰটো এই কথা খাটে। বিশ্লেষণাত্মক মনোবৃত্তিয়ে আমাক যিকোনো বিষয় সম্পৰ্কে অধিক জনাৰ বাবে আগ্ৰহী কৰি তোলে। ফলত প্ৰকৃত সত্য উদ্ঘাটন কৰাৰ বাবে ই সহায়ক হয়।

বিনয়

বৈজ্ঞানিক মানসিকতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আন এটা দিশ হল বিনয়। সত্যৰ সন্ধান কৰোঁতা ব্যক্তি এজনে নিজৰ ভুল স্বীকাৰ কৰিবলৈও সকলো সময়তে প্ৰস্তুত থকা উচিত। নিজৰ মনত পুহি ৰখা অথবা পুথিগত বিদ্যাৰে আয়ত্ব কৰা যিকোনো ধাৰণা পৰৱৰ্ত্তী সময়ত অশুদ্ধ প্ৰমাণিত হলে বিনয়েৰে স্বীকাৰ কৰি লব পৰাটো বৈজ্ঞানিক মানসিকতাৰ পৰিচায়ক। বিজ্ঞানৰ ইতিহাসত এনে বহুবোৰ উদাহৰণ আছে যত একোজন বিজ্ঞানীৰ আকোৰগোঁজ মনোবৃত্তিৰ বাবে বিজ্ঞানৰ কেতবোৰ গুৰুত্বপূৰ্ণ তত্ত্ব বহু বছৰলৈকে ভুল ধাৰণাৰ ওপৰত বৰ্ত্তি আছিল। উদাহৰণ স্বৰূপে, অষ্টদশ শতিকাত জীৱাণুৰ স্বতঃস্ফূৰ্ত সৃষ্টিতত্ত্ব (Spontaneous Generation Theory) সম্পৰ্কে থকা জন নিধাম আৰু তেওঁৰ অনুগামীসকলৰ আকোৰগোঁজ মনোভাৱ আৰু ইয়াক ভুল প্ৰমাণ কৰিবলৈ সেই সময়ৰ আন আন বিজ্ঞানীয়ে কৰা পৰীক্ষা-নীৰিক্ষাৰ ফলাফলসমূহ মানি লবলৈ কৰা অস্বীকাৰৰ ফলস্বৰূপে আধুনিক অনুজীৱ বিজ্ঞানৰ অগ্ৰগতি বহুকাল পিছ পৰি যোৱাৰ কথা বিজ্ঞানৰ ইতিহাসত স্বীকৃত হৈছে।

মুঠৰ ওপৰত, নিজৰ ভুল ধাৰণা বা বিচাৰৰ অশুদ্ধতা অথবা জ্ঞানৰ সীমাৱদ্ধতা স্বীকাৰ কৰি লবলৈ মানসিকভাৱে প্ৰস্তুত থাকিব নোৱাৰিলে বৈজ্ঞানিক মানসিকতা কেতিয়াও গঢ় লৈ উঠিব নোৱাৰে। নজনা কথা জনাৰ নিৰন্তৰ আগ্ৰহ আৰু অফুৰন্ত কৌতূহল, এটা মুকলি মন, বিশ্লেষণাত্মক মনোবৃত্তি আৰু বিনয়ী স্বভাৱেই হল মানৱৰ বৌদ্ধিক বিকাশ আৰু প্ৰগতিৰ মূল চাবিকাঠি।

Tuesday, March 24, 2020

ক’ভিদ-১৯: সাম্প্ৰতিক কালত বিশ্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান


সম্প্ৰতি সমগ্ৰ বিশ্বতে এবিধ নতুন কৰণা ভাইৰাছৰ পৰা হোৱা কভিদ্‌-১৯ নামৰ ৰোগে সংহাৰী ৰূপ ধাৰণ কৰি এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰিছে। সমগ্ৰ মানৱ জাতিৰ বাবে এক প্ৰত্যাহ্বানৰূপে দেখা দিয়া এই অতিমাৰী (Pandemic)ৰ কাৰক হল - Severe acute respiratory syndrome coronavirus 2 (SARS-CoV-2) নামৰ এবিধ নতুন কৰণা ভাইৰাছ। ২০১৯ বৰ্ষৰ শেষৰফালে চীনদেশৰ য়ুহান নামে এক ঠাইত প্ৰথমে এই ৰোগ ধৰা পৰে আৰু অতি কম দিনৰ ভিতৰতে ই সংহাৰী ৰূপ লৈ হাজাৰ হাজাৰ লোকলৈ সংক্ৰমিত হয় আৰু মাথোন চাৰিমাহৰ ভিতৰতে চীনদেশৰ তিনি সহস্ৰাধিক লোকৰ প্ৰাণ লোৱাৰ লগতে ক্ৰমে পৃথিৱীৰ আন আন দেশলৈ বিয়পি পৰে। প্ৰাপ্ত তথ্য অনুসৰি, ২০২০ চনৰ ২৪ মাৰ্চ পৰ্য্যন্ত এই ৰোগ বিশ্বৰ ১৬৫ খন দেশলৈ সোঁচৰিত হৈছে আৰু ৩,৯৬,০০০ তকৈও অধিক লোক আক্ৰান্ত হৈছে। অৱশ্যে যদিও ইয়াৰে ১৭,২৫০ জন ৰোগী মৃত্যু মুখত পৰিছে, প্ৰায় ১ লাখ ৪ হাজাৰ ৰোগী চিকিৎসাৰ জৰিয়তে ৰোগমুক্ত হবলৈ সক্ষম হৈছে। সাম্প্ৰতিক কালত এই ৰোগ সমগ্ৰ বিশ্বত মানুহৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ এক প্ৰত্যাহ্বানৰূপে ঠিয় দিছে। অন্যহাতে, এতিয়ালৈকে এই ৰোগ বা ভাইৰাছটোৰ সম্পৰ্কে বহু কথা জানিবলৈ বাকী আছে। ফলত ৰোগটোৰ কোনো প্ৰতিষেধক বৰ্তমানলৈকে উদ্ভাৱন হোৱা নাই। অৱশ্যে এই দিশত বিজ্ঞানীসকলে যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু আশা কৰা হৈছে যে অচিৰেই এই ক্ষেত্ৰত কৃতকাৰ্য্যতা লাভ কৰিব পৰা যাব।

ভিদ-১৯ ৰোগৰ লক্ষণসমূহ:

ৰোগীৰ বয়স, সাধাৰণ স্বাস্থ্য তথা প্ৰতিৰোধী শক্তি আৰু ৰোগৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰি ৰোগৰ লক্ষণসমূহ মৃদু অথবা অতি কষ্টদায়ক হব পাৰে। লগতে ২ৰ পৰা প্ৰায় ১৫ শতাংশ ৰোগীৰ মৃত্যুও হব পাৰে। ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ২-১৪ দিনৰ ভিতৰত ৰোগীৰ জ্বৰ, কাহ হব পাৰে আৰু উশাহ-নিশাহৰ কষ্ট অনুভৱ কৰিব পাৰে। ৬৫ বছৰ বা তাতকৈ অধিক বয়সীয়া ৰোগীৰ শৰীৰত লক্ষণসমূহ অধিক তীব্ৰ হব পাৰে। ঠিক তেনেদৰে, ডায়েবেটিছ্‌, উচ্চ ৰক্তচাপ, কৰ্কট ৰোগ, এজ্‌মা আদিত ভূগি থকা লোকৰ দেহত এই ৰোগ হলে লক্ষণসমূহ তীব্ৰতৰ হৈ সাধাৰণতে অত্যন্ত শোচনীয় অৱস্থা হয়। সেয়েহে, বয়োজ্যেষ্ঠ অথবা এনেবোৰ ৰোগাক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ অধিক হয়।

ভাইৰাছটো কিদৰে সংক্ৰমিত হয়?

            এই ভাইৰাছবিধ মূলতঃ তলত উল্লেখ কৰা দুই ধৰণে মানুহৰ পৰা মানুহলৈ সোঁচৰিত হয়:
১) ৰোগীৰ সৈতে পোনপটীয়া সংস্পৰ্শৰ জৰিয়তে (প্ৰায় ৬ ফুটৰ ভিতৰত)।
২) আক্ৰান্ত ৰোগীয়ে কাহ বা হাঁচি মৰাৰ সময়ত নিৰ্গত নাকৰ পানী বা থুৰ জৰিয়তে।
            এনেদৰে নিৰ্গত নাকৰ পানী বা থুৰ কণিকা কাষত থকা নিৰোগী মানুহৰ শৰীৰত মুখ বা নাকেদি প্ৰৱেশ কৰি হাওঁফাওঁ পাবগৈ পাৰে। আনহাতে এনে বীজাণুযুক্ত কণিকাবোৰ যিকোনো পৃষ্ঠত পৰিলে কেইবাঘণ্টালৈকে সক্ৰিয় হৈ থাকিব পাৰে আৰু এনে পৃষ্ঠ স্পৰ্শ কৰাৰ ফলত আন মানুহৰ গালৈও বিয়পিব পাৰে। এনেকৈ ভাইৰাছৰ দ্বাৰা দুষিত পৃষ্ঠ হাতেৰে স্পৰ্শ কৰাৰ পাছত নাক, মুখ আনকি চকু সেই হাতেৰে স্পৰ্শ কৰিলেও মানুহৰ গালৈ ভাইৰাছটো সোঁচৰিব পাৰে। অৱশ্যে এনেদৰে হোৱা সংক্ৰমণ এই ভাইৰাছৰ ক্ষেত্ৰত সংক্ৰমণৰ মূল উপায় নহয়।
            যদিওবা লক্ষণ দেখুৱাই থকা অৱস্থাতহে ৰোগী এজনৰ পৰা আন নিৰোগী মানুহৰ দেহলৈ ভাইৰাছটো সংক্ৰমিত হোৱাৰ সম্ভাৱনা সৰ্বাধিক, তথ্যমতে কেতবোৰ ক্ষেত্ৰত লক্ষণ দেখা দিয়াৰ আগেয়েও আক্ৰান্ত ব্যক্তিৰ পৰা ভাইৰাছটো বিয়পাৰ সম্ভাৱনা থাকে।
            উল্লেখযোগ্য যে, বিশ্বৰ প্ৰথম ১ লাখ ৰোগী আক্ৰান্ত হবলৈ ভাইৰাছটোক সময় লাগিছিল ৬৭ দিন, কিন্তু ২য় আৰু ৩য় লাখ ৰোগীৰ দেহলৈ সংক্ৰমিত হবলৈ লাগিছিল ক্ৰমে মাত্ৰ ১১ আৰু ৪ দিন। ইয়াৰ পৰাই এই ভাইৰাছটোৰ অতি ক্ষীপ্ৰ গতিত সোঁচৰিত হব পৰা ক্ষমতাৰ কথা জানিব পাৰি।

নিজকে কেনেকৈ বচাই ৰাখিব?

          নিজকে কভিদ-১৯ ৰোগৰ পৰা বচাই ৰখাৰ উত্তম উপায়টো হল - নতুন কৰণা ভাইৰাছৰ সংস্পৰ্শৰ পৰা আঁতৰি থকা। তাৰ বাবে তলত উল্লেখ কৰা ব্যৱস্থাবোৰ লোৱা দৰকাৰ:

সঘনাই আপোনাৰ হাত ধোৱক

·         ৰাজহুৱা স্থানৰ পৰা অহাৰ পাছত অথবা কাহ বা হাঁচি মৰাৰ পাছত চাবোন আৰু পৰিষ্কাৰ পানীৰে অন্ততঃ ২০ চেকেণ্ড ধৰি ভালকৈ আপোনাৰ হাত দুখন ধোৱক।
·         যদিহে ওচৰত পৰ্য্যাপ্ত পানী আৰু চাবোন উপলব্ধ নহয়, তেন্তে অন্ততঃ ৬০ শতাংশ এলকহল যুক্ত কোনো বীজাণুনাশক দ্ৰব্যৰে আপোনাৰ হাত ভালদৰে পৰিষ্কাৰ কৰক।
·         অপৰিষ্কাৰ বা নোধোৱা হাতেৰে আপোনাৰ নাক, মুখ আৰু চকু স্পৰ্শ কৰাৰ পৰা বিৰত থাকক।
আন ব্যক্তিৰ সৈতে দূৰত্ব বজাই ৰাখক
·         ৰোগাক্ৰান্ত ব্যক্তিৰ সৈতে পোনপটীয়া সংস্পৰ্শৰ পৰা আঁতৰি থাকক।
·         আন যিকোনো ব্যক্তিৰ পৰাও এক দূৰত্ব বজাই ৰাখক। বিশেষকৈ যিসকল ব্যক্তি এই ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি, তেনে লোকসকলে এই ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া উচিত।

এই ৰোগৰ আক্ৰমণৰ পৰা আনকো বচাওক


·                   ৰোগ প্ৰতিৰোধৰ অৰ্থে চৰকাৰে ঘোষণা কৰা নিয়ম আৰু সকলো নীতি-নিৰ্দেশনা কঠোৰভাৱে মানি চলক আৰু নিষিদ্ধ ঘোষণা কৰা সময়চোৱাত নিজ-নিজ ঘৰৰ ভিতৰতে থাকক। অনাৱশ্যকভাৱে কোনো কাৰণতে ঘৰৰ বাহিৰলৈ নোলাব।
·                           যদিহে আপুনি কাহ, হাঁচি, জ্বৰ আদিত ভূগিছে, তেন্তে তৎকালে ডাক্তৰৰ পৰামৰ্শ লওক।
কাহ বা হাঁচি মাৰোঁতে নাক-মুখ ঢাকি লওক
·         কাহ বা হাঁচি মৰাৰ সময়ত টিছু কাগজ বা ৰুমালেৰে নাক-মুখ ঢাকি লওক অথবা কিলাকুটিৰ ভিতৰফালে নাক-মুখ হেঁচি লওক।
·         ব্যৱহাৰ কৰা টিছু কাগজ জাবৰৰ পাঁচিত পেলাই দিয়ক অথবা ৰুমালখন ভালকৈ চাবোন-পানীৰে ধুই পেলাওক।
·         লগে-লগে হাত দুখন ভালকৈ চাবোন আৰু পানীৰে ধুই পেলাওক অথবা অতি কমেও ৬০ শতাংশ এলকহলযুক্ত বীজাণুনাশকেৰে পৰিষ্কাৰ কৰক।

যদি আপুনি ৰোগাক্ৰান্ত তেন্তে মাস্ক পৰিধান কৰক

·         যদি আপুনি ৰোগাক্ৰান্ত তেন্তে আনৰ সৈতে একে ঠাইতে থকাৰ সময়ত আৰু ডাক্তৰৰ কাষলৈ যাওঁতে মাস্ক পিন্ধাৰ ব্যৱস্থা কৰক। লগতে আপোনাৰ ওচৰত থকা আন ব্যক্তিসকলকো মাস্ক পিন্ধাৰ পৰামৰ্শ দিয়ক।
·         যদিহে আপুনি ৰোগাক্ৰান্ত হোৱা নাই অথবা আন কোনো ৰুগীয়া ব্যক্তিৰ পৰিচৰ্যা কৰা কামত জড়িত হোৱা নাই, তেন্তে আপুনি মাস্ক পিন্ধাৰ প্ৰয়োজন নাই।

পৰিষ্কাৰ পৰিচ্চন্নতা বজাই ৰাখক

·         আপোনাৰ ঘৰ আৰু কাৰ্য্যালয়ৰ টেবুল, দুৱাৰৰ হাতোৰা, লাইটৰ চুইট্‌চ, ফোন, কম্পিউটাৰৰ কি-বৰ্ড, শৌচাগাৰ, প্ৰস্ৰাৱগাৰ আদি দৈনিক ভালদৰে বীজাণুনাশক দ্ৰব্যৰ সহায়ত পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰক।
·         ওপৰত উল্লেখ কৰা পৃষ্ঠসমূহ লেতেৰা হৈ থাকিলে, বীজাণুনাশক প্ৰয়োগ কৰাৰ আগতে চাবোন আৰু পানীৰে ধুই লওক।
·         পৃষ্ঠসমূহ বীজাণুমুক্ত কৰিবলৈ প্ৰতি গেলন (৩.৭৮৫ লিটাৰ) পানীত তিনি ভাগৰ একাপ বা ৫ টেবুল চামুচ পৰিমাণৰ ব্লিচিং পাউদাৰ মিহলি কৰি বীজাণুনাশক দ্ৰব্য প্ৰস্তুত কৰি লব পাৰি।
·         বিকল্প হিচাপে ৭০ শতাংশ এলকহল যুক্ত পানীও ব্যৱহাৰ কৰিব পাৰি।

Tuesday, February 18, 2020

সংশ্লেষিত জিনমঃ প্ৰত্যাশা আৰু সংশয়

Image result for synthetic genome venter
Dr. J. Craig Venter
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াস্থিত জে, ক্ৰেইগ্‌ ভেন্টাৰ প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে ২০১০ চনৰ মে মাহত এটা বেক্টেৰিয়াৰ কোষত তাৰ নিজস্ব জিনমৰ বিকল্প হিচাবে মানৱ-সৃষ্ট সংশ্লেষিত জিনম প্ৰতিস্থাপন কৰি এক সংশ্লেষিত কোষ সৃষ্টি কৰাৰ কথা ঘোষণা কৰি আধুনিক জীৱবিজ্ঞানত এক ইতিহাস সৃষ্টি কৰিলে।
এই সন্দৰ্ভত সমগ্ৰ প্ৰকল্পটোৰ মূল পৰামৰ্শদাতা বিজ্ঞানী ক্ৰেইগ্‌ ভেন্টাৰে কয় - আমি ইয়াক প্ৰথমটো সংশ্লেষিত কোষ বুলি অভিহিত কৰিছোঁ; ইহঁত সঁচাকৈয়ে একোটা জীৱিত কোষএই প্ৰকল্পত প্ৰতিষ্ঠানটোৱে ৪০ নিযুত ডলাৰতকৈও অধিক অৰ্থ ব্যয় কৰিছিল। ডঃ ভেণ্টাৰ আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে ১৯৯৫ চনৰে পৰা সুদীৰ্ঘ কাল এই প্ৰকল্পত নেৰানেপেৰাকৈ লাগি আছিল।
সংশ্লেষিত কোষটো সৃষ্টি কৰিবলৈ ডেনিয়েল গিবছন আৰু ক্ৰেইগ ভেণ্টাৰৰ নেতৃত্বত কৰ্মৰত বিজ্ঞানীসকলে প্ৰথমে মাইকপ্লাজ্‌মা মাইকইডিচ্‌ নামৰ এক ক্ষুদ্ৰ বেক্টেৰিয়াৰ সম্পূৰ্ণ জিনমৰ মানচিত্ৰ তৈয়াৰ কৰি উলিয়ালে। পৰৱৰ্তী সময়ত তেওঁলোকে কম্পিউটাৰৰ সহায়ত বেক্টেৰিয়াবিধৰ অদৰকাৰী জিনবোৰ আঁতৰাই কেৱল অত্যাৱশ্যকীয় জিনবিলাক ৰাখি জিনমৰ এক আৰ্হি প্ৰস্তুত কৰিলে। তাৰ পাছত তেওঁলোকে মাইকপ্লাজ্‌মা কেপ্ৰিকলাম নামৰ আন এক সমগোত্ৰীয় বেক্টেৰিয়া লৈ তাৰ জিনমটো আঁতৰাই পেলালে আৰু তাৰ ঠাইত তেওঁলোকে তৈয়াৰ কৰা আৰ্হিমতে ৱাছিংটনৰ বথেলত অৱস্থিত ব্লু হেৰন বায় নামৰ DNA শৃংখল নিৰ্ণয়কাৰী কোম্পানী এটাই সংশ্লেষণ কৰা সংশ্লেষিত জিনমটো সুমুৱাই দিলে। পৰৱৰ্তী সময়ত তেওঁলোক দেখি আচৰিত হ‌ল যে বেক্টেৰিয়াটো জীয়াই থকাৰ উপৰি তাৰ বংশবৃদ্ধি প্ৰক্ৰিয়াও অব্যাহত থাকিল। একে সময়তে, তাৰ সকলো গুণাগুণ মাইকপ্লাজ্‌মা কেপ্ৰিকলামৰ সলনি মাইকপ্লাজ্‌মা মাইকইডিচ্‌ প্ৰজাতিৰ দৰে হৈ পৰিল।
এই সম্পৰ্কে ডঃ ডেনিয়েল গিবছনে কয়, আমি চাৰি বটল ৰাসায়নিক দ্ৰব্যৰ পৰা এই জিনমটো তৈয়াৰ কৰিলো; আমি সেই সংশ্লেষিত জিনমটো এটা কেন্দ্ৰহীন কোষত সুমুৱাই দিলো আৰু সেই সংশ্লেষিত জিনমটোৱে কোষটোক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ
এই নতুন বেক্টেৰিয়াটো আৰু তাৰ সতি-সন্ততিক চিনাক্ত কৰিব পৰাকৈ ডঃ ভেণ্টাৰৰ দলে বেক্টেৰিয়াটোৰ ৰাসায়নিক জিনমটোত প্ৰয়োজনীয় DNA-ৰ উপৰিও তেওঁলোকৰ নাম আৰু জেম্‌চ জইচ্‌ আৰু আন মহান ব্যক্তিৰ তিনিটা উক্তিও সংযোজন কৰিলে। ইয়াৰ ফলত ভৱিষ্যতে এই কোষবোৰৰ গাত সিহঁতৰ সৃষ্টিকৰ্তা বিজ্ঞানীসকলৰ নাম মচিব নোৱাৰাকৈ খোদিত হৈ থাকিল
সংশ্লেষণ জীৱবিজ্ঞান (synthetic biology)ৰ ইতিহাসত ই হল এক যুগান্তকাৰী আৱিষ্কাৰ। বহুতো বিজ্ঞানীয়ে বিশ্বাস কৰে যে এই গৱেষণাত ব্যৱহৃত প্ৰযুক্তি অচিৰেই বাণিজ্যিক গুৰুত্ব থকা আন আন বেক্টেৰিয়াৰ ক্ষেত্ৰটো প্ৰয়োগ কৰিব পৰা যাব। দৰাচলতে, বহুতো কোম্পানীয়ে ইতিমধ্যেই এই প্ৰযুক্তি কেতবোৰ ঔদ্যোগিক গুৰুত্ব সম্পন্ন জীৱাণুৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ডঃ ভেণ্টাৰে ইতিমধ্যে Synthetic Genomics, Inc. নামেৰে এটা কোম্পানী প্ৰতিষ্ঠা কৰিছে আৰু এই কোম্পানীয়ে এই দিশত নতুন গৱেষণা অব্যাহত ৰখাৰ বাবে বহুকেইটা জৈৱ-ভিত্তিক কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে।
অৱশ্যে, এই নতুন প্ৰযুক্তিয়ে আনি দিয়া কৃত্ৰিম জীৱন সৃষ্টিৰ সম্ভাৱনীয়তাৰ ক্ষেত্ৰত ইতিমধ্যে নৈতিকতা, আইন আৰু জন সুৰক্ষাৰ সৈতে জড়িত কেতবোৰ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত সংগঠনবোৰে তৎকালিনভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজ্ঞানীসকলে এই গৱেষণাৰ ফলাফল প্ৰকাশ কৰাৰ লগে-লগে পৃথিৱীৰ ৭৪ খন দেশত ব্যাপ্ত  ‘Friends of the Earth International’ নামে এক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সুৰক্ষা সংস্থাই পৰিৱেশ সুৰক্ষা প্ৰাধিকৰণ, আৰু খাদ্য আৰু ঔষধ প্ৰশাসন সংস্থাক সংশ্লেষণ জীৱবিজ্ঞানৰ সকলো গৱেষণা আৰু তাৰ পৰা উৎপাদিত দ্ৰব্য সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত কৰিবলৈ এক বিবৃতিযোগে আহ্বান জনাইছে।  ETC নামে কানাডাস্থিত আন এক সংগঠনে আনকি সমগ্ৰ বিশ্বতে সংশ্লেষণ জীৱবিজ্ঞানৰ যিকোনো গৱেষণা নিষিদ্ধ কৰাৰ আহ্বান জনাইছে।
যদিওবা এনেবোৰ জৈৱ-প্ৰযুক্তিয়ে গৱেষণাৰ দিশত অপাৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে, ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰত স্বাভাৱিকতে উঠা নৈতিক, আইনগত আৰু জনসুৰক্ষা সম্বন্ধীয় প্ৰশ্নসমূহৰ সঠিক আৰু প্ৰত্যয় জগাব পৰা উত্তৰ সন্ধান কৰা অতি আৱশ্যক, যাতে ভৱিষ্যতে এনে প্ৰযুক্তিৰ ব্যৱহাৰ কেৱল মানুহ আৰু জীৱজগতৰ উপকাৰৰ বাবেহে হয়।