Saturday, September 8, 2018

বহু আৰু অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ নিদান আৰু চিকিৎসা


        পৰীক্ষাগাৰত ঔষধৰ প্ৰতি সংবেদনশীলতাৰ পৰীক্ষা (Drug susceptibility testing) কৰাটোৱেই হবহু-ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগ চিনাক্ত কৰাৰ প্ৰচলিত পদ্ধতি। ইয়াৰ দ্বাৰা যক্ষ্মাৰোগৰ বীজাণুৰ ওপৰত আইচনিয়াজিদ্‌, ৰিফাম্পিন্‌, ইথাম্বুটল্‌ আৰু পাইৰাজিনেমাইদ্‌ - এই চাৰিবিধ মূল ঔষধৰ ক্ৰিয়া সম্পৰ্কে জানিব পৰা যায়। কিন্তু এই প্ৰক্ৰিয়াৰ দ্বাৰা অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগ চিনাক্ত কৰিব নোৱাৰি। এই সমস্যাৰ সমাধানকল্পে উক্ত পৰীক্ষাত মূল চাৰিবিধ ঔষধৰ উপৰি আন দ্বিতীয় পৰ্য্যায়ৰ ঔষধো অন্তৰ্ভুক্ত কৰা হয়। এইধৰণৰ পৰীক্ষাক Bactec MGIT 960 System বোলা হয়। যদিওবা এই পদ্ধতি যথেষ্ট কাৰ্য্যক্ষম, ইয়াৰ দ্বাৰা বীজাণুৰ ঔষধ প্ৰতিৰোধী ক্ষমতা নিৰূপণ কৰাটো এক অতি ধীৰ প্ৰক্ৰিয়া।

          সম্প্ৰতি মাইকবেক্টেৰিয়াম্‌ টিউবাৰ্‌কুলচিচৰ ঔষধ প্ৰতিৰোধী ক্ষমতা নিৰূপণ কৰাৰ ক্ষেত্ৰত যথেষ্ট পদ্ধতিগত প্ৰগতি হৈছে। ২০১১ চনত কাঞ্চন নামৰ এজন বিজ্ঞানী আৰু তেওঁৰ সহযোগীসকলে Reverse Line Blot Hybridization Assay (RLBH) নামৰ এক পদ্ধতি আৱিষ্কাৰ কৰে, যাৰ সহায়ত অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগ কম সময়ৰ ভিতৰতে চিনাক্ত কৰিব পৰা যায়। ২০১৪ চনত ইম্পেৰিয়েল আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে Direct Nitrate Reductase Assay (D-NRA) নামৰ আন এটা পদ্ধতি আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়, যাৰ দ্বাৰা আইচনিয়াজিদ্‌, ৰিফাম্পিচিন্‌, কেনামাইচিন্‌ আৰু অফ্লক্সাচিন্‌ নামৰ চাৰিবিধ ঔষধৰ বিপক্ষে মাইকবেক্টেৰিয়াম্‌ টিউবাৰ্‌কুলচিচৰ ঔষধ প্ৰতিৰোধী ক্ষমতা একেসময়তে নিৰূপণ কৰিব পৰা যায়। এই পদ্ধতিৰ আন এটা উপযোগিতা হল এই যে কম খৰচতে যিকোনো সাধাৰণ পৰীক্ষাগাৰত এই পৰীক্ষাটো কৰিব পৰা যায়।

চিকিৎসা

বহু আৰু অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ চিকিৎসাৰ মূল নীতি একেটাই। ইয়াৰ বাবে প্ৰায় দুবছৰ ধৰি দীৰ্ঘকালীনভাৱে দ্বিতীয় পৰ্য্যায়ৰ যক্ষ্মাৰোগ-বিৰোধী ঔষধ প্ৰয়োগ কৰা প্ৰয়োজন। কিন্তু এই ক্ষেত্ৰত মূল অসুবিধাটো হল এই যে এনেবোৰ ঔষধ অতি দামী আৰু ইহঁতৰ পাৰ্শ্বক্ৰিয়াও অতি বেছি।

তালিকা: বহু ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োগ কৰা ঔষধসমূহ

ঔষধৰ প্ৰকাৰ
ঔষধ
গুৰুত্বপূৰ্ণ পাৰ্শ্বক্ৰিয়াসমূহ
এমাইনগ্লাইকচাইদ্‌
ষ্ট্ৰেপ্তমাইচিন্‌, কেনামাইচিন্‌, এমিকেচিন্‌, কেপ্ৰিয়মাইচিন্‌
বৃক্ক আৰু কৰ্ণত বিষক্ৰিয়া; তদুপৰি কেপ্ৰিয়মাইচিনৰ যকৃতত বিষক্ৰিয়া
থায়এমাইদচ্‌
ইথিয়নেমাইদ্‌, প্ৰথিয়নেমাইদ্‌
মানসিক ভাৰসাম্যহীনতা, যকৃতত বিষক্ৰিয়া
ফ্লকুইননচ্‌
ফ্লক্সাচিন্‌, লেভফ্লক্সাচিন্‌, মক্সাফ্লক্সাচিন্‌
খাদ্যনলীত বিষক্ৰিয়া,
কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ বিকাৰজনিত লক্ষণ
অন্যান্য
পাইৰাজিনেমাইদ্‌
যকৃতত বিষক্ৰিয়া, তেজত ইউৰিক এছিদৰ পৰিমাণ বাঢ়ি যোৱা
চাইক্লচেৰিন্‌
মূৰ্চ্ছা যোৱা, আত্মহননৰ প্ৰৱণতা
পেৰা-এমাইন চেলিচাইলিক্‌ এচিদ্‌  
যকৃতত বিষক্ৰিয়া, অতি-সংবেদনশীলতা
ইথাম্বুটল্‌
চকুৰ স্নায়ুজনিত বিকাৰ, শৰীৰৰ অন্য অংশৰ স্নায়ুজনিত বিকাৰ


বহু-ঔষধ প্ৰতিৰোধী যক্ষ্মাৰ তুলনাত অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰ ফলত হোৱা মৃত্যুৰ হাৰ অধিক, যিহেতু ইয়াৰ চিকিৎসাৰ বাবে থকা বিকল্প উপায় অতি সীমিত। অৱশ্যে সুখৰ কথা যে সম্প্ৰতি এইটো প্ৰমাণিত হৈছে যে উপযুক্ত সময়ত উন্নত চিকিৎসা প্ৰয়োগ কৰিলে, এনে ৰোগো নিৰাময় কৰা সম্ভৱ। কিন্তু, বহুবোৰ কাৰকৰ ওপৰত এনে চিকিৎসাৰ সফলতা নিৰ্ভৰ কৰে; যেনে: সংশ্লিষ্ট বীজাণুৰ ঔষধ-প্ৰতিৰোধী ক্ষমতাৰ প্ৰকৃতি আৰু পৰিসৰ, ৰোগৰ গভীৰতা, ৰোগীৰ ৰোগ-প্ৰতিৰোধী ক্ষমতাৰ অৱস্থা আৰু দ্বিতীয় পৰ্য্যায়ৰ ঔষধৰ উপলভ্যতা, ইত্যাদি।