Sunday, December 13, 2020

বিজ্ঞান-মনস্কতা বা বৈজ্ঞানিক মানসিকতা: কি আৰু কেনেকৈ?

বৰ্তমান যুগত বিজ্ঞানৰ প্ৰগতি আৰু বৈজ্ঞানিক উদ্ভাৱনসমূহে আমাৰ সকলোৰে ব্যক্তিগত আৰু সামূহিক জীৱনৰ প্ৰায়বিলাক ক্ষেত্ৰতে অপৰিহাৰ্য্য প্ৰভাৱ বিস্তাৰ কৰিছে। কেৱল বৈজ্ঞানিক আৱিষ্কাৰৰ বাবেই নহয়, সাম্প্ৰতিক কালত আমাৰ দৈনন্দিন জীৱনৰ সকলো ক্ষেত্ৰতে বৈজ্ঞানিক মানসিকতাৰ অতীব প্ৰয়োজন। বৈজ্ঞানিক মানসিকতাৰ মূল দিশ চাৰিটা – কৌতূহল, মুকলি মন, বিচাৰাত্মক মনোবৃত্তি আৰু বিনয়।

কৌতূহল

ই হ’ল বিজ্ঞানৰ মূল আত্মা। যিকোনো নতুন বস্তু বা তথ্যৰ সন্মুখীন হ’লেই সেই বিষয়ে জনাৰ বাবে কৰিবলগীয়া প্ৰশ্নকেইটা হ’ল – কি, কিয় আৰু কেনেকৈ? নতুনকৈ কথা ক’বলৈ শিকা এটি শিশুৱে সঘনাই সোধা প্ৰশ্নটোৱেই হ’ল “এইটো কি”? এই ঔৎসুক্য শিশুটিৰ মানসিক বিকাশৰ বাবে অতি প্ৰয়োজনীয়।  এই শিশুসুলভ গুণটো জীৱনৰ সকলো সময়তে বৰ্তাই ৰাখিব পাৰিলে শিশুটিয়ে পৰৱৰ্ত্তী কালত যিকোনো নতুন বিষয় একোটা আহৰণ কৰি তাৰ সুফল ভোগ কৰিবলৈ সমৰ্থ হয়। ছাত্ৰাৱস্থাত আটাইতকৈ প্ৰয়োজনীয় গুণটোৱেই হ’ল কৌতূহল।

মুকলি মন

বৈজ্ঞানিক চিন্তাৰ বাবে প্ৰয়োজনীয় অতি প্ৰয়োজনীয় আন এটা দিশ হ’ল এটা মুকলি মন। যিকোনো বিষয়ত থকা বদ্ধমূল ধাৰণাই আমাক বিষয়টো সম্পৰ্কে নতুনকৈ বিশ্লেষণ কৰাত বাধা দিয়ে। উপযুক্ত পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত বা প্ৰতিষ্ঠিত নোহোৱা পৰ্য্যন্ত বিজ্ঞানে কোনো কথা মানি নলয়। উদাহৰণ স্বৰূপে, সৰুতে আমি পাঠ্যপুথিত পঢ়িছিলো যে গৰুৰ দাঁত এপাৰি; ওপৰৰ পাৰি দাঁত নাই। কিন্তু গৰু এটাৰ মুখখন পৰীক্ষা কৰিলে দেখা যায় - প্ৰকৃততে ওপৰৰ পাৰি দাঁতৰ কেৱল অগ্ৰদন্ত কেইটাহে নাই; বাকী দাঁতবোৰ আছে। যিকোনো তথ্য মুকলি মনেৰে চালি-জাৰি চোৱাৰ মানসিকতাই শিশু এটাৰ বৌদ্ধিক বিকাশত অশেষ সহায় কৰে।

বিচাৰাত্মক মনোবৃত্তি

আমাৰ মাজৰ বহুতেই যিকোনো তথ্য তাৰ উৎস বা শুদ্ধতাৰ বিচাৰ নকৰাকৈ সহজতে মানি লয়। ই বৈজ্ঞানিক মানসিকতাৰ পৰিচায়ক নহয়। নতুন তথ্য এটা প্ৰথমবাৰৰ বাবে লাভ কৰোঁতে প্ৰথমে তাৰ উৎস সম্পৰ্কে বিচাৰ কৰা উচিত। গঠনমূলক সন্দেহ, সংশয় আৰু সমালোচনা কেতিয়াও বেয়া হ’ব নোৱাৰে। বৰঞ্চ ই আমাক যিকোনো বিষয় সম্পৰ্কে নিৰ্মোহ বিশ্লেষণ কৰাৰ বাবে অনুপ্ৰাণিত কৰে আৰু বহু সময়ত আমাক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰে। বৈজ্ঞানিক গৱেষণাৰ মূল আধাৰটোৱেই হ’ল নিৰ্মোহ বিশ্লেষণ। যিকোনো সামাজিক বিষয়ৰ ক্ষেত্ৰটো এই কথা খাটে। বিশ্লেষণাত্মক মনোবৃত্তিয়ে আমাক যিকোনো বিষয় সম্পৰ্কে অধিক জনাৰ বাবে আগ্ৰহী কৰি তোলে। ফলত প্ৰকৃত সত্য উদ্ঘাটন কৰাৰ বাবে ই সহায়ক হয়।

বিনয়

বৈজ্ঞানিক মানসিকতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আন এটা দিশ হ’ল বিনয়। সত্যৰ সন্ধান কৰোঁতা ব্যক্তি এজনে নিজৰ ভুল স্বীকাৰ কৰিবলৈও সকলো সময়তে প্ৰস্তুত থকা উচিত। নিজৰ মনত পুহি ৰখা অথবা পুথিগত বিদ্যাৰে আয়ত্ব কৰা যিকোনো ধাৰণা পৰৱৰ্ত্তী সময়ত অশুদ্ধ প্ৰমাণিত হ’লে বিনয়েৰে স্বীকাৰ কৰি ল’ব পৰাটো বৈজ্ঞানিক মানসিকতাৰ পৰিচায়ক। বিজ্ঞানৰ ইতিহাসত এনে বহুবোৰ উদাহৰণ আছে য’ত একোজন বিজ্ঞানীৰ আকোৰগোঁজ মনোবৃত্তিৰ বাবে বিজ্ঞানৰ কেতবোৰ গুৰুত্বপূৰ্ণ তত্ত্ব বহু বছৰলৈকে ভুল ধাৰণাৰ ওপৰত বৰ্ত্তি আছিল। উদাহৰণ স্বৰূপে, অষ্টদশ শতিকাত জীৱাণুৰ ‘স্বতঃস্ফূৰ্ত সৃষ্টিতত্ত্ব’ (Spontaneous Generation Theory) সম্পৰ্কে থকা জন নিধাম আৰু তেওঁৰ অনুগামীসকলৰ আকোৰগোঁজ মনোভাৱ আৰু ইয়াক ভুল প্ৰমাণ কৰিবলৈ সেই সময়ৰ আন আন বিজ্ঞানীয়ে কৰা পৰীক্ষা-নীৰিক্ষাৰ ফলাফলসমূহ মানি ল’বলৈ কৰা অস্বীকাৰৰ ফলস্বৰূপে আধুনিক অনুজীৱ বিজ্ঞানৰ অগ্ৰগতি বহুকাল পিছ পৰি যোৱাৰ কথা বিজ্ঞানৰ ইতিহাসত স্বীকৃত হৈছে।

মুঠৰ ওপৰত, নিজৰ ভুল ধাৰণা বা বিচাৰৰ অশুদ্ধতা অথবা জ্ঞানৰ সীমাৱদ্ধতা স্বীকাৰ কৰি ল’বলৈ মানসিকভাৱে প্ৰস্তুত থাকিব নোৱাৰিলে বৈজ্ঞানিক মানসিকতা কেতিয়াও গঢ় লৈ উঠিব নোৱাৰে। নজনা কথা জনাৰ নিৰন্তৰ আগ্ৰহ আৰু অফুৰন্ত কৌতূহল, এটা মুকলি মন, বিশ্লেষণাত্মক মনোবৃত্তি আৰু বিনয়ী স্বভাৱেই হ’ল মানৱৰ বৌদ্ধিক বিকাশ আৰু প্ৰগতিৰ মূল চাবিকাঠি।

Tuesday, March 24, 2020

ক’ভিদ-১৯: সাম্প্ৰতিক কালত বিশ্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান


সম্প্ৰতি সমগ্ৰ বিশ্বতে এবিধ নতুন কৰ’ণা ভাইৰাছৰ পৰা হোৱা ক’ভিদ্‌-১৯ নামৰ ৰোগে সংহাৰী ৰূপ ধাৰণ কৰি এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰিছে। সমগ্ৰ মানৱ জাতিৰ বাবে এক প্ৰত্যাহ্বানৰূপে দেখা দিয়া এই অতিমাৰী (Pandemic)ৰ কাৰক হ’ল - Severe acute respiratory syndrome coronavirus 2 (SARS-CoV-2) নামৰ এবিধ নতুন কৰ’ণা ভাইৰাছ। ২০১৯ বৰ্ষৰ শেষৰফালে চীনদেশৰ য়ুহান নামে এক ঠাইত প্ৰথমে এই ৰোগ ধৰা পৰে আৰু অতি কম দিনৰ ভিতৰতে ই সংহাৰী ৰূপ লৈ হাজাৰ হাজাৰ লোকলৈ সংক্ৰমিত হয় আৰু মাথোন চাৰিমাহৰ ভিতৰতে চীনদেশৰ তিনি সহস্ৰাধিক লোকৰ প্ৰাণ লোৱাৰ লগতে ক্ৰমে পৃথিৱীৰ আন আন দেশলৈ বিয়পি পৰে। প্ৰাপ্ত তথ্য অনুসৰি, ২০২০ চনৰ ২৪ মাৰ্চ পৰ্য্যন্ত এই ৰোগ বিশ্বৰ ১৬৫ খন দেশলৈ সোঁচৰিত হৈছে আৰু ৩,৯৬,০০০ তকৈও অধিক লোক আক্ৰান্ত হৈছে। অৱশ্যে যদিও ইয়াৰে ১৭,২৫০ জন ৰোগী মৃত্যু মুখত পৰিছে, প্ৰায় ১ লাখ ৪ হাজাৰ ৰোগী চিকিৎসাৰ জৰিয়তে ৰোগমুক্ত হ’বলৈ সক্ষম হৈছে। সাম্প্ৰতিক কালত এই ৰোগ সমগ্ৰ বিশ্বত মানুহৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ এক প্ৰত্যাহ্বানৰূপে ঠিয় দিছে। অন্যহাতে, এতিয়ালৈকে এই ৰোগ বা ভাইৰাছটোৰ সম্পৰ্কে বহু কথা জানিবলৈ বাকী আছে। ফলত ৰোগটোৰ কোনো প্ৰতিষেধক বৰ্তমানলৈকে উদ্ভাৱন হোৱা নাই। অৱশ্যে এই দিশত বিজ্ঞানীসকলে যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু আশা কৰা হৈছে যে অচিৰেই এই ক্ষেত্ৰত কৃতকাৰ্য্যতা লাভ কৰিব পৰা যাব।

ক’ভিদ-১৯ ৰোগৰ লক্ষণসমূহ:

ৰোগীৰ বয়স, সাধাৰণ স্বাস্থ্য তথা প্ৰতিৰোধী শক্তি আৰু ৰোগৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰি ৰোগৰ লক্ষণসমূহ মৃদু অথবা অতি কষ্টদায়ক হ’ব পাৰে। লগতে ২ৰ পৰা প্ৰায় ১৫ শতাংশ ৰোগীৰ মৃত্যুও হ’ব পাৰে। ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ২-১৪ দিনৰ ভিতৰত ৰোগীৰ জ্বৰ, কাহ হ’ব পাৰে আৰু উশাহ-নিশাহৰ কষ্ট অনুভৱ কৰিব পাৰে। ৬৫ বছৰ বা তাতকৈ অধিক বয়সীয়া ৰোগীৰ শৰীৰত লক্ষণসমূহ অধিক তীব্ৰ হ’ব পাৰে। ঠিক তেনেদৰে, ডায়েবেটিছ্‌, উচ্চ ৰক্তচাপ, কৰ্কট ৰোগ, এজ্‌মা আদিত ভূগি থকা লোকৰ দেহত এই ৰোগ হ’লে লক্ষণসমূহ তীব্ৰতৰ হৈ সাধাৰণতে অত্যন্ত শোচনীয় অৱস্থা হয়। সেয়েহে, বয়োজ্যেষ্ঠ অথবা এনেবোৰ ৰোগাক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ অধিক হয়।

ভাইৰাছটো কিদৰে সংক্ৰমিত হয়?

            এই ভাইৰাছবিধ মূলতঃ তলত উল্লেখ কৰা দুই ধৰণে মানুহৰ পৰা মানুহলৈ সোঁচৰিত হয়:
১) ৰোগীৰ সৈতে পোনপটীয়া সংস্পৰ্শৰ জৰিয়তে (প্ৰায় ৬ ফুটৰ ভিতৰত)।
২) আক্ৰান্ত ৰোগীয়ে কাহ বা হাঁচি মৰাৰ সময়ত নিৰ্গত নাকৰ পানী বা থুৰ জৰিয়তে।
            এনেদৰে নিৰ্গত নাকৰ পানী বা থুৰ কণিকা কাষত থকা নিৰোগী মানুহৰ শৰীৰত মুখ বা নাকেদি প্ৰৱেশ কৰি হাওঁফাওঁ পাবগৈ পাৰে। আনহাতে এনে বীজাণুযুক্ত কণিকাবোৰ যিকোনো পৃষ্ঠত পৰিলে কেইবাঘণ্টালৈকে সক্ৰিয় হৈ থাকিব পাৰে আৰু এনে পৃষ্ঠ স্পৰ্শ কৰাৰ ফলত আন মানুহৰ গালৈও বিয়পিব পাৰে। এনেকৈ ভাইৰাছৰ দ্বাৰা দুষিত পৃষ্ঠ হাতেৰে স্পৰ্শ কৰাৰ পাছত নাক, মুখ আনকি চকু সেই হাতেৰে স্পৰ্শ কৰিলেও মানুহৰ গালৈ ভাইৰাছটো সোঁচৰিব পাৰে। অৱশ্যে এনেদৰে হোৱা সংক্ৰমণ এই ভাইৰাছৰ ক্ষেত্ৰত সংক্ৰমণৰ মূল উপায় নহয়।
            যদিওবা লক্ষণ দেখুৱাই থকা অৱস্থাতহে ৰোগী এজনৰ পৰা আন নিৰোগী মানুহৰ দেহলৈ ভাইৰাছটো সংক্ৰমিত হোৱাৰ সম্ভাৱনা সৰ্বাধিক, তথ্যমতে কেতবোৰ ক্ষেত্ৰত লক্ষণ দেখা দিয়াৰ আগেয়েও আক্ৰান্ত ব্যক্তিৰ পৰা ভাইৰাছটো বিয়পাৰ সম্ভাৱনা থাকে।
            উল্লেখযোগ্য যে, বিশ্বৰ প্ৰথম ১ লাখ ৰোগী আক্ৰান্ত হ’বলৈ ভাইৰাছটোক সময় লাগিছিল ৬৭ দিন, কিন্তু ২য় আৰু ৩য় লাখ ৰোগীৰ দেহলৈ সংক্ৰমিত হ’বলৈ লাগিছিল ক্ৰমে মাত্ৰ ১১ আৰু ৪ দিন। ইয়াৰ পৰাই এই ভাইৰাছটোৰ অতি ক্ষীপ্ৰ গতিত সোঁচৰিত হ’ব পৰা ক্ষমতাৰ কথা জানিব পাৰি।

নিজকে কেনেকৈ বচাই ৰাখিব?

‌          নিজকে ক’ভিদ-১৯ ৰোগৰ পৰা বচাই ৰখাৰ উত্তম উপায়টো হ’ল - নতুন কৰ’ণা ভাইৰাছৰ সংস্পৰ্শৰ পৰা আঁতৰি থকা। তাৰ বাবে তলত উল্লেখ কৰা ব্যৱস্থাবোৰ লোৱা দৰকাৰ:

সঘনাই আপোনাৰ হাত ধোৱক

·         ৰাজহুৱা স্থানৰ পৰা অহাৰ পাছত অথবা কাহ বা হাঁচি মৰাৰ পাছত চাবোন আৰু পৰিষ্কাৰ পানীৰে অন্ততঃ ২০ চেকেণ্ড ধৰি ভালকৈ আপোনাৰ হাত দুখন ধোৱক।
·         যদিহে ওচৰত পৰ্য্যাপ্ত পানী আৰু চাবোন উপলব্ধ নহয়, তেন্তে অন্ততঃ ৬০ শতাংশ এলকহল যুক্ত কোনো বীজাণুনাশক দ্ৰব্যৰে আপোনাৰ হাত ভালদৰে পৰিষ্কাৰ কৰক।
·         অপৰিষ্কাৰ বা নোধোৱা হাতেৰে আপোনাৰ নাক, মুখ আৰু চকু স্পৰ্শ কৰাৰ পৰা বিৰত থাকক।
আন ব্যক্তিৰ সৈতে দূৰত্ব বজাই ৰাখক
·         ৰোগাক্ৰান্ত ব্যক্তিৰ সৈতে পোনপটীয়া সংস্পৰ্শৰ পৰা আঁতৰি থাকক।
·         আন যিকোনো ব্যক্তিৰ পৰাও এক দূৰত্ব বজাই ৰাখক। বিশেষকৈ যিসকল ব্যক্তি এই ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি, তেনে লোকসকলে এই ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া উচিত।

এই ৰোগৰ আক্ৰমণৰ পৰা আনকো বচাওক


·                   ৰোগ প্ৰতিৰোধৰ অৰ্থে চৰকাৰে ঘোষণা কৰা নিয়ম আৰু সকলো নীতি-নিৰ্দেশনা কঠোৰভাৱে মানি চলক আৰু নিষিদ্ধ ঘোষণা কৰা সময়চোৱাত নিজ-নিজ ঘৰৰ ভিতৰতে থাকক। অনাৱশ্যকভাৱে কোনো কাৰণতে ঘৰৰ বাহিৰলৈ নোলাব।
·                           যদিহে আপুনি কাহ, হাঁচি, জ্বৰ আদিত ভূগিছে, তেন্তে তৎকালে ডাক্তৰৰ পৰামৰ্শ লওক।
কাহ বা হাঁচি মাৰোঁতে নাক-মুখ ঢাকি লওক
·         কাহ বা হাঁচি মৰাৰ সময়ত টিছু কাগজ বা ৰুমালেৰে নাক-মুখ ঢাকি লওক অথবা কিলাকুটিৰ ভিতৰফালে নাক-মুখ হেঁচি লওক।
·         ব্যৱহাৰ কৰা টিছু কাগজ জাবৰৰ পাঁচিত পেলাই দিয়ক অথবা ৰুমালখন ভালকৈ চাবোন-পানীৰে ধুই পেলাওক।
·         লগে-লগে হাত দুখন ভালকৈ চাবোন আৰু পানীৰে ধুই পেলাওক অথবা অতি কমেও ৬০ শতাংশ এলকহলযুক্ত বীজাণুনাশকেৰে পৰিষ্কাৰ কৰক।

যদি আপুনি ৰোগাক্ৰান্ত তেন্তে মাস্ক পৰিধান কৰক

·         যদি আপুনি ৰোগাক্ৰান্ত তেন্তে আনৰ সৈতে একে ঠাইতে থকাৰ সময়ত আৰু ডাক্তৰৰ কাষলৈ যাওঁতে মাস্ক পিন্ধাৰ ব্যৱস্থা কৰক। লগতে আপোনাৰ ওচৰত থকা আন ব্যক্তিসকলকো মাস্ক পিন্ধাৰ পৰামৰ্শ দিয়ক।
·         যদিহে আপুনি ৰোগাক্ৰান্ত হোৱা নাই অথবা আন কোনো ৰুগীয়া ব্যক্তিৰ পৰিচৰ্যা কৰা কামত জড়িত হোৱা নাই, তেন্তে আপুনি মাস্ক পিন্ধাৰ প্ৰয়োজন নাই।

পৰিষ্কাৰ পৰিচ্চন্নতা বজাই ৰাখক

·         আপোনাৰ ঘৰ আৰু কাৰ্য্যালয়ৰ টেবুল, দুৱাৰৰ হাতোৰা, লাইটৰ চুইট্‌চ, ফোন, কম্পিউটাৰৰ কি-ব’ৰ্ড, শৌচাগাৰ, প্ৰস্ৰাৱগাৰ আদি দৈনিক ভালদৰে বীজাণুনাশক দ্ৰব্যৰ সহায়ত পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰক।
·         ওপৰত উল্লেখ কৰা পৃষ্ঠসমূহ লেতেৰা হৈ থাকিলে, বীজাণুনাশক প্ৰয়োগ কৰাৰ আগতে চাবোন আৰু পানীৰে ধুই লওক।
·         পৃষ্ঠসমূহ বীজাণুমুক্ত কৰিবলৈ প্ৰতি গেলন (৩.৭৮৫ লিটাৰ) পানীত তিনি ভাগৰ একাপ বা ৫ টেবুল চামুচ পৰিমাণৰ ব্লিচিং পাউদাৰ মিহলি কৰি বীজাণুনাশক দ্ৰব্য প্ৰস্তুত কৰি ল’ব পাৰি।
·         বিকল্প হিচাপে ৭০ শতাংশ এলকহল যুক্ত পানীও ব্যৱহাৰ কৰিব পাৰি।

Tuesday, February 18, 2020

সংশ্লেষিত জিনমঃ প্ৰত্যাশা আৰু সংশয়

Image result for synthetic genome venter
Dr. J. Craig Venter
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াস্থিত জে, ক্ৰেইগ্‌ ভেন্টাৰ প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে ২০১০ চনৰ মে’ মাহত এটা বেক্টেৰিয়াৰ কোষত তাৰ নিজস্ব জিনমৰ বিকল্প হিচাবে মানৱ-সৃষ্ট সংশ্লেষিত জিনম প্ৰতিস্থাপন কৰি এক ‘সংশ্লেষিত কোষ’ সৃষ্টি কৰাৰ কথা ঘোষণা কৰি আধুনিক জীৱবিজ্ঞানত এক ইতিহাস সৃষ্টি কৰিলে।
এই সন্দৰ্ভত সমগ্ৰ প্ৰকল্পটোৰ মূল পৰামৰ্শদাতা বিজ্ঞানী ক্ৰেইগ্‌ ভেন্টাৰে কয় - “আমি ইয়াক প্ৰথমটো ‘সংশ্লেষিত কোষ’ বুলি অভিহিত কৰিছোঁ; ইহঁত সঁচাকৈয়ে একোটা জীৱিত কোষ”। এই প্ৰকল্পত প্ৰতিষ্ঠানটোৱে ৪০ নিযুত ডলাৰতকৈও অধিক অৰ্থ ব্যয় কৰিছিল। ডঃ ভেণ্টাৰ আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে ১৯৯৫ চনৰে পৰা সুদীৰ্ঘ কাল এই প্ৰকল্পত নেৰানেপেৰাকৈ লাগি আছিল।
‘সংশ্লেষিত কোষ’টো সৃষ্টি কৰিবলৈ ডেনিয়েল গিবছন আৰু ক্ৰেইগ ভেণ্টাৰৰ নেতৃত্বত কৰ্মৰত বিজ্ঞানীসকলে প্ৰথমে মাইক’প্লাজ্‌মা মাইকইডিচ্‌ নামৰ এক ক্ষুদ্ৰ বেক্টেৰিয়াৰ সম্পূৰ্ণ জিনমৰ মানচিত্ৰ তৈয়াৰ কৰি উলিয়ালে। পৰৱৰ্তী সময়ত তেওঁলোকে কম্পিউটাৰৰ সহায়ত বেক্টেৰিয়াবিধৰ ‘অদৰকাৰী’ জিনবোৰ আঁতৰাই কেৱল ‘অত্যাৱশ্যকীয়’ জিনবিলাক ৰাখি জিনমৰ এক আৰ্হি প্ৰস্তুত কৰিলে। তাৰ পাছত তেওঁলোকে মাইক’প্লাজ্‌মা কেপ্ৰিক’লাম নামৰ আন এক সমগোত্ৰীয় বেক্টেৰিয়া লৈ তাৰ জিনমটো আঁতৰাই পেলালে আৰু তাৰ ঠাইত তেওঁলোকে তৈয়াৰ কৰা আৰ্হিমতে ৱাছিংটনৰ ব’থেলত অৱস্থিত ব্লু হেৰন বায়’ নামৰ DNA শৃংখল নিৰ্ণয়কাৰী কোম্পানী এটাই সংশ্লেষণ কৰা সংশ্লেষিত জিনমটো সুমুৱাই দিলে। পৰৱৰ্তী সময়ত তেওঁলোক দেখি আচৰিত হ‌’ল যে বেক্টেৰিয়াটো জীয়াই থকাৰ উপৰি তাৰ বংশবৃদ্ধি প্ৰক্ৰিয়াও অব্যাহত থাকিল। একে সময়তে, তাৰ সকলো গুণাগুণ মাইক’প্লাজ্‌মা কেপ্ৰিক’লামৰ সলনি মাইক’প্লাজ্‌মা মাইকইডিচ্‌ প্ৰজাতিৰ দৰে হৈ পৰিল।
এই সম্পৰ্কে ডঃ ডেনিয়েল গিবছনে কয়, “আমি চাৰি বটল ৰাসায়নিক দ্ৰব্যৰ পৰা এই জিনমটো তৈয়াৰ কৰিলো; আমি সেই সংশ্লেষিত জিনমটো এটা কেন্দ্ৰহীন কোষত সুমুৱাই দিলো আৰু সেই সংশ্লেষিত জিনমটোৱে কোষটোক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ল”।
এই নতুন বেক্টেৰিয়াটো আৰু তাৰ সতি-সন্ততিক চিনাক্ত কৰিব পৰাকৈ ডঃ ভেণ্টাৰৰ দলে বেক্টেৰিয়াটোৰ ৰাসায়নিক জিনমটোত প্ৰয়োজনীয় DNA-ৰ উপৰিও তেওঁলোকৰ নাম আৰু জেম্‌চ জইচ্‌ আৰু আন মহান ব্যক্তিৰ তিনিটা উক্তিও সংযোজন কৰিলে। ইয়াৰ ফলত ভৱিষ্যতে এই কোষবোৰৰ গাত সিহঁতৰ সৃষ্টিকৰ্তা বিজ্ঞানীসকলৰ নাম মচিব নোৱাৰাকৈ খোদিত হৈ থাকিল।
সংশ্লেষণ জীৱবিজ্ঞান (synthetic biology)ৰ ইতিহাসত ই হ’ল এক যুগান্তকাৰী আৱিষ্কাৰ। বহুতো বিজ্ঞানীয়ে বিশ্বাস কৰে যে এই গৱেষণাত ব্যৱহৃত প্ৰযুক্তি অচিৰেই বাণিজ্যিক গুৰুত্ব থকা আন আন বেক্টেৰিয়াৰ ক্ষেত্ৰটো প্ৰয়োগ কৰিব পৰা যাব। দৰাচলতে, বহুতো কোম্পানীয়ে ইতিমধ্যেই এই প্ৰযুক্তি কেতবোৰ ঔদ্যোগিক গুৰুত্ব সম্পন্ন জীৱাণুৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ডঃ ভেণ্টাৰে ইতিমধ্যে Synthetic Genomics, Inc. নামেৰে এটা কোম্পানী প্ৰতিষ্ঠা কৰিছে আৰু এই কোম্পানীয়ে এই দিশত নতুন গৱেষণা অব্যাহত ৰখাৰ বাবে বহুকেইটা জৈৱ-ভিত্তিক কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে।
অৱশ্যে, এই নতুন প্ৰযুক্তিয়ে আনি দিয়া কৃত্ৰিম জীৱন সৃষ্টিৰ সম্ভাৱনীয়তাৰ ক্ষেত্ৰত ইতিমধ্যে নৈতিকতা, আইন আৰু জন সুৰক্ষাৰ সৈতে জড়িত কেতবোৰ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত সংগঠনবোৰে তৎকালিনভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজ্ঞানীসকলে এই গৱেষণাৰ ফলাফল প্ৰকাশ কৰাৰ লগে-লগে পৃথিৱীৰ ৭৪ খন দেশত ব্যাপ্ত  ‘Friends of the Earth International’ নামে এক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সুৰক্ষা সংস্থাই পৰিৱেশ সুৰক্ষা প্ৰাধিকৰণ, আৰু খাদ্য আৰু ঔষধ প্ৰশাসন সংস্থাক “সংশ্লেষণ জীৱবিজ্ঞানৰ সকলো গৱেষণা আৰু তাৰ পৰা উৎপাদিত দ্ৰব্য সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত কৰিবলৈ” এক বিবৃতিযোগে আহ্বান জনাইছে।  ETC নামে কানাডাস্থিত আন এক সংগঠনে আনকি সমগ্ৰ বিশ্বতে সংশ্লেষণ জীৱবিজ্ঞানৰ যিকোনো গৱেষণা নিষিদ্ধ কৰাৰ আহ্বান জনাইছে।
যদিওবা এনেবোৰ জৈৱ-প্ৰযুক্তিয়ে গৱেষণাৰ দিশত অপাৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে, ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰত স্বাভাৱিকতে উঠা নৈতিক, আইনগত আৰু জনসুৰক্ষা সম্বন্ধীয় প্ৰশ্নসমূহৰ সঠিক আৰু প্ৰত্যয় জগাব পৰা উত্তৰ সন্ধান কৰা অতি আৱশ্যক, যাতে ভৱিষ্যতে এনে প্ৰযুক্তিৰ ব্যৱহাৰ কেৱল মানুহ আৰু জীৱজগতৰ উপকাৰৰ বাবেহে হয়।