শ্ৰীনিবাস ৰামানুজন আছিল ভাৰতবৰ্ষৰ এজন শীৰ্ষস্থানীয় গণিতজ্ঞ | মাদ্ৰাজৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ নিলগত থকা ইৰোড নামৰ এখন সৰু গাৱঁত ৰামানুজনৰ জন্ম হৈছিল | তেওঁৰ বয়স এবছৰ হওঁতে মাকে তেওঁক কুম্বকুনাম নামৰ এখন সৰু চহৰলৈ লৈ যায়, য’ত তেওঁৰ দেউতাকে এখন কাপোৰৰ দোকানত এজন কেৰাণী হিচাবে কাম কৰিছিল | ১৮৮৯ চনৰ ডিচেম্বৰ মাহৰ ৰামানুজন বসন্ত ৰোগত আক্ৰান্ত হয় |
তেওঁ যেতিয়া পাঁচবছৰীয়া হ’ল, সেই চহৰৰে এখন প্ৰাইমেৰী স্কুলত তেওঁক নাম লগাই দিয়ে | অৱশ্যে ১৮৯৮ চনত কুম্বাকোনামৰ টাউন হাইস্কুলত নাম লগোৱাৰ আগলৈকে তেওঁ কেইবাখনো বেলেগ বেলেগ প্ৰাইমেৰী স্কুল বাগৰিব লগীয়া হয় | টাউন হাইস্কুলত তেওঁ সকলো বিষয়তে ভাল ফল দেখুৱাইছিল | কিন্তু ১৯০০ চনত তেওঁ নিজাববীয়াকৈ গণিত বিষয়ত অধ্যয়ন আৰু গৱেষণা আৰম্ভ কৰে আৰু জ্যামিতি আৰু অঙ্ক শাস্ত্ৰত ব্যুত্পত্তি লাভ কৰে |
১৯০২ চনত তেওঁ ত্ৰিঘাট সমীকৰণ কেনেকৈ সমাধান কৰিব লাগে দেখুৱা হৈছিল আৰু তাৰ পাচতে তেওঁ নিজাববীয়াকৈ চতুৰ্ঘাট সমীকৰণ সমাধানৰ এটা পদ্ধতিৰ সন্ধান আৰম্ভ কৰে আৰু সফল হয় |
১৯০৪ চনত ৰামানুজনে গভীৰ গৱেষণাত আত্মনিয়োগ কৰে| তেওঁ শ্ৰেণীৰ বিষয়ে অনুসন্ধান কৰে আৰু ইউলাৰৰ ধ্ৰুৱকৰ মান ১৫ টা দশমিক স্থানলৈ নিৰ্ণয় কৰে |
হাইস্কুলীয়া শিক্ষাত দেখুওৱা ভাল ফলৰ বাবে ৰামানুজনে এটা বৃত্তি লাভ কৰে আৰু ১৯০৪ চনত কুম্বাকোনামৰ চৰকাৰী কলেজত ভৰ্ত্তি হয় | কিন্তু ৰামানুজনে বাকীবোৰ বিষয়ক অৱহেলা কৰি মাত্ৰ গণিতৰ অধ্যয়নতহে ব্যস্ত থকাত পিচৰ বছৰৰ পৰা তেওঁৰ জলপানী কটা যায় | ট্কা পইচাত অভাৱত তেওঁ বিমোৰত পৰে আৰু মাক-দেউতাকৰ অজ্ঞাতে তেওঁ মাদ্ৰাজৰ পৰা ৬৫০ কিমোমিটাৰ নিলগত থকা বিশাখাপট্টনমলৈ পলাই যায় | অৱশ্যে তেওঁ গণিত বিষয়ত তেওঁৰ গৱেষণা অব্যাহত ৰাখে |
১৯০৬ চনত তেওঁ মাদ্ৰাজলৈ যায় আৰু পাচায়াপ্পাৰ কলেজত ভৰ্ত্তি হয় | তেওঁৰ উদ্দেশ্য আছিল প্ৰথমতে কলা শাখাত কলেজৰ পৰীক্ষা পাছ কৰা যাতে তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ত ভৰ্ত্তি হ’ব পাৰে | কিন্তু তিনিমাহৰ পাচতে তেওঁ ৰোগাক্ৰান্ত হয় আৰু শ্ৰেণীসমূহত উপস্থিত থাকিব নোৱাৰা হয় | তথাপি তেওঁ পৰীক্ষাত অৱতীৰ্ণ হয় | কিন্তু গণিতৰ বাহিৰে সকলো বিষয়তে অনুত্তীৰ্ণ হয় আৰু বিশ্ববিদ্যালয়ত ভৰ্ত্তি হোৱাৰ তেওঁৰ সপোন চূৰ্ণ-বিচূৰ্ণ হয় | কিন্তু তেওঁ হতাশ নহৈ তেওঁৰ গৱেষণা অব্যাহত ৰাখে আৰু পিচৰ কেইবছৰত নিজাববীয়াকৈ কাৰো সহায় নোলোৱাকৈ নতুন নতুন তথ্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়, যদিও তেওঁ গৱেষণাৰ প্ৰচলিত পদ্ধতি সম্পৰ্কে কোনো জ্ঞান নাছিল |
১৯০৮ চনত তেওঁ এক গুৰুতৰ ৰোগত আক্ৰান্ত হয় আৰু ১৯০৯ চনৰ এপ্ৰিল মাহত এটা অস্ত্ৰোপচাৰ কৰাবলগীয়া হয় | ১৯০৯ চনৰ ১৪ জুলাইত মাকৰ হেঁচাত পৰি তেওঁ ১০ বছৰীয়া এগৰাকী বালিকাক বিয়া কৰায় | অৱশ্যে কণ্যাটিৰ ১২ বছৰ নোহোৱালৈকে ৰামানুজনে সহবাস কৰা নাছিল |
বিশ্ববিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা নোহোৱা স্বত্তেও ৰামানুজনে ভাৰতীয় গণিত সমাজৰ আলোচনীত গণিতৰ বিভিন্ন বিষয়ত নিয়মীয়াকৈ লিখা-মেলা কৰিবলৈ ধৰে আৰু সকলোৰে মাজত পৰিচিত হৈ পৰে |
১৯১১ চনত তেওঁ এই সমাজৰ মূল উদ্যোক্তা এজনৰ সহযোগত মাদ্ৰাজৰ মহাগাণ্নিকৰ কাৰ্যালয়ত এটা অস্থায়ী চাকৰিত মকৰল হয় | যদিও তেওঁ বিশ্ববিদ্যালয়ৰ কোনো ডিগ্ৰী ল’ব পৰা নাছিল তেওঁৰ অসাধাৰণ পাণ্ডিত্যৰ প্ৰতি সন্মান জনাই অৱশেষত তেওঁক ১৯১২ চনৰ ১ মাৰ্চৰ পৰা মাদ্ৰাজ প’ৰ্ট ট্ৰাষ্টত কেৰাণীৰ চাকৰি এটা তেওঁৰ গুণমুগ্ধসকলে যোগাৰ কৰি দিয়ে, যাতে তেওঁ তেওঁৰ গৱেষণা অব্যাহত ৰাখিব পাৰে | সেই সময়তে তেওঁ মাদ্ৰাজৰ কেইজনমান আগশাৰীৰ গণিতজ্ঞৰ সংস্পৰ্শলৈ আহে | ১৯১২ চনৰ ১২ নবেম্বৰত তেনে এজন বিজ্ঞানী মাদ্ৰাজ আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক চি, এল, টি, গ্ৰিফিথে ৰামানুজনৰ বিষয়ে সবিশেষ জনাই, তেওঁৰ বাৰ্ণৌলি সংখ্যাৰ বিষয়ত লিখা এখন গৱেষণা-পত্ৰৰ সৈতে লণ্ডনৰ ইউনিভাৰ্চিটি কলেজৰ এম, জে, এম, হিল নামৰ এজন অধ্যাপকলৈ লিখি পঠিয়ায় | হিলে যথেষ্ট অনুপ্ৰেৰনাৰে উত্তৰ দিয়ে যদিও তেওঁ ৰামানুজনৰ বহুতো ব্যাখ্যা বুজিবলৈ অসমৰ্থ হোৱা বুলি অৱগত কৰে | ৰামানুজনে এই কথাত অসন্তুষ্ট হৈ অন্যান্য কেতবোৰ বিজ্ঞানীলৈ চিঠি লিখে, কিন্তু কেইবাজনেও তেওঁক উত্তৰ নিদিলে | অৱশেষত জি, এইচ, হাৰ্ডি নামৰ বিজ্ঞানীজনে ১৯১৩ চনৰ ৮ ফেব্ৰুৱাৰীত তেওঁক উত্তৰ দি ৰামানুজনৰ গৱেষণাৰ ফলাফলৰ গুৰুত্ব সম্পৰ্কে স্বীকাৰ কৰে | ১৯১৩ চনৰ মে’ মাহত অৱশেষত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা দুবছৰৰ বাবে এটা জলপানী লাভ কৰে আৰু ১৯১৪ চনত হাৰ্ডিয়ে তেওঁক একেলগে কাম কৰাৰ বাবে কেম্ব্ৰিজৰ ত্ৰিনিটী কলেজলৈ আমন্ত্ৰণ জনায় | ১৯১৪ চনৰ ১৭ মাৰ্চত ৰামানুজনে ভাৰত এৰি বিদেশলৈ যাত্ৰা কৰে আৰু ১৪ এপ্ৰিলত লণ্ডনত উপস্থিত হয় আৰু তাৰ পৰা কেইদিনমানৰ পাচত কেম্ব্ৰিজলৈ যাত্ৰা কৰে | কিন্তু তাত তেওঁৰ খোৱা-বোৱাত বেছ কষ্ট হয়, কিয়নো তেওঁ নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালৰ সন্তান হোৱা বাবে যিকোনো বস্তু নাখাইছিল | ফলত তেওঁৰ স্বাস্থ্য ভাগি পৰে |
হাৰ্ডিয়ে যদিও ৰামানুজনৰ আনুষ্ঠানিক শিক্ষা নথকাৰ কাৰণে গণিতৰ আধুনিক পদ্ধতি সম্পৰ্কে তেওঁক বুজাবলৈ যথেষ্ট কষ্ট কৰিব লগা হৈছিল, দুয়োজনে একলগে তেওঁলোকৰ গৱেষণা অব্যাহত ৰাখে | কিন্তু সেই সময়তে প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হয় আৰু পৰৱৰ্ত্তী কালত ৰামানুজন বহুদিন ধৰি অসুখত ভোগে |
অৱশেষত ১৯১৬ চনৰ ১৬ মৰ্চত ৰামানুজনে তেওঁৰ গৱেষণাৰ ভিত্তিত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে | ১৯১৭ চনত তেওঁ গুৰুতৰভাৱে অসুস্থ হয় আৰু তেওঁৰ চিকিত্সকসকলে তেওঁ মৃত্যুমুখত পৰিব বুলি ভয় খায় | চেপ্তেম্ব্ৰ মাহৰ ফালে তেওঁৰ স্বাস্থ্যৰ কিছু উন্নতি হয় | ১৯১৮ চনৰ ১৮ ফেব্ৰুৱাৰীত ৰামানুজন কেম্ব্ৰিজ ফিল’চফিকেল চচাইটিৰ ফেল’ নিৰ্বাচিত হয় আৰু তিনিদিনৰ পাচতে ৰয়েল চচাইটি অৱ লণ্ডনৰ ফেল’ মনোনীত হয় | পুণৰ ১৯১৮ চনৰ ১০ অক্টোবৰত ছবছৰৰ বাবে তেওঁ ত্ৰিনিটী কলেজৰ ফেল’ নিৰ্বাচিত হয় |
১৯১৯ চনৰ ২৭ ফেব্ৰুৱাৰিত ৰামানুজনে ভাৰতলৈ যাত্ৰাৰম্ভ কৰে আৰু ১৩ মাৰ্চত আহি উপস্থিত হয় | কিন্তু তেওঁৰ স্বাস্থ্য ইমানেই ভাগি পৰিছিল যে পিচৰ বছৰেই তেওঁ মৃত্যুমুখত পৰে |
তেওঁৰ মৃত্যুৰ পাচতো বাৰ্মিংহামৰ গণিতৰ অধ্যাপক জি,এন, ৱাটচনে ৰামানুজনে এৰি যোৱা বিভিন্ন লিখাবোৰৰ বৈজ্ঞানিক অধ্যয়ন অব্যাহত ৰাখে আৰু ১৯১৮ চনৰ পৰা ১৯৫১ চনলৈকে ৰামানুজনে কৰা কামৰ ওপ্ৰত ভিত্তি কৰি লিখা ১৪ খন গৱেষণা-পত্ৰ সম্বলিত ‘থিয়’ৰেম্চ ষ্টেটেড্ বাই ৰামানুজন’ নামেৰে পুথি প্ৰকাশ কৰে |
No comments:
Post a Comment