Tuesday, September 22, 2015

অণুজীৱ বিজ্ঞানৰ ইতিহাস (খণ্ড - ৪)

লুই পাষ্টুৰ (১৮২২-১৮৯৫)ৰ অন্যান্য অৱদান

পাষ্টুৰে তেওঁৰ জীৱন কালত অণুজীৱ বিজ্ঞানৰ বহুতো মূল্যবান তত্ত্ব আৱিষ্কাৰ কৰি থৈ গৈছে আৰু তেওঁৰ সমসাময়িক আন এজন বিজ্ঞানী ৰবাৰ্ট ককৰ সৈতে অণুজীৱ বিজ্ঞানৰ মূল ভেঁটি প্ৰতিষ্ঠা কৰি থৈ গৈছে।
১৮৫৭ চনত তৃতীয় নেপোলিয়নৰ সৈন্যবাহিনীৰ নাবিকসকলৰ মাজত এক বিদ্ৰোহৰ সূত্ৰপাত হৈছিল, কাৰণ তেওঁলোকে সাগৰত নাও মেলাৰ কেইদিনমানৰ ভিতৰতে তেওঁলোকৰ বাবে মজুত কৰি ৰখা সুৰাবোৰ নষ্ট হৈ গৈছিল আৰু দীঘলীয়া নৌ-যাত্ৰাত সুৰাৰ অভাৱত তেওঁলোক অস্থিৰ হৈ পৰিছিল। কেৱল নষ্ট হৈ যোৱা কিছু সুৰাৰ বাবেই তেওঁৰ বিশ্ব জয়ৰ সপোন চূৰমাৰ হৈ যোৱাৰ উপক্ৰম হোৱাত নেপোলিয়ন স্বাভাৱিকতে বৰ চিন্তিত হৈছিল আৰু তেওঁ এই সমস্যাৰ সমাধান বিছাৰি পাষ্টুৰৰ ওচৰ চাপিছিল। এই প্ৰত্যাহ্বান গ্ৰহণ কৰি পাষ্টুৰে শীঘ্ৰেই আৱিষ্কাৰ কৰিলে যে নষ্ট হোৱা সুৰাৰ নমুনাত এক বিশেষ ধৰণৰ অণুজীৱ মাত্ৰাধিকভাৱে থাকে আৰু সুৰাৰ নমুনা অণুবীক্ষণ যন্ত্ৰৰ তলত পৰীক্ষা কৰি গুণাগুণ নিৰ্ণয় কৰিব পৰা যায়; আনকি সোৱাদ কেনে হব তাৰো পূৰ্বানুমান কৰিব পৰা যায়। তেওঁ যুক্তি দৰ্শালে যে সুৰাৰ গোন্ধ আৰু সোৱাদ সলনি নোহোৱাকৈ উচ্চ উষ্ণতালৈ তপতাই সুৰাত থকা অণুজীৱবোৰ ধ্বংস কৰিব পৰা যাব আৰু তেনে কৰিলে সুৰাৰ গুণাগুণ ভৱিষ্যতে নষ্ট হোৱাৰ সম্ভাৱনা নাথাকিব। এই প্ৰক্ৰিয়াটোৱে, যাক বৰ্ত্তমান পাষ্টুৰীকৰণ (pasteurization) বোলা হয়, ঠিক পাষ্টুৰে অনুমান কৰাৰ দৰেই কাম কৰিলে। সাম্প্ৰতিক কালত বটলত ভৰোৱা যিকোনো জুলীয়া দ্ৰব্য জীৱাণুমুক্ত কৰি গুণাগুণ অটুট ৰখাৰ বাবে এই পদ্ধতি প্ৰয়োগ কৰা হয়। এনে দ্ৰব্যৰ ভিতৰত গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীসমূহো পৰে।
পাষ্টুৰে এই কথা উপলব্ধি কৰিছিল যে সুৰাত থকা কেতবোৰ এককোষী ভেঁকুৰেই (yeast) প্ৰকৃততে ফলৰ ৰসক এলকহললৈ ৰূপান্তৰিত কৰিছিল। পাষ্টুৰৰ এই তত্ত্বই সেই সময়ৰ আন বহুতো বিজ্ঞানীক অসন্তুষ্ট কৰি তুলিছিল, কিয়নো তেওঁলোকৰ ধাৰণা আছিল যে আঙুৰৰ ৰসত আপোনা-আপুনি হোৱা কিছু ৰাসায়নিক পৰিৱৰ্ত্তনৰ বাবেহে এলকহলৰ সৃষ্টি হয়। বিজ্ঞান সম্পৰ্কীয় বহুতো সভা-সমিতিত পাষ্টুৰক এনে লোকসকলে আক্ৰমণ কৰিবলৈ লৈছিল; আনকি কোনো কোনো লোকে পাষ্টুৰ আৰু তেওঁৰ দ্বাৰা উল্লেখিত ভেঁকুৰৰ কথা লৈ খুঁহুতীয়া নাটিকাও পৰিৱেশন কৰিছিল আৰু তেওঁক হাঁহিয়াতৰ পাত্ৰ কৰি তুলিবলৈ চেষ্টা কৰিছিল। অৱশ্যে পাষ্টুৰে সমগ্ৰ বিশ্বক তেওঁৰ দ্বাৰা আৱিষ্কৃত তথ্যৰ সত্যতা সম্পৰ্কে অচিৰেই পতিয়ন নিয়াবলৈ সক্ষম হল আৰু তেওঁ প্ৰমাণ কৰি দেখুৱালে যে সুৰাত থকা ভেঁকুৰ নিয়ন্ত্ৰণ কৰি সুৰাৰ গুণাগুণ অক্ষুণ্ণ ৰাখিব পৰা যায়। অতি কম দিনৰ ভিতৰতে আন বহুতো বিজ্ঞানীয়ে পৰীক্ষা কৰি একেই ফলাফল লাভ কৰাত অৱশেষত পাষ্টুৰৰ আৱিষ্কাৰৰ বিৰোধিতা কৰাসকল স্বাভাৱিকতে মৌন হৈ পৰিল।
পৰৱৰ্ত্তী কালত পাষ্টুৰে আধুনিক ৰোগ প্ৰতিৰোধ বিদ্যা (Immunology) ৰো ভেঁটি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল যে পৰীক্ষাগাৰত দুৰ্ব্বলীকৃত (weakened/attenuated) ৰোগৰ বীজাণুৰ বেজী দি কুকুৰা চৰাইক বেক্টেৰিয়াজনিত ৰোগৰ আক্ৰমণৰ পৰা বচাই ৰাখিব পৰা যায়। কুকুৰাৰ কলেৰা ৰোগৰ বিষয়ে গৱেষণা কৰি থাকোঁতে তেওঁ কিছুমান কুকুৰাক বেজী দি সিহঁতৰ শৰীৰত পৰীক্ষাগাৰত সংৰক্ষিত কেতবোৰ পুৰণি বীজাণু ভৰাই দিছিল। এনে কৰাৰ পাছতো যেতিয়া কুকুৰাবোৰ নমৰিল, তেতিয়া তেওঁ ধাৰণা কৰিলে যে বহুদিন পৰীক্ষাগাৰত সংৰক্ষিত কৰি থোৱাৰ বাবে বীজাণুবোৰে নিশ্চয় ৰোগ সৃষ্টি কৰিব পৰা ক্ষমতা হেৰুৱাই পেলাইছে। গতিকে তেওঁ একেজাতীয় নতুন বেক্টেৰিয়া ব্যৱহাৰ কৰি তেওঁৰ পৰীক্ষাটোৰ পুনৰাবৃত্তি কৰিলে। এইবাৰ তেওঁ দেখিলে যে বেজী দিয়া কুকুৰাবোৰৰ ভিতৰত কিছু সংখ্যকৰহে মৃত্যু হৈছে। এই ফলাফলৰ কাৰণ জানিবলৈ তেওঁ নিজৰ সহযোগীসকলক সোধা-পোছা কৰাত জানিব পাৰিলে যে যিবিলাক কুকুৰা দ্বিতীয় পৰীক্ষাটোৰ পাছত বাচি থাকিল সেইবিলাক কুকুৰাক আগেয়ে প্ৰথম পৰীক্ষাৰ সময়ত পুৰণি বীজাণুযুক্ত বেজী দিয়া হৈছিল। পাষ্টুৰে এই সিদ্ধান্তত উপনীত হল যে পুৰণি বীজাণুবোৰে কুকুৰাৰ দেহত ৰোগ প্ৰতিৰোধী ক্ষমতাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু সেয়েহে দ্বিতীয়বাৰ তেনে কুকুৰাক নতুন, ৰোগ সৃষ্টি কৰাৰ ক্ষমতা থকা বীজাণুৰ বেজী দিয়া স্বত্তেও সিহঁত মৃত্যুমুখত পৰা নাই। তেওঁ যুক্তি দৰ্শালে যে প্ৰতিকূল পৰিস্থিতিত ৰোগ সৃষ্টিকাৰী বীজাণুৱে সিহঁতৰ ৰোগ সৃষ্টি কৰিব পৰা সামৰ্থ্য হেৰুৱাই পেলাব পাৰে, অথচ তেনে বীজাণু মানুহ বা জীৱ-জন্তুৰ দেহত সুমুৱাই দিলে ৰোগ প্ৰতিৰোধী ক্ষমতাৰ সৃষ্টি কৰিব পাৰে। এই প্ৰক্ৰিয়া প্ৰয়োগ কৰি তেওঁ পৰৱৰ্ত্তী সময়ত আন বহুতো ৰোগৰ প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিবলৈ সক্ষম হল। তাৰ ভিতৰত টেঁটুৱা (Anthrax) আৰু জলাতঙ্ক ৰোগ (Rabies) অন্যতম। সাম্প্ৰতিক কালতো এই মূল কৌশলটোৰে কিছু সালসলনি কৰি বিভিন্ন ৰোগৰ প্ৰতিষেধক চিটা উৎপাদনৰ পদ্ধতি অব্যাহত আছে।

Friday, September 18, 2015

অণুজীৱ বিজ্ঞানৰ ইতিহাস (খণ্ড - ৩)



উনবিংশ শতিকাত অণুবীক্ষণ যন্ত্ৰৰ অধিক বিকাশৰ ফলশ্ৰুতিত মানুহে যেতিয়া অতি সৰল শাৰীৰিক গঠনযুক্ত অণুজীৱবোৰ সহজে চাব পৰা হল, তেতিয়া স্বতঃস্ফূৰ্ত স্ৰজনৰ ধাৰণাটোৱে পুনৰ এবাৰ প্ৰাণ পাই উঠিল। বহুতেই ধাৰণা কৰিলে যে অন্ততঃ উচ্চস্তৰৰ জীৱ-জন্তুতকৈ তুলনামূলকভাৱে সৰল আৰু অতি ক্ষুদ্ৰ অণুজীৱবোৰৰ সৃষ্টি নিৰ্জীৱ পদাৰ্থৰ পৰা আপোনা-আপুনি হব পাৰে। 

কিন্তু একে সময়তে আব্বে লেজাৰ স্পালানজানিৰ দৰে কিছু সংখ্যক বিজ্ঞানীয়ে স্বতঃস্ফূৰ্ত স্ৰজন মতবাদক সমৰ্থন জনোৱাৰ পৰিৱৰ্ত্তে ইয়াৰ সত্যাসত্য নিৰূপণ কৰাৰ উদ্দেশ্যে নানান পৰীক্ষা অব্যাহত ৰাখিলে। তেওঁ আইনাৰ পাত্ৰত মাংসৰ তপত চুৰুহা ৰাখি পাত্ৰটোৰ মুখখন তাপ দি গলাই বন্ধ কৰি দিলে। এনে কৰাৰ পাছত কেইবাদিনলৈ চুৰুহাখিনিত কোনো অণুজীৱৰ সৃষ্টি নোহোৱাত তেওঁ বিশ্বাস কৰিলে যে স্বতঃস্ফূৰ্ত স্ৰজন মতবাদ শুদ্ধ নহয়। কিন্তু তেওঁৰ বিৰুদ্ধাচৰণ কৰাসকলে সমালোচনা আগবঢ়ালে যে যিহেতু জীৱৰ সৃষ্টিৰ বাবে বায়ুৰ প্ৰয়োজন আৰু আইনাৰ পাত্ৰটো সম্পূৰ্ণৰূপে বন্ধ কৰি দি তেওঁ বায়ু সোমাব নোৱৰা কৰি দিছিল, সেয়েহে চুৰুহাখিনিত অণুজীৱৰ সৃষ্টি সম্ভৱ হৈ উঠা নাছিল। 

১৮৫৯ চনত আধুনিক অনুজীৱ বিজ্ঞানৰ পিতৃপুৰুষ লুই পাষ্টুৰে (১৮২২-১৮৯৫) স্বতঃস্ফূৰ্ত স্ৰজন মতবাদটোৰ সত্যাসত্য সম্পৰ্কীয় প্ৰশ্নটোৰ চিৰকালৰ বাবে গ্ৰহণযোগ্য এক মীমাংসা কৰাৰ সিদ্ধান্ত ললে। এই উদ্দেশ্যে প্ৰথমে তেওঁ দীঘল, বেঁকা ডিঙিৰ এক ধৰণৰ আইনাৰ পাত্ৰ সাজি উলিয়ালে, যাতে তেনে আকাৰযুক্ত পাত্ৰবোৰৰ মুখখন খুলি ৰাখিলেও তাত বায়ু পোনপটীয়াকৈ সোমাব নোৱাৰে; বৰঞ্চ এক দীঘল, বেঁকা পথেৰেহে সোমাব পাৰিব। তাৰ পাছত তেওঁ তেনে পাত্ৰত অণুজীৱৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় খাদ্যৰস ৰাখি তাক গৰম কৰি উতলাই ললে যাতে তাত থাকিব পৰা অণুজীৱবোৰ ধ্বংস হয়। পৰৱৰ্ত্তী সময়ত উপযুক্ত উষ্ণতাত পাত্ৰবোৰ ৰাখি কেইবামাহলৈকে তেওঁ নিৰীক্ষণ কৰিলে। তেওঁ যুক্তি দৰ্শালে যে বায়ুৰ সৈতে বাহিৰৰ পৰা সোমাব পৰা অণুজীৱবোৰ পাত্ৰৰ ভিতৰত ৰখা খাদ্যৰস গৈ পোৱাৰ আগেয়ে আইনাৰ পাত্ৰৰ ঠেক ডিঙিটোৰ বেৰত লাগি ধৰিব। গতিকে, যদিহে স্বতঃস্ফূৰ্ত স্ৰজনৰ ধাৰণাটো শুদ্ধ নহয়, তেন্তে খাদ্যৰসখিনিত কোনো অণুজীৱৰ সৃষ্টি নহব। প্ৰকৃততে সেইটোৱেই হল আৰু পাত্ৰৰ ভিতৰত ৰখা ৰসখিনি অনিৰ্দ্দিষ্ট কাললৈ জীৱাণুমুক্ত হৈ থাকিল। পৰৱৰ্ত্তী সময়ত পাষ্টুৰে পাত্ৰটো বেঁকা কৰি খাদ্যৰসখিনি তেওঁ ধাৰণা কৰা অনুসৰি বাহিৰৰ পৰা সোমোৱা অনুজীৱবোৰ গোট খাই থকা পাত্ৰৰ ঠেক ডিঙিটোলৈকে নিগৰাই দিলে। তেনে কৰাৰ পাছত দেখা গ ৰসখিনিত এইবাৰ অণুজীৱৰ অৱস্থিতি ধৰা পৰিছে। পাষ্টুৰে অতি পাৰদৰ্শিতাৰে অথচ সৰলভাৱে কৰা এই পৰীক্ষাৰ পাছত স্বতঃস্ফূৰ্ত স্ৰজন মতবাদটোযে শুদ্ধ নহয় সেই বিষয়ে কাৰো মনত সন্দেহৰ অৱকাশ নাথাকিল আৰু ইয়াক লৈ চলি অহা বিতৰ্কৰো চিৰদিনৰ বাবে অন্ত পৰিল।
 

অণুজীৱ বিজ্ঞানৰ বিকাশৰ ইতিহাস (খণ্ড - ২)


ৰবাৰ্ট হুক

জীৱৰ কোষীয় গঠন সম্পৰ্কে ধাৰণা আগবঢ়োৱা প্ৰথমজন ব্যক্তি আছিল ৰবাৰ্ট হুক। অণুবীক্ষণ যন্ত্ৰৰ তলত দেখা পোৱা ক্ষুদ্ৰকায় প্ৰাণীবোৰ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ ৰবাৰ্ট হুকৰ ওচৰলৈ সেই সময়ত সমাজৰ উচ্চ-স্তৰৰ বহু ব্যক্তি, আনকি ৰুছদেশৰ জাৰ আৰু ইউৰোপৰ অন্যান্য ৰাজবংশীয় লোকো আগ্ৰহেৰে গৈছিল। তেওঁ সকলোকে সমান ব্যৱহাৰ কৰিছিল আৰু কাকো তেওঁৰ অণুবীক্ষণ যন্ত্ৰটো চুবলৈ দিয়া নাছিল; মাত্ৰ তেওঁ প্ৰস্তুত কৰা নমুনা অতি কম সময়ৰ বাবে লেন্সৰ মাজেৰে চাবলৈ প্ৰত্যেককে অনুমতি দিছিল। তেওঁ প্ৰকৃততে এগৰাকী অতি সূক্ষ্ম নিৰীক্ষণকাৰী আৰু মেধাসম্পন্ন বিজ্ঞানী আছিল। মাথোঁ তেওঁৰ এটাই দোষ আছিল যে তেওঁৰ কাৰিকৰী কৌশল কাকো অনুসৰণ বা নকল কৰিবলৈ অনুমতি দিয়া নাছিল অথবা তেওঁৰ দ্বাৰা আৱিষ্কৃত তথ্যসমূহ আনক পুনৰীক্ষণ কৰিবলৈ নিদিছিল। মূলতঃ এইটো কাৰণতে আৰু এই ক্ষুদ্ৰ অনুজীৱবোৰৰ সৈতে থাকিব পৰা মানুহ তথা জীৱ-জন্তুৰ ৰোগৰ সম্পৰ্কৰ বিষয়ে সেই সময়ত কোনেও ধাৰণা কৰিব নোৱৰাৰ বাবেই অণুজীৱবিজ্ঞানৰ বিকাশ তেতিয়াৰ পৰা প্ৰায় ২০০ বছৰৰ পাছতহে সম্ভৱ হৈ উঠিছিল।

স্বতঃস্ফূৰ্ত্ত স্ৰজন মতবাদ (Spontaneous Generation Theory)

নিৰ্জীৱ পদাৰ্থৰ পৰাই স্বাভাৱিক প্ৰক্ৰিয়াৰে জীৱৰ সৃষ্টি হয় এনে এটা ধাৰণা মানুহৰ মাজত চিৰাচৰিতভাৱে প্ৰচলিত আছিল। বৈজ্ঞানিক বিকাশৰ ফলত মানুহৰ জ্ঞান বৃদ্ধি হোৱাৰ লগে লগে অনুসন্ধিৎসু ব্যক্তিসকলে জীৱৰ উৎপত্তি সম্পৰ্কে গভীৰভাৱে চিন্তা আৰু অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। সাধাৰণ নিৰীক্ষণৰ জৰিয়তেই এইটো বহুলোকৰ বোধগম্য হৈছিল যে উচ্চ-স্তৰৰ জন্তু আৰু উদ্ভিদৰ জন্ম কেৱল সমজাতীয় পূৰ্বজৰ পৰাহে সম্ভৱ। তৎস্বত্তেও প্ৰথমাৱস্থাত সৰহ সংখ্যকেই স্বতঃস্ফূৰ্ত্ত স্ৰজনৰ সহজ ধাৰণাটোকে মানি লৈছিল। জে, বি, ভান হেলমেণ্টৰ দৰে কিছু ব্যক্তিয়ে আনকি এনে ব্যাখ্যাও ডাঙি ধৰিছিল যে কিছু শস্য, এটা পাত্ৰ আৰু কিছু লেতেৰা পেলনীয়া বস্তু কোনো আন্ধাৰ ঠাইত একেলগে ৰাখি থলে তাৰ পৰা আপোনা-আপুনি নিগনিৰ জন্ম হয়। অন্যহাতে ফ্ৰেন্সিস্ক ৰেডিৰ দৰে বিজ্ঞানীসকলে এই ধাৰণাটো মানি লবলৈ টান পাইছিল আৰু তেওঁ এটা পৰীক্ষাৰ দ্বাৰা দেখুৱাবলৈ যত্ন কৰিলে যে পঁচিবলৈ ধৰা মাংসত নিজে-নিজে মাখিৰ পলুৰ জন্ম হব নোৱাৰে। তেওঁ তিনিটা বেলেগ বেলেগ পাত্ৰত তিনি টুকুৰা মাংস ৰাখি এটা পাত্ৰ খোলাকৈ ৰাখিলে, আন এটা কুহিলাৰ ঠিলাৰে টানকৈ বন্ধ কৰিলে আৰু তৃতীয়টো পাত্ৰ এখন মিহি কাপোৰেৰে ঢাকি ৰাখিলে। তেওঁ দেখিলে যে কেইদিনমানৰ পাছত কেৱল খোলা পাত্ৰটোতহে মাখিৰ পলু জন্ম হৈছে। 

অতি সৰলভাৱে অথচ সবল যুক্তিৰে প্ৰতিষ্ঠা কৰা ৰেডিৰ এই পৰীক্ষাটো অতি গুৰুত্বপূৰ্ণ আছিল। আন যিকোনোৱে এই পৰীক্ষাটো সহজেই পুনৰাবৃত্তি কৰি একেই ফল পাবলৈ সক্ষম হৈছিল। তথাপিও কেতবোৰ ব্যক্তিয়ে স্বতঃস্ফূৰ্ত স্ৰজন মতবাদটোতে লাগি আছিল আৰু আন কিছু ব্যক্তিয়ে এই ধাৰণাটোৰ সত্যতা সম্পৰ্কে সন্দিহান হৈ তেওঁলোকৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছিল। এনে সৰহভাগ পৰীক্ষা-নিৰীক্ষাৰ ফলাফলেই স্বতঃস্ফূৰ্ত স্ৰজন মতবাদৰ অন্তঃসাৰশূন্যতা প্ৰতিপন্ন কৰিছিল।

 

Sunday, August 9, 2015

অণুজীৱ বিজ্ঞানৰ চমু ইতিহাস (খণ্ড – ১)


প্ৰাচীন কালত মানুহে ৰোগৰ সৈতে জড়িত বিভিন্ন কাৰকবোৰ চিনাক্ত কৰিবলৈ অহৰহ প্ৰয়াস কৰিছিল। ভাৰত, পাকিস্তান আৰু স্কটলেণ্ড আদি দেশত খৃষ্টপূৰ্ব ২৮০০ মানতে গঢ়ি উঠা মানৱ সভ্যতাত শৌচাগাৰ আৰু অনাময় ব্যৱস্থাৰ প্ৰচলন থকাৰ বিষয়ে প্ৰামাণিক তথ্য পোৱা গৈছে। ঠিক সেইদৰে, ৫৮৯ খৃষ্টাব্দ মানতে চীনদেশত টয়লেট কাগজ ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে।
       খৃষ্টপূৰ্ব ২৭০০ মানতে পোন প্ৰথমে ভাৰত আৰু পাকিস্তানৰ সিন্ধু উপত্যকাত মাটিৰে তৈয়াৰী জল পৰিবাহী নলী (পাইপ) ব্যৱহাৰ কৰিছিল। খৃষ্টপূৰ্ব ২৪৫০ মানত ইজিপ্তত পোনতে ধাতুৰে নিৰ্মিত পানীৰ নল প্ৰয়োগ কৰা হৈছিল। ৰোমান সাম্ৰাজ্যত জনসাধাৰণক বিশুদ্ধ পানী যোগান ধৰাৰ বাবে জল পৰিবাহী নলী বহুলভাৱে ব্যৱহৃত হৈছিল আৰু ৰাজহুৱা স্থানত পানীৰ ফোঁৱৰা প্ৰতিষ্ঠা কৰা হৈছিল। বিশুদ্ধ পানী যোগান ব্যৱস্থাৰ চোৱা-চিতা কৰাৰ বাবে ৰোমানসকলে জল আয়ুক্ত নিযুক্ত কৰিছিল।
       প্ৰাচীন কালতো বহুলোকে কেতবোৰ ৰোগ সংক্ৰামক ৰূপত দেখা দিয়া কথাটো কৌতুহলেৰে লক্ষ্য কৰিছিল আৰু সেইবাবে আক্ৰান্ত ৰোগীক নিলগাই ৰখাৰ ব্যৱস্থা কৰিছিল। ইয়াৰে এটা উদাহৰণ হ কুষ্ঠৰোগীসকলক সততে সৰ্বসাধাৰণৰ পৰা আঁতৰাই ৰখাটো, যিটো প্ৰথা আজিৰ সমাজতো প্ৰচলিত হৈ আছে। একোটা ৰোগত আক্ৰান্ত হোৱা ৰোগীয়ে পৰৱৰ্ত্তী কালত সেই ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধী ক্ষমতা লাভ কৰা বিষয়টো বোধকৰো ইতিহাসৰ ভিন ভিন সময়ত বিভিন্ন স্থানত মানুহে প্ৰত্যক্ষ কৰিছিল আৰু সেয়ে এনেবোৰ লোকক পৰৱৰ্ত্তী সময়ত আন ৰোগীৰ শুশ্ৰূষা কৰিবলৈ নিয়োগ কৰা হৈছিল। গ্ৰীক আৰু ৰোমান চিকিৎসকসকলে নিয়মিতভাৱে পথ্য আৰু শাৰীৰিক ব্যায়ামক ৰোগ নিৰাময়ৰ পদ্ধতিৰূপে প্ৰয়োগ কৰিছিল। অণুবীক্ষণ যন্ত্ৰৰ তলত পোনপ্ৰথমবাৰৰ বাবে জীৱকোষ প্ৰত্যক্ষ কৰা প্ৰথমজন ব্যক্তি আছিল ইংৰাজ বিজ্ঞানী ৰবাৰ্ট হুক। এটা অতি প্ৰাথমিক পৰ্য্যায়ৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত ১৬৬৫ চনত পোনপ্ৰথমে তেওঁ কুহিলাজাতীয় উদ্ভিদৰ কোষৰ গঠন প্ৰত্যক্ষ কৰিছিল। তেওঁ অণুবীক্ষণ যন্ত্ৰৰ তলত দেখা ভেঁকুৰৰ চিত্ৰও অংকন কৰিছিল। অৱশ্যে যিহেতু তেওঁ ব্যৱহাৰ কৰা অণুবীক্ষণ যন্ত্ৰৰ ক্ষমতা সীমিত আছিল, সেয়ে তেওঁ অণুজীৱ দেখা পোৱা নাছিল।

প্ৰথমজন অণুজীৱবিজ্ঞানী

এণ্টনী ভান লিউৱেনহক
এণ্টনী ভান লিউৱেনহক (১৬৩২-১৭২৩)ক সময়তকৈ আগত চলা এজন ব্যক্তি হিচাপে অভিহিত কৰা হয়। যদিও তেওঁ অণুবীক্ষণ যন্ত্ৰ অথবা লেন্সৰ আৱিষ্কাৰক নাছিল, পোনপ্ৰথমবাৰৰ বাবে অণুবীক্ষণ যন্ত্ৰৰ তলত বেক্টেৰিয়া প্ৰত্যক্ষ কৰি তেওঁ তাৰ বৰ্ণনা ডাঙি ধৰিছিল। প্ৰকৃততে তেওঁ হলেণ্ডৰ এজন কাপোৰৰ ব্যৱসায়ী আছিল আৰু তেওঁ ক্ৰয় কৰিবলৈ লোৱা কাপোৰৰ বয়ন সম্পৰ্কীয় গুণাগুণ নিৰ্ণয় কৰিবলৈ পৰিৱৰ্দ্ধনকাৰী আইনা (magnifying lens) ব্যৱহাৰ কৰিছিল। ১৬৬৮ চনত তেওঁ ইংলেণ্ডলৈ গৈ তাত উপলভ্য কাপোৰ চাবলৈ গৈছিল আৰু তাত তেওঁ দেখা পাইছিল যে ইংৰাজসকলে সেইসময়ত হলেণ্ডত উপলব্ধ সবাতোকৈ শ্ৰেষ্ঠ পৰিৱৰ্দ্ধনকাৰী আইনাবোৰতকৈও অধিক শক্তিশালী আইনা প্ৰয়োগ কৰিছিল। 
পৰৱৰ্ত্তী সময়ত হলেণ্ডলৈ ঘূৰি আহি তেওঁ লেন্স প্ৰস্তুত কৰাৰ কামত মনোনিৱেশ কৰিলে আৰু ইয়াক এক কলাৰূপে গ্ৰহণ কৰি অধিক ক্ষমতাসম্পন্ন লেন্স তৈয়াৰ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিলে। তেওঁ নিজে প্ৰস্তুত কৰা লেন্সৰ তলত অপৰিস্কাৰ পানীৰ এক নমুনা পৰীক্ষা কৰি বিচিত্ৰ আকাৰৰ বৈশিষ্ট্যপূৰ্ণ জীৱ দেখা পাই অতিশয় আচৰিত হল। জীৱনকালত লিউৱেনহকে ৰূপ আৰু সোণ প্ৰয়োগ কৰি অসংখ্য অণুবীক্ষণ যন্ত্ৰ সাজি উলিয়ায় আৰু তাৰ সহায়ত যিমান পাৰে ভিন ভিন বস্তু পৰীক্ষা কৰিবলৈ ধৰে। তেওঁ তৈয়াৰ কৰা সৰ্বশ্ৰেষ্ঠ অণুবীক্ষণ যন্ত্ৰটোৱে ৩০০ৰ পৰা ৫০০ গুণ পৰ্য্যন্ত পৰিৱৰ্দ্ধন কৰিব পাৰিছিল আৰু তাৰ সহায়ত তেওঁ শেলাই, এককোষী প্ৰটৱা আৰু ডাঠৰ আকাৰৰ বেক্টেৰিয়াসমূহ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছিল। তেওঁ দেখা এনে অণুজীৱবোৰৰ চিত্ৰও তেওঁ শুদ্ধৰূপত অংকন কৰি উলিয়াইছিল। ১৬৭৬ চনত তেওঁ লণ্ডনৰ ৰয়েল চচাইটিলৈ নিজৰ উদ্ভাৱনাসমূহৰ বিষয়ে লিখি পঠায় আৰু তেওঁ অঁকা চিত্ৰসমূহো পঠাই দিয়ে। যিহেতু তেওঁ দেখা প্ৰায়বিলাক ক্ষুদ্ৰাকাৰ বস্তুৱেই সাঁতুৰি থকা প্ৰত্যক্ষ কৰিছিল, সেয়ে তেওঁ সিহঁতক জীৱিত বুলি উল্লেখ কৰিছিল আৰু সকলোকে আচৰিত কৰি তুলিছিল।