ৰবাৰ্ট হুক
জীৱৰ
কোষীয় গঠন সম্পৰ্কে ধাৰণা আগবঢ়োৱা প্ৰথমজন ব্যক্তি আছিল ৰবাৰ্ট হুক। অণুবীক্ষণ
যন্ত্ৰৰ তলত দেখা পোৱা ‘ক্ষুদ্ৰকায় প্ৰাণী’বোৰ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ ৰবাৰ্ট হুকৰ ওচৰলৈ সেই সময়ত
সমাজৰ উচ্চ-স্তৰৰ বহু ব্যক্তি, আনকি ৰুছদেশৰ জাৰ আৰু ইউৰোপৰ অন্যান্য ৰাজবংশীয়
লোকো আগ্ৰহেৰে গৈছিল। তেওঁ সকলোকে সমান ব্যৱহাৰ কৰিছিল আৰু কাকো তেওঁৰ অণুবীক্ষণ
যন্ত্ৰটো চুবলৈ দিয়া নাছিল; মাত্ৰ তেওঁ প্ৰস্তুত কৰা নমুনা অতি কম সময়ৰ বাবে
লেন্সৰ মাজেৰে চাবলৈ প্ৰত্যেককে অনুমতি দিছিল। তেওঁ প্ৰকৃততে এগৰাকী অতি সূক্ষ্ম
নিৰীক্ষণকাৰী আৰু মেধাসম্পন্ন বিজ্ঞানী আছিল। মাথোঁ তেওঁৰ এটাই দোষ আছিল যে তেওঁৰ
কাৰিকৰী কৌশল কাকো অনুসৰণ বা নকল কৰিবলৈ অনুমতি দিয়া নাছিল অথবা তেওঁৰ দ্বাৰা
আৱিষ্কৃত তথ্যসমূহ আনক পুনৰীক্ষণ কৰিবলৈ নিদিছিল। মূলতঃ এইটো কাৰণতে আৰু এই
ক্ষুদ্ৰ অনুজীৱবোৰৰ সৈতে থাকিব পৰা মানুহ তথা জীৱ-জন্তুৰ ৰোগৰ সম্পৰ্কৰ বিষয়ে সেই
সময়ত কোনেও ধাৰণা কৰিব নোৱৰাৰ বাবেই অণুজীৱবিজ্ঞানৰ বিকাশ তেতিয়াৰ পৰা প্ৰায় ২০০
বছৰৰ পাছতহে সম্ভৱ হৈ উঠিছিল।
নিৰ্জীৱ
পদাৰ্থৰ পৰাই স্বাভাৱিক প্ৰক্ৰিয়াৰে জীৱৰ সৃষ্টি হয় – এনে এটা ধাৰণা মানুহৰ মাজত
চিৰাচৰিতভাৱে প্ৰচলিত আছিল। বৈজ্ঞানিক বিকাশৰ ফলত মানুহৰ জ্ঞান বৃদ্ধি হোৱাৰ লগে
লগে অনুসন্ধিৎসু ব্যক্তিসকলে জীৱৰ উৎপত্তি সম্পৰ্কে গভীৰভাৱে চিন্তা আৰু অধ্যয়ন
কৰিবলৈ আৰম্ভ কৰিলে। সাধাৰণ নিৰীক্ষণৰ জৰিয়তেই এইটো বহুলোকৰ বোধগম্য হৈছিল যে
উচ্চ-স্তৰৰ জন্তু আৰু উদ্ভিদৰ জন্ম কেৱল সমজাতীয় পূৰ্বজৰ পৰাহে সম্ভৱ। তৎস্বত্তেও
প্ৰথমাৱস্থাত সৰহ সংখ্যকেই স্বতঃস্ফূৰ্ত্ত স্ৰজনৰ সহজ ধাৰণাটোকে মানি লৈছিল। জে, বি, ভান হেলমেণ্টৰ
দৰে কিছু ব্যক্তিয়ে আনকি এনে ব্যাখ্যাও ডাঙি ধৰিছিল যে কিছু শস্য, এটা পাত্ৰ আৰু
কিছু লেতেৰা পেলনীয়া বস্তু কোনো আন্ধাৰ ঠাইত একেলগে ৰাখি থ’লে তাৰ পৰা আপোনা-আপুনি নিগনিৰ
জন্ম হয়। অন্যহাতে ফ্ৰেন্সিস্ক’ ৰেডিৰ দৰে বিজ্ঞানীসকলে এই ধাৰণাটো মানি ল’বলৈ টান পাইছিল আৰু তেওঁ এটা
পৰীক্ষাৰ দ্বাৰা দেখুৱাবলৈ যত্ন কৰিলে যে পঁচিবলৈ ধৰা মাংসত নিজে-নিজে মাখিৰ পলুৰ
জন্ম হ’ব নোৱাৰে। তেওঁ তিনিটা বেলেগ বেলেগ পাত্ৰত তিনি টুকুৰা মাংস ৰাখি এটা পাত্ৰ
খোলাকৈ ৰাখিলে, আন এটা কুহিলাৰ ঠিলাৰে টানকৈ বন্ধ কৰিলে আৰু তৃতীয়টো পাত্ৰ এখন
মিহি কাপোৰেৰে ঢাকি ৰাখিলে। তেওঁ দেখিলে যে কেইদিনমানৰ পাছত কেৱল খোলা পাত্ৰটোতহে
মাখিৰ পলু জন্ম হৈছে।
অতি সৰলভাৱে অথচ সবল যুক্তিৰে প্ৰতিষ্ঠা কৰা ৰেডিৰ এই পৰীক্ষাটো অতি গুৰুত্বপূৰ্ণ আছিল। আন যিকোনোৱে এই পৰীক্ষাটো সহজেই পুনৰাবৃত্তি কৰি একেই ফল পাবলৈ সক্ষম হৈছিল। তথাপিও কেতবোৰ ব্যক্তিয়ে স্বতঃস্ফূৰ্ত স্ৰজন মতবাদটোতে লাগি আছিল আৰু আন কিছু ব্যক্তিয়ে এই ধাৰণাটোৰ সত্যতা সম্পৰ্কে সন্দিহান হৈ তেওঁলোকৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছিল। এনে সৰহভাগ পৰীক্ষা-নিৰীক্ষাৰ ফলাফলেই স্বতঃস্ফূৰ্ত স্ৰজন মতবাদৰ অন্তঃসাৰশূন্যতা প্ৰতিপন্ন কৰিছিল।
No comments:
Post a Comment