Saturday, September 8, 2018

বহু আৰু অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ নিদান আৰু চিকিৎসা


        পৰীক্ষাগাৰত ঔষধৰ প্ৰতি সংবেদনশীলতাৰ পৰীক্ষা (Drug susceptibility testing) কৰাটোৱেই হ’ল বহু-ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগ চিনাক্ত কৰাৰ প্ৰচলিত পদ্ধতি। ইয়াৰ দ্বাৰা যক্ষ্মাৰোগৰ বীজাণুৰ ওপৰত আইচ’নিয়াজিদ্‌, ৰিফাম্পিন্‌, ইথাম্বুটল্‌ আৰু পাইৰাজিনেমাইদ্‌ - এই চাৰিবিধ মূল ঔষধৰ ক্ৰিয়া সম্পৰ্কে জানিব পৰা যায়। কিন্তু এই প্ৰক্ৰিয়াৰ দ্বাৰা অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগ চিনাক্ত কৰিব নোৱাৰি। এই সমস্যাৰ সমাধানকল্পে উক্ত পৰীক্ষাত মূল চাৰিবিধ ঔষধৰ উপৰি আন দ্বিতীয় পৰ্য্যায়ৰ ঔষধো অন্তৰ্ভুক্ত কৰা হয়। এইধৰণৰ পৰীক্ষাক Bactec MGIT 960 System বোলা হয়। যদিওবা এই পদ্ধতি যথেষ্ট কাৰ্য্যক্ষম, ইয়াৰ দ্বাৰা বীজাণুৰ ঔষধ প্ৰতিৰোধী ক্ষমতা নিৰূপণ কৰাটো এক অতি ধীৰ প্ৰক্ৰিয়া।

          সম্প্ৰতি মাইক’বেক্টেৰিয়াম্‌ টিউবাৰ্‌কুল’চিচৰ ঔষধ প্ৰতিৰোধী ক্ষমতা নিৰূপণ কৰাৰ ক্ষেত্ৰত যথেষ্ট পদ্ধতিগত প্ৰগতি হৈছে। ২০১১ চনত কাঞ্চন নামৰ এজন বিজ্ঞানী আৰু তেওঁৰ সহযোগীসকলে Reverse Line Blot Hybridization Assay (RLBH) নামৰ এক পদ্ধতি আৱিষ্কাৰ কৰে, যাৰ সহায়ত অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগ কম সময়ৰ ভিতৰতে চিনাক্ত কৰিব পৰা যায়। ২০১৪ চনত ইম্পেৰিয়েল আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে Direct Nitrate Reductase Assay (D-NRA) নামৰ আন এটা পদ্ধতি আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়, যাৰ দ্বাৰা আইচ’নিয়াজিদ্‌, ৰিফাম্পিচিন্‌, কেনামাইচিন্‌ আৰু অ’ফ্লক্সাচিন্‌ নামৰ চাৰিবিধ ঔষধৰ বিপক্ষে মাইক’বেক্টেৰিয়াম্‌ টিউবাৰ্‌কুল’চিচৰ ঔষধ প্ৰতিৰোধী ক্ষমতা একেসময়তে নিৰূপণ কৰিব পৰা যায়। এই পদ্ধতিৰ আন এটা উপযোগিতা হ’ল এই যে কম খৰচতে যিকোনো সাধাৰণ পৰীক্ষাগাৰত এই পৰীক্ষাটো কৰিব পৰা যায়।

চিকিৎসা

বহু আৰু অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ চিকিৎসাৰ মূল নীতি একেটাই। ইয়াৰ বাবে প্ৰায় দুবছৰ ধৰি দীৰ্ঘকালীনভাৱে দ্বিতীয় পৰ্য্যায়ৰ যক্ষ্মাৰোগ-বিৰোধী ঔষধ প্ৰয়োগ কৰা প্ৰয়োজন। কিন্তু এই ক্ষেত্ৰত মূল অসুবিধাটো হ’ল এই যে এনেবোৰ ঔষধ অতি দামী আৰু ইহঁতৰ পাৰ্শ্বক্ৰিয়াও অতি বেছি।

তালিকা: বহু ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োগ কৰা ঔষধসমূহ

ঔষধৰ প্ৰকাৰ
ঔষধ
গুৰুত্বপূৰ্ণ পাৰ্শ্বক্ৰিয়াসমূহ
এমাইন’গ্লাইক’চাইদ্‌
ষ্ট্ৰেপ্ত’মাইচিন্‌, কেনামাইচিন্‌, এমিকেচিন্‌, কেপ্ৰিয়’মাইচিন্‌
বৃক্ক আৰু কৰ্ণত বিষক্ৰিয়া; তদুপৰি কেপ্ৰিয়’মাইচিনৰ যকৃতত বিষক্ৰিয়া
থায়’এমাইদচ্‌
ইথিয়’নেমাইদ্‌, প্ৰথিয়’নেমাইদ্‌
মানসিক ভাৰসাম্যহীনতা, যকৃতত বিষক্ৰিয়া
ফ্ল’ৰ’কুইন’ল’নচ্‌
অ’ফ্লক্সাচিন্‌, লেভ’ফ্লক্সাচিন্‌, মক্সাফ্লক্সাচিন্‌
খাদ্যনলীত বিষক্ৰিয়া,
কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ বিকাৰজনিত লক্ষণ
অন্যান্য
পাইৰাজিনেমাইদ্‌
যকৃতত বিষক্ৰিয়া, তেজত ইউৰিক এছিদৰ পৰিমাণ বাঢ়ি যোৱা
চাইক্ল’চেৰিন্‌
মূৰ্চ্ছা যোৱা, আত্মহননৰ প্ৰৱণতা
পেৰা-এমাইন’ চেলিচাইলিক্‌ এচিদ্‌  
যকৃতত বিষক্ৰিয়া, অতি-সংবেদনশীলতা
ইথাম্বুটল্‌
চকুৰ স্নায়ুজনিত বিকাৰ, শৰীৰৰ অন্য অংশৰ স্নায়ুজনিত বিকাৰ


বহু-ঔষধ প্ৰতিৰোধী যক্ষ্মাৰ তুলনাত অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰ ফলত হোৱা মৃত্যুৰ হাৰ অধিক, যিহেতু ইয়াৰ চিকিৎসাৰ বাবে থকা বিকল্প উপায় অতি সীমিত। অৱশ্যে সুখৰ কথা যে সম্প্ৰতি এইটো প্ৰমাণিত হৈছে যে উপযুক্ত সময়ত উন্নত চিকিৎসা প্ৰয়োগ কৰিলে, এনে ৰোগো নিৰাময় কৰা সম্ভৱ। কিন্তু, বহুবোৰ কাৰকৰ ওপৰত এনে চিকিৎসাৰ সফলতা নিৰ্ভৰ কৰে; যেনে: সংশ্লিষ্ট বীজাণুৰ ঔষধ-প্ৰতিৰোধী ক্ষমতাৰ প্ৰকৃতি আৰু পৰিসৰ, ৰোগৰ গভীৰতা, ৰোগীৰ ৰোগ-প্ৰতিৰোধী ক্ষমতাৰ অৱস্থা আৰু দ্বিতীয় পৰ্য্যায়ৰ ঔষধৰ উপলভ্যতা, ইত্যাদি।

Sunday, August 26, 2018

ঔষধ-প্ৰতিৰোধী ক্ষমতা সম্পন্ন যক্ষ্মা ৰোগৰ বীজাণু: মানুহ আৰু জীৱ-জন্তুৰ বাবে এক ভয়াবহ সংকট


পৰিচয়

           চিকিৎসা বিজ্ঞানৰ ইতিহাসত যক্ষ্মা ৰোগে এক বিশেষ গুৰুত্ব বহন কৰিছে। যদিও এই ৰোগৰ চিকিৎসা আৰু নিৰাময় সম্ভৱ, ই প্ৰতিবছৰে সমগ্ৰ বিশ্বতে অতি উচ্চ হাৰত মানুহ আৰু জীৱ-জন্তুৰ মৃত্যু ঘটায়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বছৰি পৃথিৱীৰ প্ৰায় ৮ নিযুত লোক যক্ষ্মা ৰোগৰ দ্বাৰা আক্ৰান্ত হয় আৰু তাৰে প্ৰায় ২ নিযুত লোক মৃত্যু মুখত পৰে। সেয়েহে যক্ষ্মা ৰোগক জনস্বাস্থ্যৰ বাবে এক গোলকীয় সমস্যা ৰূপে গণ্য কৰা হয়। তদুপৰি, বিশ্বৰ প্ৰায় ২৫ৰ পৰা ৩০ শতাংশ (১৫০ নিযুততকৈও অধিক) লোকে কোনো লক্ষণ নেদেখুৱাকৈ যক্ষ্মা ৰোগৰ বীজাণু কঢ়িয়াই লৈ ফুৰে। মানুহৰ মৃত্যু ঘটোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ তিনিটা ৰোগৰ ভিতৰত যক্ষ্মাৰোগ হ’ল অন্যতম; আনকেইটা এনে ৰোগ হ’ল মেলেৰিয়া আৰু এইড্‌চ। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় এক তৃতীয়াংশ যক্ষ্মা ৰোগৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হয়।

       মানুহৰ যক্ষ্মা ৰোগৰ কাৰকসমূহ মাইক’বেক্টেৰিয়াম্‌ টিউবাৰকুল’চিচ্‌ সমষ্টিৰ অন্তৰ্গত; তাৰ ভিতৰত আছে মাইক’বেক্টেৰিয়াম্‌ টিউবাৰকুল’চিচ্‌, মাইক’বেক্টেৰিয়াম্‌ ব’ভিচ্‌, মাইক’বেক্টেৰিয়াম্‌ আফ্ৰিকানাম্‌, মাইক’বেক্টেৰিয়াম্‌ মাইক্ৰ’টি আৰু মাইক’বেক্টেৰিয়াম্‌ কেনেটি। এই পাঁচটা প্ৰজাতিৰ ভিতৰত মাইক’বেক্টেৰিয়াম্‌ টিউবাৰকুল’চিচ্‌ আৰু মাইক’বেক্টেৰিয়াম্‌ ব’ভিচ্‌ হ’ল সবাতোকৈ অধিক সংক্ৰামক; প্ৰথমটো প্ৰজাতি পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়।

          সম্প্ৰতি যক্ষ্মা ৰোগৰ কাৰকবোৰে ক্ৰমান্বয়ে চিকিৎসাৰ বাবে সাধাৰণতে ব্যৱহৃত দৰৱসমূহৰ বিপক্ষে প্ৰতিৰোধী ক্ষমতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আটাইতকৈ সঘনাই ব্যৱহৃত আইচ’নিয়াজিদ্‌ আৰু ৰিফাম্পিচিন্‌ নামৰ দৰৱ দুবিধৰ প্ৰতিৰোধী এনে কাৰকসমূহক বহু-ঔষধ-প্ৰতিৰোধী [Multi-drug-resistant (MDR)] মাইক’বেক্টেৰিয়াম্‌ টিউবাৰকুল’চিচ্‌ বোলা হয়। কিন্তু আইচ’নিয়াজিদ্‌ আৰু ৰিফাম্পিচিনৰ বাহিৰে অন্য কোনো যক্ষ্মা নিৰাময়কাৰী ঔষধ প্ৰতিৰোধ কৰিব পৰা মাইক’বেক্টেৰিয়াম্‌ টিউবাৰকুল’চিচ্‌ বেক্টেৰিয়াক বহু-ঔষধ-প্ৰতিৰোধী বুলি গণ্য কৰা নহয়। সম্প্ৰতি বিশ্বত যক্ষ্মাৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াসমূহৰ ভিতৰত প্ৰায় ৫ শতাংশই এনে বহু-ঔষধ-প্ৰতিৰোধী গুণ সম্পন্ন, যি অৰ্ধনিযুত লোকৰ দেহত যক্ষ্মাৰোগৰ সৃষ্টি কৰে। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল যে এনে বেক্টেৰিয়া মূলতঃ ভাৰত, চীনদেশ আৰু ৰাচিয়াত পোৱা যায়। ২০১১ চনত প্ৰকাশিত বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যমতে সমগ্ৰ বিশ্বত নতুনকৈ আক্ৰান্ত প্ৰায় অৰ্ধনিযুত যক্ষ্মাৰোগী এনে বহু-ঔষধ-প্ৰতিৰোধী গুণ সম্পন্ন মাইক’বেক্টেৰিয়াম্‌ টিউবাৰকুল’চিচৰ দ্বাৰা আক্ৰান্ত হৈছিল আৰু তাৰে প্ৰায় ৬০ শতাংশ ৰোগী ব্ৰাজিল, চীনদেশ, ভাৰতবৰ্ষ, ৰাচিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বাসিন্দা।

       অন্যহাতে, অত্যন্ত ঔষধ-প্ৰতিৰোধী [Extensively drug-resistant (XDR)] মাইক’বেক্টেৰিয়াম্‌ টিউবাৰকুল’চিচ্‌ বেক্টেৰিয়াবোৰ হ’ল এনে বহু-ঔষধ-প্ৰতিৰোধী বেক্টেৰিয়া, যি কোনো এবিধ ফ্ল’ৰ’কুইনল জাতীয় ঔষধৰ লগতে এমিকেচিন, কেনামাইচিন আৰু কেপ্ৰিয়’মাইচিন – এই তিনিবিধ বেজী দিব পৰা ঔষধৰ যিকোনো এবিধৰ ক্ৰিয়া প্ৰতিৰোধ কৰিব পাৰে। বহু-ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰোগৰ বাবে চিকিৎসা কৰা প্ৰায় ৬ৰ পৰা ৭.৩ শতাংশ ৰোগী এনে অত্যন্ত ঔষধ-প্ৰতিৰোধী মাইক’বেক্টেৰিয়াম্‌ টিউবাৰকুল’চিচৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়।

       তলৰ তালিকাখনত বহু-ঔষধ-প্ৰতিৰোধী আৰু অত্যন্ত ঔষধ-প্ৰতিৰোধী মাইক’বেক্টেৰিয়াম্‌ টিউবাৰকুল’চিচৰ এক তুলনা ডাঙি ধৰা হৈছে।

চিনাক্তকৰণৰ উপায়
বহু-ঔষধ-প্ৰতিৰোধী
অত্যন্ত ঔষধ-প্ৰতিৰোধী
ৰোগীৰ নিৰীক্ষণ
প্ৰথম বাৰৰ বাবে চিকিৎসা কৰা, তিনি মাহৰ পাছত ৰোগীৰ দেহৰ পৰা বীজাণু আহৰণ কৰি সংবৰ্ধন কৰিব পৰা (culture-positive) অথবা ৫ মাহৰ পাছত অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চিনাক্ত কৰিব পৰা (microscopy-positive)। দ্বিতীয় শ্ৰেণীৰ অসফল চিকিৎসা। চিকিৎসাকৃত ৰোগীৰ দেহত পুনৰাই হোৱা ৰোগ।
বহু-ঔষধ-প্ৰতিৰোধী যক্ষ্মা, যি উন্নত চিকিৎসাৰ দ্বাৰাও নিৰাময় হোৱা নাই।
ঔষধ-প্ৰতিৰোধী গুণ
আইচ’নিয়াজিদ্‌, ৰিফাম্পিচিন্‌ আৰু আন প্ৰথম শ্ৰেণীৰ যক্ষ্মাৰোগৰ ঔষধ প্ৰতিৰোধী
বহু-ঔষধ-প্ৰতিৰোধী যক্ষ্মা + এবিধ ফ্ল’ৰ’কুইনল + এমিকেচিন, কেনামাইচিন আৰু কেপ্ৰিয়’মাইচিনৰ মাজৰ অতি কমেও এবিধ বেজী দিব পৰা দৰৱ প্ৰতিৰোধী

ভাৰতত প্ৰাদুৰ্ভাৱ

            বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যমতে, ২০০৬ চনত সমগ্ৰ বিশ্বত ধৰা পৰা ৪,৮৯,০০০ বহু-ঔষধ প্ৰতিৰোধী যক্ষ্মা ৰোগীৰ ভিতৰত ১,১০,১৩২ জন আছিল ভাৰতৰ। ই আমাৰ দেশত সেই বছৰত চিনাক্ত কৰা যক্ষ্মাৰোগীৰ প্ৰায় ৪.৯ শতাংশ। এইটো ধাৰণা কৰা হৈছে যে ভাৰতত ধৰা পৰা বহু-ঔষধ প্ৰতিৰোধী যক্ষ্মা ৰোগীৰ মুঠ সংখ্যাৰ প্ৰায় ০.৯ ৰ পৰা ১.৫ শতাংশ অত্যন্ত ঔষধ প্ৰতিৰোধী শ্ৰেণীৰ অন্তৰ্গত।

          মাইক’বেক্টেৰিয়াম্‌ টিউবাৰকুল’চিচৰ   বহু-ঔষধ প্ৰতিৰোধী গুণ বংশগত হ’ব পাৰে অথবা এই গুণ সিহঁতে নতুনকৈ আহৰণ কৰিব পাৰে। বংশগত বা প্ৰাথমিক প্ৰতিৰোধ এনে ৰোগীৰ ক্ষেত্ৰত দেখা যায়, যি আগেয়ে কেতিয়াও যক্ষ্মাৰোগত আক্ৰান্ত হোৱা নাছিল অথবা আগেয়ে কেতিয়াও যক্ষ্মাৰোগৰ চিকিৎসা গ্ৰহণ কৰা নাছিল। অন্যহাতে, প্ৰায় এমাহ ধৰি যক্ষ্মাৰোগৰ চিকিৎসা কৰি থকা ৰোগীৰ ক্ষেত্ৰত আহৰণ কৰা প্ৰতিৰোধী গুণ সম্পন্ন বেক্টেৰিয়া দেখা যায়। চিকিৎসা অসফল হোৱা অথবা পুনৰাই হোৱা ৰোগীৰ ক্ষেত্ৰতো এনে বেক্টেৰিয়া দেখা যাব পাৰে। ভাৰতত প্ৰাথমিক প্ৰতিৰোধৰ প্ৰাদুৰ্ভাৱ ৩ শতাংশ আৰু আহৰণ কৰা প্ৰতিৰোধৰ প্ৰাদুৰ্ভাৱ ১২ শতাংশ বুলি ঠাৱৰ কৰা হৈছে।    

বহু-ঔষধ প্ৰতিৰোধী মাইক’বেক্টেৰিয়াম্‌ টিউবাৰকুল’চিচ্‌ উৎপত্তিৰ কাৰণসমূহ

            চিকিৎসাৰ দ্বাৰা নিৰাময় কৰিব পৰা ৰোগীৰ দেহত বহু-ঔষধ প্ৰতিৰোধী মাইক’বেক্টেৰিয়াম্‌ টিউবাৰকুল’চিচ্‌ উৎপত্তিৰ মূল কাৰণ হ’ল – ৰোগৰ চিকিৎসা আধাতে বন্ধ কৰা অথবা যথাযোগ্য পৰিমাণৰ ঔষধ সময়মতে সেৱন নকৰা, যাৰ ফলত বেক্টেৰিয়াবোৰ মাৰিবৰ বাবে প্ৰয়োজনীয় পৰিমাণতকৈ কম ঔষধ দেহত উপলব্ধ হয়। সাধাৰণতে প্ৰথম শ্ৰেণীৰ যক্ষ্মাবিৰোধী কোনো এবিধ ঔষধ, যেনে আইচ’নিয়াজিদ্‌, ৰিফাম্পিচিন্‌ আৰু যিকোনো এবিধ ফ্ল’ৰ’কুইনলনৰ এক প্ৰণালীবদ্ধ প্ৰয়োগ কৰি যক্ষ্মাৰোগ সফলতাৰে চিকিৎসা কৰিব পাৰি। অনিয়মীয়াকৈ অথবা যধে-মধে এই ঔষধসমূহ ব্যৱহাৰ কৰিলেই বহু-ঔষধ প্ৰতিৰোধী বেক্টেৰিয়াৰ সৃষ্টি হ’ব পাৰে। বহু-ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগীৰ চিকিৎসাৰ বাবে দ্বিতীয় শ্ৰেণীৰ ঔষধ, যেনেঃ এমিকেচিন, কেনামাইচিন অথবা কেপ্ৰিয়’মাইচিন্‌  দীৰ্ঘদিন ধৰি প্ৰয়োগ কৰা হয়। এই ঔষধবোৰ অতি দামী আৰু সিহঁতৰ পাৰ্শ্বক্ৰিয়াও বেছি। অনিয়মীয়াকৈ অথবা যধে-মধে কৰা ব্যৱহাৰৰ ফলত এনে দ্বিতীয় শ্ৰেণীৰ ঔষধেও যেতিয়া কাম নকৰা হয়, তেতিয়াই অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰ সৃষ্টি হয়। অতিশয় গুৰুত্বপূৰ্ণ আৰু ভয়াবহ কথাটো হ’ল- বৰ্তমানলৈকে উপলব্ধ কোনো ঔষধৰ দ্বাৰাই এনে ৰোগীক চিকিৎসা কৰাটো অসম্ভৱ হৈ উঠিব পাৰে।
           
            ৰোগীৰ শৰীৰত বহু-ঔষধ প্ৰতিৰোধী যক্ষ্মা উদ্ভৱ হোৱাৰ মূল কাৰণসমূহ হ’ল -

§  চিকিৎসা অসম্পূৰ্ণ কৰি মাজতে এৰি দিয়া
§  ঔষধ যথাযোগ্যভাৱে সেৱন নকৰা
§  চিকিৎসাৰ ভুল, যেনেঃ মাত্ৰ এবিধ দৰৱ প্ৰয়োগ কৰা
§  প্ৰাথমিক ঔষধ-প্ৰতিৰোধী গুণ চিনাক্ত কৰিব নোৱৰা
§  নিয়মিত চিকিৎসা পালন নকৰাটো ধৰা নপৰা
§  চিকিৎসা গ্ৰহণত ৰোগীৰ অসহযোগিতা
§  আইচ’নিয়াজিদ্‌ অনুপযুক্তভাৱে প্ৰতিষেধকৰূপে ব্যৱহাৰ কৰা
§  ৰোগীৰ দেহত ঔষধ উপলব্ধতাৰ ভিন্নতা

মাইক’বেক্টেৰিয়াম্‌ টিউবাৰকুল’চিচে কেনেকৈনো ঔষধ-প্ৰতিৰোধী ক্ষমতা লাভ কৰে?

     কেইবাটাও ভিন ভিন উপায়েৰে মাইক’বেক্টেৰিয়াম্‌ টিউবাৰকুল’চিচে ঔষধ-প্ৰতিৰোধী ক্ষমতা লাভ কৰিব পাৰে; যেনেঃ


  • এনে বেক্টেৰিয়াৰ কোষাবৰণখন জটিল তৈলজাতীয় পদাৰ্থৰে গঠিত, যি বেক্টেৰিয়াৰ ভিতৰলৈ ঔষধ সোমোৱাত বাধা দিয়ে।
  • মাইক’বেক্টেৰিয়াম্‌ টিউবাৰকুল’চিচে এনে কিছুমান উৎসেচক উৎপাদন কৰিব পাৰে, যি ঔষধবোৰক ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা নিষ্ক্ৰিয় কৰি পেলাব পাৰে।
  • বেক্টেৰিয়াবোৰৰ উৎপৰিবৰ্তন (mutation) হোৱাৰ ফলত ঔষধবোৰ কোষৰ পৰা বাহিৰলৈ ঠেলি পঠিয়াব পৰা ক্ষমতা লাভ কৰিব পাৰে।
  • স্বয়ংক্ৰিয় উৎপৰিবৰ্তন (spontaneous mutation)ৰ ফলত এনে কিছুমান প্ৰ’টিনজাতীয় দ্ৰব্যৰ সৃষ্টি কৰিব পাৰে, যি ঔষধবোৰ নিষ্ক্ৰিয় কৰি পেলাব পাৰে।


[বহু আৰু অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ নিদান আৰু চিকিৎসা সম্পৰ্কে পৰৱৰ্ত্তী খণ্ডত]