Tuesday, February 18, 2020

সংশ্লেষিত জিনমঃ প্ৰত্যাশা আৰু সংশয়

Image result for synthetic genome venter
Dr. J. Craig Venter
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াস্থিত জে, ক্ৰেইগ্‌ ভেন্টাৰ প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে ২০১০ চনৰ মে মাহত এটা বেক্টেৰিয়াৰ কোষত তাৰ নিজস্ব জিনমৰ বিকল্প হিচাবে মানৱ-সৃষ্ট সংশ্লেষিত জিনম প্ৰতিস্থাপন কৰি এক সংশ্লেষিত কোষ সৃষ্টি কৰাৰ কথা ঘোষণা কৰি আধুনিক জীৱবিজ্ঞানত এক ইতিহাস সৃষ্টি কৰিলে।
এই সন্দৰ্ভত সমগ্ৰ প্ৰকল্পটোৰ মূল পৰামৰ্শদাতা বিজ্ঞানী ক্ৰেইগ্‌ ভেন্টাৰে কয় - আমি ইয়াক প্ৰথমটো সংশ্লেষিত কোষ বুলি অভিহিত কৰিছোঁ; ইহঁত সঁচাকৈয়ে একোটা জীৱিত কোষএই প্ৰকল্পত প্ৰতিষ্ঠানটোৱে ৪০ নিযুত ডলাৰতকৈও অধিক অৰ্থ ব্যয় কৰিছিল। ডঃ ভেণ্টাৰ আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে ১৯৯৫ চনৰে পৰা সুদীৰ্ঘ কাল এই প্ৰকল্পত নেৰানেপেৰাকৈ লাগি আছিল।
সংশ্লেষিত কোষটো সৃষ্টি কৰিবলৈ ডেনিয়েল গিবছন আৰু ক্ৰেইগ ভেণ্টাৰৰ নেতৃত্বত কৰ্মৰত বিজ্ঞানীসকলে প্ৰথমে মাইকপ্লাজ্‌মা মাইকইডিচ্‌ নামৰ এক ক্ষুদ্ৰ বেক্টেৰিয়াৰ সম্পূৰ্ণ জিনমৰ মানচিত্ৰ তৈয়াৰ কৰি উলিয়ালে। পৰৱৰ্তী সময়ত তেওঁলোকে কম্পিউটাৰৰ সহায়ত বেক্টেৰিয়াবিধৰ অদৰকাৰী জিনবোৰ আঁতৰাই কেৱল অত্যাৱশ্যকীয় জিনবিলাক ৰাখি জিনমৰ এক আৰ্হি প্ৰস্তুত কৰিলে। তাৰ পাছত তেওঁলোকে মাইকপ্লাজ্‌মা কেপ্ৰিকলাম নামৰ আন এক সমগোত্ৰীয় বেক্টেৰিয়া লৈ তাৰ জিনমটো আঁতৰাই পেলালে আৰু তাৰ ঠাইত তেওঁলোকে তৈয়াৰ কৰা আৰ্হিমতে ৱাছিংটনৰ বথেলত অৱস্থিত ব্লু হেৰন বায় নামৰ DNA শৃংখল নিৰ্ণয়কাৰী কোম্পানী এটাই সংশ্লেষণ কৰা সংশ্লেষিত জিনমটো সুমুৱাই দিলে। পৰৱৰ্তী সময়ত তেওঁলোক দেখি আচৰিত হ‌ল যে বেক্টেৰিয়াটো জীয়াই থকাৰ উপৰি তাৰ বংশবৃদ্ধি প্ৰক্ৰিয়াও অব্যাহত থাকিল। একে সময়তে, তাৰ সকলো গুণাগুণ মাইকপ্লাজ্‌মা কেপ্ৰিকলামৰ সলনি মাইকপ্লাজ্‌মা মাইকইডিচ্‌ প্ৰজাতিৰ দৰে হৈ পৰিল।
এই সম্পৰ্কে ডঃ ডেনিয়েল গিবছনে কয়, আমি চাৰি বটল ৰাসায়নিক দ্ৰব্যৰ পৰা এই জিনমটো তৈয়াৰ কৰিলো; আমি সেই সংশ্লেষিত জিনমটো এটা কেন্দ্ৰহীন কোষত সুমুৱাই দিলো আৰু সেই সংশ্লেষিত জিনমটোৱে কোষটোক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ
এই নতুন বেক্টেৰিয়াটো আৰু তাৰ সতি-সন্ততিক চিনাক্ত কৰিব পৰাকৈ ডঃ ভেণ্টাৰৰ দলে বেক্টেৰিয়াটোৰ ৰাসায়নিক জিনমটোত প্ৰয়োজনীয় DNA-ৰ উপৰিও তেওঁলোকৰ নাম আৰু জেম্‌চ জইচ্‌ আৰু আন মহান ব্যক্তিৰ তিনিটা উক্তিও সংযোজন কৰিলে। ইয়াৰ ফলত ভৱিষ্যতে এই কোষবোৰৰ গাত সিহঁতৰ সৃষ্টিকৰ্তা বিজ্ঞানীসকলৰ নাম মচিব নোৱাৰাকৈ খোদিত হৈ থাকিল
সংশ্লেষণ জীৱবিজ্ঞান (synthetic biology)ৰ ইতিহাসত ই হল এক যুগান্তকাৰী আৱিষ্কাৰ। বহুতো বিজ্ঞানীয়ে বিশ্বাস কৰে যে এই গৱেষণাত ব্যৱহৃত প্ৰযুক্তি অচিৰেই বাণিজ্যিক গুৰুত্ব থকা আন আন বেক্টেৰিয়াৰ ক্ষেত্ৰটো প্ৰয়োগ কৰিব পৰা যাব। দৰাচলতে, বহুতো কোম্পানীয়ে ইতিমধ্যেই এই প্ৰযুক্তি কেতবোৰ ঔদ্যোগিক গুৰুত্ব সম্পন্ন জীৱাণুৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ডঃ ভেণ্টাৰে ইতিমধ্যে Synthetic Genomics, Inc. নামেৰে এটা কোম্পানী প্ৰতিষ্ঠা কৰিছে আৰু এই কোম্পানীয়ে এই দিশত নতুন গৱেষণা অব্যাহত ৰখাৰ বাবে বহুকেইটা জৈৱ-ভিত্তিক কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে।
অৱশ্যে, এই নতুন প্ৰযুক্তিয়ে আনি দিয়া কৃত্ৰিম জীৱন সৃষ্টিৰ সম্ভাৱনীয়তাৰ ক্ষেত্ৰত ইতিমধ্যে নৈতিকতা, আইন আৰু জন সুৰক্ষাৰ সৈতে জড়িত কেতবোৰ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত সংগঠনবোৰে তৎকালিনভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজ্ঞানীসকলে এই গৱেষণাৰ ফলাফল প্ৰকাশ কৰাৰ লগে-লগে পৃথিৱীৰ ৭৪ খন দেশত ব্যাপ্ত  ‘Friends of the Earth International’ নামে এক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সুৰক্ষা সংস্থাই পৰিৱেশ সুৰক্ষা প্ৰাধিকৰণ, আৰু খাদ্য আৰু ঔষধ প্ৰশাসন সংস্থাক সংশ্লেষণ জীৱবিজ্ঞানৰ সকলো গৱেষণা আৰু তাৰ পৰা উৎপাদিত দ্ৰব্য সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত কৰিবলৈ এক বিবৃতিযোগে আহ্বান জনাইছে।  ETC নামে কানাডাস্থিত আন এক সংগঠনে আনকি সমগ্ৰ বিশ্বতে সংশ্লেষণ জীৱবিজ্ঞানৰ যিকোনো গৱেষণা নিষিদ্ধ কৰাৰ আহ্বান জনাইছে।
যদিওবা এনেবোৰ জৈৱ-প্ৰযুক্তিয়ে গৱেষণাৰ দিশত অপাৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে, ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰত স্বাভাৱিকতে উঠা নৈতিক, আইনগত আৰু জনসুৰক্ষা সম্বন্ধীয় প্ৰশ্নসমূহৰ সঠিক আৰু প্ৰত্যয় জগাব পৰা উত্তৰ সন্ধান কৰা অতি আৱশ্যক, যাতে ভৱিষ্যতে এনে প্ৰযুক্তিৰ ব্যৱহাৰ কেৱল মানুহ আৰু জীৱজগতৰ উপকাৰৰ বাবেহে হয়।

Saturday, October 6, 2018

হাত-ধোৱাঃ ৰোগ প্ৰতিৰোধৰ উত্তম উপায়


           হাত দুখন ধুই পৰিষ্কাৰকৈ ৰাখিলে বহুতো বেমাৰৰ পৰা নিজকে ৰক্ষা কৰিব পৰাৰ লগতে আনৰ গালৈ ৰোগৰ বীজাণু সংক্ৰমিত হোৱাতো বাধা দিব পাৰি। অপৰিষ্কাৰ হাতৰ দ্বাৰাই বহুতো ৰোগ সোঁচৰিত হয়।
হাতলৈ বীজাণু কৰ পৰা আহে আৰু কেনেকৈ মানুহৰ গালৈ ৰোগ সোঁচৰিত কৰে?
            মানুহ তথা জীৱ-জন্তুৰ বিষ্ঠা হল - চাল্‌মনেলা, ই কলাই, ন ভাইৰাছ আদি হাগনি বা ডায়েৰিয়া ৰোগ সৃষ্টি কৰিব পৰা বিভিন্ন প্ৰকাৰৰ বীজাণুৰ এক প্ৰধান উৎস। আনকি বিষ্ঠাৰ জৰিয়তে শ্বাস-প্ৰশ্বাসজনিত কেতবোৰ ৰোগো সোঁচৰিব পাৰে। বিষ্ঠা ত্যাগ কৰাৰ সময়ত অথবা কেঁচুৱাৰ শৌচ-কৰা কাপোৰ সলনি কৰাৰ সময়ত এনেধৰণৰ বীজাণু মানুহৰ হাতলৈ সংক্ৰমিত হয়। অৱশ্যে আন আন উৎস, যেনে কেঁচা মাংস আদিৰ পৰাও এনে বীজাণু হাতলৈ সংক্ৰমিত হব পাৰে। মানুহৰ মাত্ৰ এক গ্ৰাম বিষ্ঠাত ১০০০ কোটি পৰ্য্যন্ত এনে বীজাণু থাকিব পাৰে। বীজাণু লাগি থকা যিকোনো বস্তু, যেনে: কাহ বা হাঁচি মৰাৰ সময়ত নাক-মুখৰ পৰা ওলোৱা থুৰ কণা লাগি বীজাণুযুক্ত হোৱা বস্তু, হাতেৰে চোৱাৰ ফলতো হাত বীজাণুযুক্ত হব পাৰে। যেতিয়া এনে বীজাণু হাতত লাগি থাকে আৰু হাত ভালকৈ ধুই পৰিষ্কাৰ কৰা নহয়, তেতিয়াই এজনৰ পৰা আন জনলৈ বীজাণু সোঁচৰিব পাৰে।
হাত ধুই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি
            চাবোনেৰে হাত ধুই হাতৰ পৰা বীজাণু নিৰ্মূল কৰিব পৰা যায়ই ৰোগ বিয়পাত বাধা দিয়ে, কাৰণ -
·         মানুহে সঘনাই, আনকি কব নোৱৰাকৈয়ে, নিজৰ চকু, নাক আৰু মুখ হাতেৰে চুই থাকে। ফলত হাতত থকা বীজাণু অতি সহজে চকু, নাক আৰু মুখৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰিব পাৰে।
·         অপৰিষ্কাৰ হাতৰ পৰা ৰোগৰ বীজাণু খাদ্যবস্তু বা খোৱাপানীলৈ সংক্ৰমিত হব পাৰে। আনকি কেতবোৰ খাদ্যত এনে বীজাণুবোৰৰ বংশবৃদ্ধিও হব পাৰে।
·         অপৰিষ্কাৰ হাতৰ পৰা ৰোগৰ বীজাণু আন সামগ্ৰী, যেনে: টেবুল-চকীৰ পৃষ্ঠ, বাছ বা ৰেলত থিয় হৈ যোৱা যাত্ৰীয়ে ধৰিবলৈ থকা লোৰ দণ্ড, শিশুৱে খেলা পুতলা আদিলৈ বিস্তাৰিত হব পাৰে আৰু এনেবোৰ বস্তুৰ পৰা পুনৰ আন এজন ব্যক্তিৰ হাতলৈ সংক্ৰমিত হব পাৰে।
·         সেয়েহে হাত ভালকৈ ধুই পৰিষ্কাৰ কৰি ৰাখিলে ডায়েৰিয়া, চকুৰ ৰোগ, শ্বাসজনিত ৰোগ, চালৰ ৰোগ আদি বহুবিধ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।
হাত ধোৱাৰ শিক্ষা প্ৰদান কৰি ব্যক্তি আৰু সমাজৰ স্বাস্থ্য সুৰক্ষিত কৰিব পাৰি।
            বিভিন্ন গৱেষণাৰ দ্বাৰা এইটো প্ৰমাণিত হৈছে যে হাত ধোৱাৰ নিয়মিত অভ্যাসৰ দ্বাৰা -
·         ডায়েৰিয়া ৰোগাক্ৰান্ত ব্যক্তিৰ সংখ্যা ২৩-৪০ শতাংশ হ্ৰাস কৰিব পাৰি।
·         ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস পোৱা ব্যক্তিৰ ক্ষেত্ৰত ডায়েৰিয়া হোৱাৰ আশংকা ৫৮ শতাংশ হ্ৰাস কৰিব পাৰি।
·         মানুহৰ মাজত পানী লগাৰ দৰে সাধাৰণ শ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ ১৬-২১ শতাংশ হ্ৰাস কৰিব পাৰি।
·         বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্কুলত অনুপস্থিত থকাৰ হাৰ ২৯-৫৭ শতাংশ হ্ৰাস কৰিব পাৰি
হাত নুধুলে বিশ্বৰ সকলো ঠাইৰে শিশুৰ অপকাৰ হয়
            ডায়েৰিয়া জনিত আৰু হাঁওফাঁওৰ নিউমোনিয়া ৰোগৰ ফলত বছৰি সমগ্ৰ বিশ্বত ৫ বছৰ বয়সৰ তলৰ প্ৰায় ১.৮ নিযুত শিশু মৃত্যু মুখত পৰে। শিশুৰ এই দুই ব্যাধিয়েই হল সমগ্ৰ বিশ্বত দেখা দিয়া আটাইতকৈ মাৰাত্মক ব্যাধি।
·         ডায়েৰিয়া হোৱা প্ৰতি ৩ টিৰ এটি শিশুক কেৱল নিয়মিত হাত-ধোৱাৰ অভ্যাসৰ দ্বাৰা ৰক্ষা কৰিব পাৰি। ঠিক সেইদৰে, নিউমোনিয়াৰ পৰা প্ৰতি ৫ টি শিশুৰ এটিক হাত-ধোৱাৰ অভ্যাসৰ জৰিয়তে বচাব পৰা যায়।
·         যদিও পৃথিৱীৰ প্ৰায় সকলো ঠাইতে মানুহে সাধাৰণতে পানীৰে ধুই হাত পৰিষ্কাৰ কৰে, বহু কম সংখ্যকেহে হাত ধুবলৈ চাবোন ব্যৱহাৰ কৰে। চাবোনেৰে হাত ধুলে বেমাৰৰ বীজাণু সহজে নিৰ্মূল কৰিব পাৰি।
·         হাত-ধোৱাৰ শিক্ষা আৰু চাবোন উপলব্ধ কৰি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ বৃদ্ধি কৰিব পাৰি
·         বাংলাদেশত চলোৱা এটি সমীক্ষাত পোৱা গৈছে যে চাবোন অবিহনে কেৱল পানীৰে হাত ধুই খাদ্য প্ৰস্তুত কৰাৰ অভ্যাসে শিশুৰ ডায়েৰিয়া ৰোগ বহুলাংশে হ্ৰাস কৰিব পাৰে।
·         অতি পৰিতাপৰ কথা যে সম্প্ৰতি বিশ্বত শৌচ কৰাৰ পাছত হাত ধোৱাৰ অভ্যাস মানি চলা লোকৰ হাৰ কেৱল ১৯ শতাংশ।
হাত-ধোৱাৰ অভ্যাসে বীজাণুৰ ঔষধ প্ৰতিৰোধী গুণ বৃদ্ধিতো বাধা প্ৰদান কৰে
            ৰোগ প্ৰতিষেধনৰ দ্বাৰা ৰোগ নিৰাময়কাৰী প্ৰতিজৈৱিক ঔষধৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি আৰু তাৰ দ্বাৰা বীজাণুৰ ঔষধ প্ৰতিৰোধী গুণ প্ৰতিহত কৰিব পাৰি। আগেয়ে উল্লেখ কৰা হৈছে যে হাত-ধোৱাৰ অভ্যাসে ৩০% ডায়েৰিয়া আৰু ২০% শ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ কমাব পাৰে। এনে ৰোগৰ চিকিৎসাৰ বাবে সঘনাই প্ৰতিজৈৱিক ঔষধ ব্যৱহাৰ কৰা হয়। হাত-ধোৱা অভ্যাসৰ ফলত এনে ৰোগৰ হাৰ কমি যোৱাৰ বাবে প্ৰতিজৈৱিক ঔষধৰ ব্যৱহাৰো কমি যায় আৰু তাৰ ফলত বীজাণুৰ ঔষধ প্ৰতিৰোধী গুণ বৃদ্ধিতো বাধা পৰে। হাত-ধোৱা অভ্যাসে মানুহক ঔষধ প্ৰতিৰোধী বীজাণুৰ আক্ৰমণৰ পৰাও ৰক্ষা কৰে, যিবিলাক বীজাণুৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ চিকিৎসা সাধাৰণতে অতি কষ্টসাধ্য আৰু খৰচী হয়।
হাত-ধোৱাৰ উপকাৰিতা
·        চাবোন-পানীৰে ধুই হাত পৰিষ্কাৰকৈ ৰাখিলে বহুতো বেমাৰৰ পৰা নিজকে ৰক্ষা কৰিব পৰাৰ লগতে আনৰ গালৈ ৰোগৰ বীজাণু সংক্ৰমিত হোৱাতো বাধা দিব পাৰি।
·         নিয়মিত ভালদৰে হাত ধুই পানী লগা, মেনিন্‌জাইটিচ্‌, ব্ৰংকাইটিচ্‌, ইন্‌ফ্লুৱেঞ্জা, হেপাটাইটিচ্‌ এ আৰু প্ৰায়বোৰ বীজাণুজনিত হাগনি ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

হাত কেতিয়া ধুব লাগে?

·         খাদ্য প্ৰস্তুত কৰাৰ আগতে, কৰি থাকোঁতে আৰু পাছত
·         আহাৰ খোৱাৰ আগতে
·         ৰোগীৰ শুশ্ৰূষা কৰাৰ আগতে আৰু পাছত
·         কাৰোবাৰ দেহত হোৱা কটা ঘা বা অন্য ঘাৰ চিকিৎসা কৰাৰ আগেয়ে আৰু পাছত
·         শৌচ-প্ৰস্ৰাৱ কৰাৰ পাছত
·         শিশুৰ পিন্ধা-কাপোৰ সলনি কৰাৰ পাছত আৰু শৌচ-প্ৰস্ৰাৱ কৰা কেঁচুৱাক পৰিষ্কাৰ কৰাৰ পাছত
·         নাক পৰিষ্কাৰ কৰা, কাহ অথবা হাঁচি মৰাৰ পাছত
·         পশু, পশুখাদ্য অথবা পশুৰ শৌচ-প্ৰস্ৰাৱৰ সংস্পৰ্শলৈ অহাৰ পাছত
·         পোহনীয়া জন্তুক খুউৱা বা আপদাল কৰাৰ পাছত
·         পেলনীয়া বস্তু হাতেৰে চোৱাৰ পাছত

হাত ধোৱাৰ শুদ্ধ পদ্ধতিনো কি?

·         হাত দুখন নিয়মীয়া বা সহ্য কৰিব পৰাকৈ গৰম কৰা পানীৰে তিয়াই লওক আৰু ভালকৈ চাবোন সানক।
·         চাবোন টুকুৰা হাত দুখনত ভালকৈ ঘঁহি ফেনাবলৈ দিয়ক। এইটো নিশ্চিত কৰক যাতে হাত দুখনৰ পিঠি ফাল, আঙুলিবোৰৰ মাজ আৰু নখৰ গুৰিত চাবোন ভালদৰে ঘঁহা হয়।
·         প্ৰায় ২০ ছেকেণ্ড ধৰি এনেদৰে হাত দুখন ঘঁহি থাকক।
·         এতিয়া পৰিষ্কাৰ পানীৰে হাত দুখন ভালকৈ পুনৰ ধোৱক।
·         হাত দুখন পৰিষ্কাৰ গামোছা বা কাপোৰ এখনেৰে মছি শুকাওক।

টেপৰ পানী আৰু চাবোন নাথাকিলে কি কৰিব?

            যদি টেপৰ পানী আৰু চাবোন উপলব্ধ নহয়, তেন্তে ন্যূনতম ৬০ শতাংশ এলকহল থকা বজাৰত কিনিবলৈ পোৱা হাত পৰিষ্কাৰ কৰা পনীয়া দ্ৰৱ্য (Hand sanitizer)ব্যৱহাৰ কৰিব পাৰি। এনে ধৰণৰ দ্ৰৱ্যসমূহে হাতত থকা বীজাণুবোৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব নোৱাৰে যদিও সিহঁতৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰে।

            যদিহে হাত কেইখন বৰ লেতেৰা হৈছে বা তেলজাতীয় দ্ৰৱ্য লাগি আছে, তেন্তে এলকহল-যুক্ত হাত পৰিষ্কাৰ কৰা দ্ৰৱ্যবোৰে কাম নকৰিব; চাবোনেৰে ধুইহে তেনেদৰে লেতেৰা হোৱা হাত পৰিষ্কাৰ কৰিব লাগিব।

এলকহল-যুক্ত হাত পৰিষ্কাৰ কৰা দ্ৰৱ্য (Hand sanitizer) ব্যৱহাৰ কৰাৰ নিয়ম:
·         পোনতে এখন হাতত দ্ৰৱ্যবিধ প্ৰয়োগ কৰক।
·         এতিয়া দুয়োখন হাত ভালকৈ ঘঁহক।
·         যেতিয়ালৈকে হাত দুখন সম্পূৰ্ণৰূপে নুশুকায়, হাত দুখনৰ দুয়ো পিঠিত আৰু আঙুলিৰ মাজত দ্ৰৱ্যবিধ ভালদৰে ঘঁহি থাকক

আপোনাৰ স্বাস্থ্য আপোনাৰ হাতত!

Reference: Center for Disease Control and Prevention. (2011). Keeping hands clean. Retrieved from: http://www.cdc.gov/healthywater/hygiene/hand/handwashing.html

Saturday, September 8, 2018

বহু আৰু অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ নিদান আৰু চিকিৎসা


        পৰীক্ষাগাৰত ঔষধৰ প্ৰতি সংবেদনশীলতাৰ পৰীক্ষা (Drug susceptibility testing) কৰাটোৱেই হবহু-ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগ চিনাক্ত কৰাৰ প্ৰচলিত পদ্ধতি। ইয়াৰ দ্বাৰা যক্ষ্মাৰোগৰ বীজাণুৰ ওপৰত আইচনিয়াজিদ্‌, ৰিফাম্পিন্‌, ইথাম্বুটল্‌ আৰু পাইৰাজিনেমাইদ্‌ - এই চাৰিবিধ মূল ঔষধৰ ক্ৰিয়া সম্পৰ্কে জানিব পৰা যায়। কিন্তু এই প্ৰক্ৰিয়াৰ দ্বাৰা অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগ চিনাক্ত কৰিব নোৱাৰি। এই সমস্যাৰ সমাধানকল্পে উক্ত পৰীক্ষাত মূল চাৰিবিধ ঔষধৰ উপৰি আন দ্বিতীয় পৰ্য্যায়ৰ ঔষধো অন্তৰ্ভুক্ত কৰা হয়। এইধৰণৰ পৰীক্ষাক Bactec MGIT 960 System বোলা হয়। যদিওবা এই পদ্ধতি যথেষ্ট কাৰ্য্যক্ষম, ইয়াৰ দ্বাৰা বীজাণুৰ ঔষধ প্ৰতিৰোধী ক্ষমতা নিৰূপণ কৰাটো এক অতি ধীৰ প্ৰক্ৰিয়া।

          সম্প্ৰতি মাইকবেক্টেৰিয়াম্‌ টিউবাৰ্‌কুলচিচৰ ঔষধ প্ৰতিৰোধী ক্ষমতা নিৰূপণ কৰাৰ ক্ষেত্ৰত যথেষ্ট পদ্ধতিগত প্ৰগতি হৈছে। ২০১১ চনত কাঞ্চন নামৰ এজন বিজ্ঞানী আৰু তেওঁৰ সহযোগীসকলে Reverse Line Blot Hybridization Assay (RLBH) নামৰ এক পদ্ধতি আৱিষ্কাৰ কৰে, যাৰ সহায়ত অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগ কম সময়ৰ ভিতৰতে চিনাক্ত কৰিব পৰা যায়। ২০১৪ চনত ইম্পেৰিয়েল আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে Direct Nitrate Reductase Assay (D-NRA) নামৰ আন এটা পদ্ধতি আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়, যাৰ দ্বাৰা আইচনিয়াজিদ্‌, ৰিফাম্পিচিন্‌, কেনামাইচিন্‌ আৰু অফ্লক্সাচিন্‌ নামৰ চাৰিবিধ ঔষধৰ বিপক্ষে মাইকবেক্টেৰিয়াম্‌ টিউবাৰ্‌কুলচিচৰ ঔষধ প্ৰতিৰোধী ক্ষমতা একেসময়তে নিৰূপণ কৰিব পৰা যায়। এই পদ্ধতিৰ আন এটা উপযোগিতা হল এই যে কম খৰচতে যিকোনো সাধাৰণ পৰীক্ষাগাৰত এই পৰীক্ষাটো কৰিব পৰা যায়।

চিকিৎসা

বহু আৰু অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ চিকিৎসাৰ মূল নীতি একেটাই। ইয়াৰ বাবে প্ৰায় দুবছৰ ধৰি দীৰ্ঘকালীনভাৱে দ্বিতীয় পৰ্য্যায়ৰ যক্ষ্মাৰোগ-বিৰোধী ঔষধ প্ৰয়োগ কৰা প্ৰয়োজন। কিন্তু এই ক্ষেত্ৰত মূল অসুবিধাটো হল এই যে এনেবোৰ ঔষধ অতি দামী আৰু ইহঁতৰ পাৰ্শ্বক্ৰিয়াও অতি বেছি।

তালিকা: বহু ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োগ কৰা ঔষধসমূহ

ঔষধৰ প্ৰকাৰ
ঔষধ
গুৰুত্বপূৰ্ণ পাৰ্শ্বক্ৰিয়াসমূহ
এমাইনগ্লাইকচাইদ্‌
ষ্ট্ৰেপ্তমাইচিন্‌, কেনামাইচিন্‌, এমিকেচিন্‌, কেপ্ৰিয়মাইচিন্‌
বৃক্ক আৰু কৰ্ণত বিষক্ৰিয়া; তদুপৰি কেপ্ৰিয়মাইচিনৰ যকৃতত বিষক্ৰিয়া
থায়এমাইদচ্‌
ইথিয়নেমাইদ্‌, প্ৰথিয়নেমাইদ্‌
মানসিক ভাৰসাম্যহীনতা, যকৃতত বিষক্ৰিয়া
ফ্লকুইননচ্‌
ফ্লক্সাচিন্‌, লেভফ্লক্সাচিন্‌, মক্সাফ্লক্সাচিন্‌
খাদ্যনলীত বিষক্ৰিয়া,
কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ বিকাৰজনিত লক্ষণ
অন্যান্য
পাইৰাজিনেমাইদ্‌
যকৃতত বিষক্ৰিয়া, তেজত ইউৰিক এছিদৰ পৰিমাণ বাঢ়ি যোৱা
চাইক্লচেৰিন্‌
মূৰ্চ্ছা যোৱা, আত্মহননৰ প্ৰৱণতা
পেৰা-এমাইন চেলিচাইলিক্‌ এচিদ্‌  
যকৃতত বিষক্ৰিয়া, অতি-সংবেদনশীলতা
ইথাম্বুটল্‌
চকুৰ স্নায়ুজনিত বিকাৰ, শৰীৰৰ অন্য অংশৰ স্নায়ুজনিত বিকাৰ


বহু-ঔষধ প্ৰতিৰোধী যক্ষ্মাৰ তুলনাত অত্যন্ত ঔষধ প্ৰতিৰোধী যক্ষ্মাৰ ফলত হোৱা মৃত্যুৰ হাৰ অধিক, যিহেতু ইয়াৰ চিকিৎসাৰ বাবে থকা বিকল্প উপায় অতি সীমিত। অৱশ্যে সুখৰ কথা যে সম্প্ৰতি এইটো প্ৰমাণিত হৈছে যে উপযুক্ত সময়ত উন্নত চিকিৎসা প্ৰয়োগ কৰিলে, এনে ৰোগো নিৰাময় কৰা সম্ভৱ। কিন্তু, বহুবোৰ কাৰকৰ ওপৰত এনে চিকিৎসাৰ সফলতা নিৰ্ভৰ কৰে; যেনে: সংশ্লিষ্ট বীজাণুৰ ঔষধ-প্ৰতিৰোধী ক্ষমতাৰ প্ৰকৃতি আৰু পৰিসৰ, ৰোগৰ গভীৰতা, ৰোগীৰ ৰোগ-প্ৰতিৰোধী ক্ষমতাৰ অৱস্থা আৰু দ্বিতীয় পৰ্য্যায়ৰ ঔষধৰ উপলভ্যতা, ইত্যাদি।