ৰবাৰ্ট কক্ (১৮৪৩-১৯১০)
১৮৭০ খৃষ্টাব্দৰ শেষৰফালে জাৰ্মানীৰ
ৰবাৰ্ট কক্ নামৰ এজন গ্ৰাম্য চিকিৎসকে টেঁটুৱা (Anthrax) ৰোগ সম্পৰ্কে গৱেষণাৰ কামত হাত দিয়ে। এই ৰোগে গ্ৰামাঞ্চলৰ কৃষক আৰু
তেওঁলোকৰ পোহনীয়া পশুধন উভয়কে আক্ৰমণ কৰিছিল। তেওঁৰ সীমিত উপাৰ্জনেৰে কোনোমতে ক্ৰয়
কৰা এটা অণুবীক্ষণ যন্ত্ৰৰ তলত টেঁটুৱা ৰোগাক্ৰান্ত ব্যক্তি এজনৰ তেজ পৰীক্ষা কৰি
তেওঁ ডাঙৰ আকাৰৰ এবিধ বেক্টেৰিয়া প্ৰত্যক্ষ কৰে। তেওঁ ঠাৱৰ কৰিলে যে এই বেক্টেৰিয়াই
বোধহয় টেঁটুৱা ৰোগৰ কাৰক।
তেঁওৰ নিজা ঘৰৰে এটা সৰু কোঠালী পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰি তেওঁ এই সম্পৰ্কে গৱেষণা আৰম্ভ কৰিলে আৰু বহু কষ্ট কৰি বেক্টেৰিয়াবিধ বিশুদ্ধ ৰূপত পৰীক্ষাগাৰত পৰিৱৰ্দ্ধন কৰিবলৈ সক্ষম হয়। এই প্ৰচেষ্টা সফল কৰিবলৈ তেওঁ হাতত লোৱা প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁ অণুজীৱ বিজ্ঞানৰ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰযোজ্য বিভিন্ন পদ্ধতিও আৱিষ্কাৰ কৰে। তাৰ পাছত তেওঁ সেই বিশুদ্ধ বেক্টেৰিয়া স্বাস্থ্যবান পশুৰ দেহত বেজী দি সুমুৱাই দি সিহঁতৰ শৰীৰত টেঁটুৱা ৰোগ সৃষ্টি কৰিবলৈ সক্ষম হ’ল। ৰোগাক্ৰান্ত জন্তুবোৰৰ তেজ পৰীক্ষা কৰি তেওঁ তাৰ পৰা পুনৰ একেবিধ বেক্টেৰিয়া বিশুদ্ধ ৰূপত উদ্ধাৰ কৰিবলৈ সমৰ্থ হ’ল। এইদৰে তেওঁ বাৰে-বাৰে এই প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি কৰি প্ৰতিবাৰতে একেই ফলাফল লাভ কৰিলে আৰু শেষত তেওঁ আৱিষ্কাৰ কৰা বেক্টেৰিয়াবিধযে টেঁটুৱা ৰোগৰ কাৰক সেই সম্পৰ্কে নিশ্চিত হ’ল।
টেঁটুৱা ৰোগৰ দৰে এক অতি গুৰুত্বপূৰ্ণ বেমাৰ সম্পৰ্কে কৰা তেওঁৰ গৱেষণাত্মক কৰ্মৰাজিৰ জৰিয়তে অতি কম দিনৰ ভিতৰতে ৰবাৰ্ট কক্ সমগ্ৰ বিশ্বত প্ৰখ্যাত হৈ পৰিল। শীঘ্ৰেই তেওঁ নিজাববীয়াকৈ এক গৱেষণা প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ সক্ষম হ’ল আৰু আন আন গৱেষণা কৰ্মত আত্মনিয়োগ কৰি নতুন নতুন আৱিষ্কাৰৰ ধাৰা অব্যাহত ৰাখিলে।
সেই সময়ৰ অন্য প্ৰখ্যাত গৱেষকসকল, বিশেষকৈ লুই পাষ্টুৰৰ নেতৃত্বাধীন গৱেষক দলৰ সৈতে লগ লাগি তেওঁ সাম্প্ৰতিক কালত অণুজীৱ বিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণাত সঘনাই প্ৰয়োগ কৰা নানান গৱেষণা কৌশল উদ্ভাৱন কৰিলে। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য কিছু কৌশল হ’ল – বেক্টেৰিয়াৰ বিশুদ্ধকৰণ পদ্ধতি, কাঁচৰ পিৰীচ (প্লেট্), গোটা মাধ্যম, আগৰ আৰু জিলেটিন আদিৰ ব্যৱহাৰ, বেক্টেৰিয়াবোৰক ৰং কৰি অণুবীক্ষণ যন্ত্ৰৰ তলত সহজে নিৰীক্ষণ কৰিব পৰা প্ৰক্ৰিয়া, ইত্যাদি। তদুপৰি, ককে হাইজা (কলেৰা) আৰু যক্ষ্মা (টিউবাৰকুল’চিচ্) ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া কেইবিধো আৱিষ্কাৰ কৰে।
পাষ্টুৰ আৰু তেওঁ কৰা গৱেষণাৰ ফলশ্ৰুতিতে অণুজীৱৰ দ্বাৰা ৰোগ সৃষ্টি হ’ব পৰা তত্ত্বটো চিৰকালৰ বাবে গ্ৰহণযোগ্য হোৱাকৈ প্ৰতিষ্ঠিত হয়। ৰোগৰ কাৰক নিৰ্ণয় কৰিবলৈ তেওঁ উদ্ভাৱন কৰা প্ৰক্ৰিয়াটোত মূলতঃ নিম্নোক্ত চাৰিটা পৰ্য্যায় সন্নিৱিষ্ট হয়, যাক সম্প্ৰতি ককৰ সূত্ৰ হিচাপে জনা যায় -
·
প্ৰথম, ৰোগাক্ৰান্ত জীৱৰ পৰা কাৰকবিধ আহৰণ কৰি পৃথক কৰা
·
দ্বিতীয়, কাৰকবিধক পৰীক্ষাগাৰত বিশুদ্ধ ৰূপত পৰিৱৰ্দ্ধন কৰা
·
তৃতীয়, পৰীক্ষাগাৰত পৰিৱৰ্দ্ধিত
কাৰকবিধ স্বাস্থ্যবান পোষক (জীৱ-জন্তু)ৰ শৰীৰত সুমুৱাই দি সাইলাখ একে ৰোগ সৃষ্টি
কৰিবলৈ সক্ষম হোৱা
·
চতুৰ্থ, নতুনকৈ আক্ৰান্ত পোষকৰ
পৰা একেবিধ কাৰক পুনৰুদ্ধাৰ কৰা
No comments:
Post a Comment