পল আৰ্লিচ (১৮৫৪ - ১৯১৫)
পল আৰ্লিচে ৰবাৰ্ট ককৰ
গৱেষণাগাৰত কাম কৰিছিল আৰু তাতেই তেওঁ বেক্টেৰিয়া সম্পৰ্কীয় গৱেষণাৰ মৌলিক শিক্ষা
লাভ কৰিছিল। তেওঁ পোনপ্ৰথমে অণুবীক্ষণ যন্ত্ৰৰ তলত বিভিন্ন বেক্টেৰিয়াৰ অধ্যয়ন আৰু সিহঁতক চিনাক্ত কৰাৰ
বাবে ৰং কৰাৰ পদ্ধতি উদ্ভাৱন কৰে। লগতে তেওঁ জীৱকোষৰ ভিন-ভিন অংশ আচুতীয়াকৈ ৰং কৰি
অণুবীক্ষণ যন্ত্ৰৰ তলত অধ্যয়ন কৰাৰো পদ্ধতি উদ্ভাৱন কৰে। তেওঁ ধাৰণা কৰিছিল যে ৰং
কৰিবলৈ ব্যৱহাৰ কৰা একোটা ৰাসায়নিক দ্ৰব্যই যেনেকৈ একোবিধ নিৰ্দ্দিষ্ট বেক্টেৰিয়া
অথবা কোষৰ একোটা নিৰ্দ্দিষ্ট অংশৰ সৈতে এক বিশেষ ধৰণে বিক্ৰিয়া কৰে, ঠিক তেনেকৈ
বোধহয় এনে কোনো ৰাসায়নিক দ্ৰব্য পোৱা যাব, যি মানুহ বা জীৱ-জন্তুৰ শৰীৰত ৰোগ
সৃষ্টিকাৰী বীজাণুবোৰ মাৰি পেলাব পাৰে কিন্তু চৌ-পাশৰ জীৱকোষবোৰৰ ওপৰত কোনো প্ৰভাৱ
নেপেলায়। তেওঁ চিফিলিচ নামৰ এবিধ ৰোগৰ এক যাদুকৰী ঔষধ আৱিষ্কাৰ কৰাৰ বাবে প্ৰচেষ্টা
হাতত ল’লে। সেই সময়ত অৰ্থাৎ ঊনবিংশ শতিকাৰ শেষৰফালে এই ৰোগে মানুহৰ
মাজত বিভীষিকাৰ সৃষ্টি কৰিছিল। এই ৰোগ যৌন আচৰণৰ জৰিয়তে বিয়পে। শেষৰফালে আক্ৰান্ত
ৰোগীৰ মস্তিষ্কলৈও ৰোগৰ বীজাণু সংক্ৰমিত হয় আৰু তেওঁৰ মগজুৰ বিকৃতি ঘটে, আৰু
অৱশেষত মৃত্যুমুখত পৰে।
আৰ্লিচে বহুবছৰ ধৰি
কেইবাশও ৰাসায়নিক দ্ৰব্য পৰীক্ষা কৰি শেষত ১৯১০ চনত চিফিলিচ ৰোগৰ বীজাণু ধ্বংস
কৰিব পৰা এবিধ ৰাসায়নিক দ্ৰব্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। তেওঁ ইয়াৰ নাম থ’লে চেল্ভাৰ্চান (Salvarsan) বা যৌগ
৬০৬ (Compound 606)। এই আৱিষ্কাৰে ভৱিষ্যতে আন
আন অনুজীৱনাশক দ্ৰব্য আৰু প্ৰতিজৈৱিক পদাৰ্থ আৱিষ্কাৰৰ বাট উন্মোচন কৰে বুলিব
পাৰি।
পৰৱৰ্ত্তী কালত
১৯২৮ চনত আলেকজেণ্ডাৰ
ফ্লেমিঙে পেনিচিলিয়াম ন’টেটাম
নামৰ ভেঁকুৰ বিধৰ পৰা পেনিচিলিন নামৰ প্ৰতিজৈৱিক (Antibiotic) আৱিষ্কাৰ কৰাৰ কথা সকলোৰে জ্ঞাত। ঠিক তেনেকৈ
১৯৪০ চনত যক্ষ্মা ৰোগৰ বীজাণু বিনাশ কৰিব পৰা ষ্ট্ৰেপ্ত’মাইচিন নামৰ প্ৰতিজৈৱিকৰ আৱিষ্কাৰৰ
কাহিনীও অণুজীৱবিজ্ঞানৰ ইতিহাসৰ আন এক গৌৰৱোজ্জ্বল অধ্যায়।
অনুগ্ৰহ কৰি আপোনাৰ ই-মেইল ঠিকনাটো পঠিয়াবলৈ অনুৰোধ জনালোঁ। আমাৰ ই-মেইল ঠিকনা হৈছে: indgassam@gmail.com
ReplyDelete