এডৱাৰ্দ
জেনাৰ (১৭৪৯ – ১৮২৩)
আৰু টীকাকৰণ পদ্ধতিৰ আৱিষ্কাৰ
বসন্ত
বা বৰ আই মানৱ ইতিহাসৰ আটাইতকৈ ভয়াবহ সংক্ৰামক ৰোগবিলাকৰ ভিতৰত অন্যতম।
ৰোগাক্ৰান্ত ব্যক্তিৰ ভিতৰত প্ৰায় ৪০ শতাংশৰ মৃত্যু ঘটোৱা আৰু বাকীসকলৰ ভিতৰত অধিক
সংখ্যককে এক ভয়াবহ ভৱিষ্যতৰ গৰাহলৈ ঠেলি দিয়া এই ৰোগে হাজাৰ-হাজাৰ বছৰ ধৰি মানুহক
জ্বলা-কলা খুৱাইছিল।
প্ৰাচীন
কালতে চীনাসকলে লক্ষ্য কৰিছিল যে এবাৰ “আই সদৃশ”
বেমাৰত ভোগাসকলে পৰৱৰ্ত্তী জীৱন কালত বৰ আইৰ আক্ৰমণৰ পৰা ৰেহাই পাইছিল অৰ্থাৎ তেনে
লোকে এক ধৰণৰ প্ৰতিৰোধী ক্ষমতা লাভ কৰিছিল। খৃষ্টপূৰ্ব ৪৩০ মানতে চীনদেশত তেনে
লোকক বৰ আই ৰোগাক্ৰান্ত ব্যক্তিক শুশ্ৰূষা কৰাৰ কামত নিয়োগ কৰাৰ প্ৰমাণ পোৱা গৈছে।
চীনদেশৰ কোনো অজ্ঞাত ব্যক্তিয়ে বোধহয় এই কথা লক্ষ্য কৰিছিল যে আই সদৃশ ৰোগত
কম-বেছি পৰিমাণে যি ধৰণেই নোভোগক, আনকি সাধাৰণভাৱে শৰীৰৰ কোনো অংশত কেইটামান মাত্ৰ
জোলা ফুটা ব্যক্তি এজনেও পৰৱৰ্ত্তী সময়ত বৰ আইৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে। সেয়ে বোধহয়
তেওঁ তেনে কোনো ৰোগীৰ গাৰ শুকাই যোৱা ঘাৰ পৰা চোকোৰাটো সংগ্ৰহ কৰি আন এজনৰ শৰীৰত
ঘঁহি দি তেওঁক বৰ আই ৰোগ প্ৰতিৰোধী ক্ষমতা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল। যেতিয়া এই
পদ্ধতিটোৱে কাম কৰিলে, আন আন ব্যক্তিৰ ক্ষেত্ৰটো মানুহে এই পদ্ধতি প্ৰয়োগ কৰিবলৈ
ধৰিলে আৰু ক্ৰমশঃ এই পদ্ধতি খৃষ্টপূৰ্ব ২০০ মানতে ভাৰতবৰ্ষ আৰু তাৰ পাছত অষ্টদশ
শতিকাত ইউৰোপ মহাদেশলৈও প্ৰসাৰিত হ’ল। সেই
সময়ত এই পদ্ধতিটোক ‘ইন’কুলেচন’ বা ‘ভেৰিয়’লেচন’ বোলা হৈছিল। এই পদ্ধতিৰ একমাত্ৰ সমস্যাটো আছিল এই যে যিহেতু
ঘাৰ চোকোৰাটোত থকা ৰোগ সৃষ্টিকাৰী বীজাণু (ভাইৰাচ) অপৰিৱৰ্ত্তিত অৱস্থাত আছিল,
গতিকে এই পদ্ধতি প্ৰয়োগ কৰিলে ব্যক্তি এজনে কম-বেছি পৰিমাণে বেমাৰত আক্ৰান্ত হৈছিল
আৰু পৰৱৰ্ত্তী সময়ত তেওঁৰ পৰা আনৰ গালৈও ৰোগ বিয়পিছিল।
১৬৭০
খৃষ্টাব্দ মানত তাৰ্কিৰ ‘অ’টমান’
সাম্ৰাজ্যলৈ এই পদ্ধতি সদাগৰসকলে বিদেশৰ পৰা আমদানি কৰিলে। ১৭১৪ চনত ইমানুৱেল টিম’নিয়ে লণ্ডনৰ ৰাজন্য সমাজ (ৰয়েল চচাইটি)লৈ এখন চিঠি লিখি তাৰ্কিৰ ইষ্টানবুলত এই সম্পৰ্কে হোৱা তেওঁৰ অভিজ্ঞতাৰ কথা বিস্তৃতভাৱে জনালে। ১৭১৬ চনত
জিয়াক’ম’ পিলাৰিন’ নামৰ
ব্যক্তি এগৰাকীয়েও একে অভিজ্ঞতা সম্পৰ্কে আন এখন চিঠি লিখিলে।
১৭১৭ খৃষ্টাব্দত এডৱাৰ্দ ৱৰ্টলি মণ্টাগক
তাৰ্কিৰ চাবলাইম প’ৰ্টত ইংলেণ্ডৰ
ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়। তেওঁৰ পত্নী মেৰীয়ে ১৭১৫ চনত বৰ আই ৰোগত
আক্ৰান্ত হৈছিল আৰু ফলস্বৰূপে তেওঁৰ সমগ্ৰ মুখমণ্ডল বেয়াকৈ বিকৃত হৈ বিভৎস ৰূপ
লৈছিল। তদুপৰি প্ৰায় ১৮ মাহৰ পাছত মেৰীৰ ২০-বছৰীয়া ভায়েকো এই ৰোগত আক্ৰান্ত হৈ
মৃত্যু মুখত পৰিছিল। ১৭১৭ চনত তাৰ্কিত উপস্থিত হোৱাৰ কেইসপ্তাহমানৰ পাছতে মেৰীয়ে
তেওঁৰ বন্ধুসকললৈ ‘অট’মান’
সাম্ৰাজ্যত প্ৰচলিত ‘ভেৰিয়’লেচন’
প্ৰক্ৰিয়া সম্পৰ্কে চিঠি লিখি জনাইছিল। বৰ আইৰ পৰা তেওঁৰ পৰিয়ালটোক ৰক্ষা কৰাৰ
বাবে লেডী মেৰী ইমানেই আগ্ৰহী আছিল যে তেওঁ ৰাষ্ট্ৰদূত কাৰ্য্যালয়ৰ চিকিৎসক চাৰ্লচ
মেইটলেণ্ডক তেওঁৰ ৫-বছৰীয়া পুত্ৰক ‘ভেৰিয়’লেচন’
কৰিবলৈ আদেশ দিলে আৰু ১৭১৮ চনৰ মাৰ্চ মাহত এই কাম সম্পন্ন কৰা হ’ল।
পাছত
১৭২১ চনৰ এপ্ৰিল মাহত লণ্ডনলৈ ঘূৰি অহাৰ পাছত লেডী মেৰী মণ্টাগে ৰাজ পৰিয়ালৰ চিকিৎসকসকলৰ
উপস্থিতিত চাৰ্লচ মেইটলেণ্ডৰ হতুৱাই তেওঁৰ ৪-বছৰীয়া জীয়াৰীক ‘ভেৰিয়’লেচন’ কৰোৱালে। পৰৱৰ্ত্তী সময়ত ১৭২১ চনৰ ৯ আগষ্টত ৰজাৰ সন্মতি
সাপেক্ষে নিউগেট নামৰ ঠাইত ছজন কাৰাবন্দীৰ শৰীৰত পৰীক্ষামূলকভাৱে ‘ভেৰিয়’লেচন’ কৰিবলৈ চাৰ্লচ মেইটলেণ্ডক অনুমতি দিয়া হ’ল। এই প্ৰচেষ্টাত সহযোগ কৰাৰ বাবে বন্দীকেইজনে ৰজাৰ বিশেষ
কৃপাও লাভ কৰিবলৈ সক্ষম হ’ল। ৰাজ
দৰবাৰৰ বহুতো চিকিৎসক আৰু ৰাজসভাৰ সদস্যসকলো এই পৰীক্ষাৰ সাক্ষী হৈ ৰ’ল। ‘ভেৰিয়’লেচন’ কৰাৰ পাছত সকলো বন্দীয়েই নিৰোগী হৈ থাকিল আৰু পৰৱৰ্ত্তী
কালত বৰ আইৰ কবলৰ পৰা তেওঁলোক ৰক্ষা পৰা দেখা গ’ল।
১৭২২
চনৰ ১৭ এপ্ৰিলত মেইটলেণ্ডে ৱেলচৰ ৰাজকুমাৰীৰ দুই কন্যাক ‘ভেৰিয়’লেচন’ কৰিলে। সেইখিনি সময়তে এই পদ্ধতি নতুন
বিশ্ব অৰ্থাৎ আমেৰিকালৈও প্ৰসাৰিত হ’ল।
১৭৬৬ চনত আমেৰিকান সেনাই জৰ্জ ৱাছিংটনৰ নেতৃত্বত যুদ্ধ কৰিও বৃটিছ সৈন্যবাহিনীৰ
কবলৰ পৰা কুইবেকক মুক্ত কৰিবলৈ অপাৰগ হয়, কাৰণ সেই সময়ত দেখা দিয়া বসন্ত মহামাৰীয়ে
তেওঁলোকৰ বহুতো সেনাৰ মৃত্যু ঘটায়। অন্যহাতে বৃটিছ সেনাসকলক ইতিমধ্যে যিহেতু ‘ভেৰিয়’লেচন’ কৰা হৈছিল, গতিকে তেওঁলোকে এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ
সক্ষম হৈছিল। জৰ্জ ৱাছিংটনে তেওঁৰ পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰি এই শিক্ষা গ্ৰহণ কৰিলে
আৰু ১৭৭৭ চন পৰ্য্যন্ত আমেৰিকান সেনাৰ যিকোনো নতুন যুদ্ধ অভিযানৰ আগেয়ে ‘ভেৰিয়’লেচন’ কৰাটো নিশ্চিত কৰিলে।
এনে এক
পটভূমিতে ১৭৪৯ চনৰ ১৭ মে’ত গ্ল’চেষ্টাৰচায়াৰৰ বাৰ্কলে’ নামৰ ঠাইত এডৱাৰ্দ জেনাৰৰ জন্ম হয়। ১৭৫৭ চনত ৮-বছৰ বয়সতে
জেনাৰক ইংলেণ্ডৰ আন হাজাৰজন শিশুৰ দৰেই ‘ভেৰিয়’লেচন’ কৰা হ’ল।
১৩ বছৰ
বয়সত তেওঁ ব্ৰিষ্টল চহৰৰ ওচৰৰ চ’ডবাৰী
নামৰ এখন ঠাইত এজন গ্ৰাম্য চিকিৎসকৰ সহকাৰীৰূপে নিযুক্ত হয়। এইখিনি সময়তে তাত লগ
পোৱা এগৰাকী গোপালিকাই কোৱা শুনিলে, “মই
কেতিয়াও বৰ আইৰ দ্বাৰা আক্ৰান্ত নহওঁ, কাৰণ মই ইতিমধ্যে ‘গৰুৰ বসন্ত’ৰ
দ্বাৰা আক্ৰান্ত হৈছোঁ। মুখমণ্ডলত ঘা হৈ কুশ্ৰী ৰূপ হোৱাৰ ভয় মোৰ নাই।”
১৭৯৬ চনৰ মে’ মাহত জেনাৰে চাৰা
নেল্মচ নামৰ এগৰাকী গোপালিকাক লগ পালে যাৰ হাত আৰু বাহুত অলপতে তেওঁৰ শৰীৰত হৈ
যোৱা গৰুৰ বসন্ত ৰোগৰ দাগ স্পষ্ট হৈ আছিল। বহুবছৰৰ আগতেই শুনা আন এগৰাকী তেনে গোপালিকাৰ
কাহিনীটো জেনাৰৰ মনত আছিল। ১৭৯৬ চনৰ ১৪ মে’ তাৰিখে জেনাৰে চাৰাৰ শৰীৰৰ পৰা সংগ্ৰহ কৰা ঘাৰ চোকোৰাৰ
নমুনা জেমচ্ ফিফ্ নামৰ এজন ৮-বছৰীয়া ল’ৰাৰ গাত সুমাই দিলে। কেইদিনমানৰ ভিতৰতে ল’ৰাজনে সামান্য
জ্বৰত আক্ৰান্ত হ’ল আৰু কাষলতিৰ তলত
অলপ বিষ অনুভৱ কৰিলে। ৯ দিনৰ পাছত তেওঁ ঠাণ্ডা অনুভৱ কৰিলে আৰু তেওঁৰ ভোক প্ৰায়
নোহোৱা হ’ল; কিন্তু পিছদিনাই
তেওঁ নিজকে বহুত সুস্থ অনুভৱ কৰিলে।
একে বছৰৰে জুলাই মাহত জেনাৰে ল’ৰাটোৰ গাত বৰ আই
আক্ৰান্ত ৰোগীৰ গাৰ পৰা সংগ্ৰহ কৰা একে ধৰণৰ নমুনা সুমুৱাই দিলে; কিন্তু দেখা গ’ল তৎস্বত্তেও ল’ৰাজন সুস্থ হৈয়ে
থাকিল। সেয়েহে জেনাৰে সিদ্ধান্ত কৰিলে যে ল’ৰাজনে বসন্ত ৰোগৰ বিৰুদ্ধে সম্পূৰ্ণ প্ৰতিৰোধী
ক্ষমতা অৰ্জন কৰিছে।
১৭৯৭ চনত জেনাৰে লণ্ডনৰ ৰাজন্য সমাজলৈ তেওঁৰ
সমগ্ৰ পৰীক্ষা-নিৰীক্ষা সম্পৰ্কে বিশদ বিৱৰণ দি এক টোকা প্ৰেৰণ কৰিলে। কিন্তু
দুৰ্ভাগ্যবশতঃ তেওঁৰ এই টোকা গৃহীত নহ’ল। অৱশেষত ১৭৯৮ চনত অন্যান্য গৱেষণালব্ধ অভিজ্ঞতা সংযোগ কৰি
তেওঁ নিজে এখন পুস্তিকা প্ৰকাশ কৰিলে। লেটিন ভাষাত গাইগৰুক ‘ভেক্কা’ বোলা হয় আৰু সেয়ে জেনাৰে তেওঁ আৱিষ্কাৰ কৰা
পদ্ধতিটোক ‘ভেক্সিনেচন’ বুলি নামকৰণ
কৰিলে, যাক অসমীয়া ভাষাত আমি ‘টীকাকৰণ’ বোলোহঁক।
পৰৱৰ্ত্তী সময়ত ‘ভেক্সিনেচন’ পদ্ধতিয়ে সকলোৰে
স্বীকৃতি আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ল। ১৮০২ চনত বৃটিছ সংসদে এডৱাৰ্দ জেনাৰক এই
অৱদানৰ স্বীকৃতি স্বৰূপে ১০,০০ পাউণ্ড পুৰস্কাৰ প্ৰদান কৰিলে। পাঁচ বছৰৰ পাছত
তেওঁক পুনৰ সংসদে ২০,০০০ পাউণ্ডৰ পুৰস্কাৰ প্ৰদান কৰিলে। তেতিয়াৰ পৰা লাহে-লাহে এই
পদ্ধতি সমগ্ৰ বিশ্বতে এক প্ৰতিষ্ঠিত পদ্ধতিৰূপে পৰিগণিত হ’ল।
No comments:
Post a Comment